ETV Bharat / state

গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখথেকেচা দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া ৰৌণক আলীৰ - Gauhati HC on Rounak Ali case - GAUHATI HC ON ROUNAK ALI CASE

GHC on Rounak Ali Case : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান অনুসৰি, এতিয়াৰে পৰা আয় বহিৰ্ভূত গোচৰ পঞ্জীয়নৰ ক্ষেত্ৰত বিভাগীয় অনুমতিৰ প্ৰয়োজন নাথাকিব । তদন্তকাৰী বিষয়াই নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিব পাৰিব । ৰৌণক আলী হাজৰিকাই আৰক্ষীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ।

GHC on Rounak Ali Case
হাইকোৰ্টত মুখ থেকেচা ৰৌণক আলী হাজৰিকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 9:41 PM IST

গুৱাহাটী, ৩ জুন : গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখথেকেচা খালে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাই । আয় বহিৰ্ভূত সম্পত্তিৰ তদন্তৰ ক্ষেত্ৰত স্থগিতাদেশ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল ৰৌণক আলী হাজৰিকাই । সোমবাৰে ন্যায়ালয়ে এই আবেদন নাকচ কৰে ।

GHC on Rounak Ali Case
গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ (ETV Bharat Assam)

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণদেৱ চৌধুৰীৰ এজনীয়া বিচাৰপীঠে এইক্ষেত্ৰত সোমবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে । এই ৰায়দান অনুসৰি, এতিয়াৰে পৰা আয় বহিৰ্ভূত গোচৰ পঞ্জীয়নৰ ক্ষেত্ৰত বিভাগীয় অনুমতিৰ প্ৰয়োজন নাথাকিব । তদন্তকাৰী বিষয়াই নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিব পাৰিব । ৰৌণক আলী হাজৰিকাই আৰক্ষীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ।

আদালতত আৰক্ষী বিষয়াগৰাকীৰ অধিবক্তাই যুক্তি দিছিল যে দুৰ্নীতি নিবাৰক আইনৰ 17 (ক) ধাৰামতে এনে গোচৰ পঞ্জীয়নৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ অনুমতিৰ প্ৰয়োজন ৷ কিন্তু আয় বহিৰ্ভূত সম্পত্তিৰ ক্ষেত্ৰত এই ধাৰা প্ৰযোজ্য নহয় বুলি ৰায়দান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

উল্লেখ্য যে বৰ্তমান জামিনত আছে অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা । আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত কাৰাবন্দী হৈ আছিল ৰৌণক আলী হাজৰিকা । উল্লেখ্য যে বহুতকে জে'লৰ ভাত খুৱাই নিজেই কাৰাবন্দী হৈ থাকিবলগীয়া হৈছিল অসম আৰক্ষীৰ ডি আই জি ৰৌণক আলী হাজৰিকা ৷

ৰৌণক আলীৰ টকা-পইচাৰ লেনদেনৰ তথ্য খুঁচৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ চকু কপালত উঠিছিল ৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে বহু বিস্ফোৰক তথ্য লাভ কৰিছিল ৰৌণকৰ বিৰুদ্ধে ৷ চৰকাৰৰ অনুমতি নোলোৱাকৈয়ে বহুকেইখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল তেওঁ ।

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযানত নিজে কৰা আয়তকৈ অধিক সম্পত্তিৰ অধিকাৰী আছিল ৰৌণক আলী হাজৰিকা ৷ ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ । মুঠ সম্পত্তিৰ মূল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা ।

তদুপৰি, বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিচত ২০২১ চনৰ ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক :গুলী চালনাৰে আতংকৰ সৃষ্টি কৰি ৰঙা ঘৰৰ আলহী হ’ল খোদ আৰক্ষী বিষয়া ! আচলতে হৈছিল কি ! - Firing Incident

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.