ETV Bharat / state

জাহাংগীৰৰ পৰিয়ালক এককালীন সাহায্য প্ৰদানৰ দাবী : বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ - Dhakuakhana murder case

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 6:56 PM IST

Jahangir Hussain murder case : জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷ পৰিয়ালটোক এককালীন সাহায্য প্ৰদানৰ উঠিছে দাবী ৷

Jahangir Hussain murder case
গৰিয়া-মৰিয়া দেশী পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি (ETV Bharat Assam)

ধুবুৰী, 23 জুন: জাহাংগীৰ হুছেইন হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে গৰিয়া-মৰিয়া দেশী পৰিষদে ৷ দেওবাৰে জাহাংগীৰৰ ধুবুৰীৰ ফলিমাৰীস্থিত বাসগৃহত গৰিয়া-মৰিয়া দেশী পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি উপস্থিত হৈ পৰিয়ালটোৰ বুজ লয় ।

লখিমপুৰৰ ঢকুৱাখনাত জাহাংগীৰ হুছেইনৰ মৃত্যুৰ খবৰ নিশ্চিত হোৱাৰ পিচতে কান্দোনত ভাঙি পৰিছে পৰিয়ালটো ৷ পৰিয়ালটোৱে আজিও জানাজা সম্পন্ন কৰাৰ বাবে জাহাংগীৰৰ মৃতদেহ বিচাৰি আছে ৷ গৰিয়া-মৰিয়া দেশী পৰিষদৰ উপ-সভাপতি মুজামিল হকে ধুবুৰী জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকক পৰিয়ালটোৰ বুজ ল’বলৈ আহ্বান জনায় । তদুপৰি জাহাংগীৰক কোনে হত্যা কৰিলে তাৰ উচিত তদন্ত বিচাৰি দোষীক শাস্তি প্ৰদান কৰাৰো দাবী জনায় গৰিয়া-মৰিয়া দেশী পৰিষদে ৷

লগতে পঢ়ক: ঢকুৱাখনাৰ হত্যাকাণ্ড : মাৰাথন জেৰা অভিযুক্তৰ পৰিয়ালৰ সদস্যক

আনহাতে ঢকুৱাখনাত হত্যাৰ বলি হোৱা জাহাংগীৰৰ পৰিয়াল থকা ঘৰটোৰ অৱস্থা অতিকৈ শোচনীয় ৷ ঘৰখনত বিগত প্ৰায় ২০ দিনে জ্বলা নাই চৌকা ৷ এটুপি বিশুদ্ধ খোৱাপানীৰো নাই ব্যৱস্থা ৷ ২০ দিনে স্থানীয় লোকৰ ঘৰত আশ্ৰয় লৈ থকা জাহাংগীৰৰ পৰিয়ালৰ লোক দেওবাৰে উপস্থিত হয় নিজৰ ঘৰখনত ৷

ঘৰখনত উপস্থিত হৈয়েই পুনৰ কান্দোনত ভাগি পৰে জাহাংগীৰৰ পত্নী, সন্তান আৰু মাতৃ । গৰিয়া-মৰিয়া দেশী পৰিষদৰ উপ-সভাপতিগৰাকীয়ে জাহাংগীৰৰ পৰিয়ালৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কিছু আৰ্থিক সাহায্য আগবঢ়ায় ৷ আনহাতে জাহাংগীৰ হুছেইনৰ এটি কণমানি কন্যা সন্তানৰ পঢ়া-শুনাৰ দায়িত্বৰ লগতে ভৱিষ্যতত এগৰাকী ভাল মানুহ হোৱাৰ স্বাৰ্থত চৰকাৰে যাৱতীয় বিনামূলীয়া সুবিধা প্ৰদান কৰাৰ দাবী কৰে গৰিয়া-মৰিয়া দেশী পৰিষদে ৷ তদুপৰি জাহাংগীৰৰ পৰিয়ালক ৫০ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ বাবেও অসম মুখ্যমন্ত্ৰীৰ প্ৰতি দাবী জনায় ৷

লগতে পঢ়ক: সুনীল গগৈ নে জাহাংগীৰ হুছেইন- অৰ্ধদগ্ধ মৃতদেহটো কাৰ আছিল ?

উল্লেখ্য যে লখিমপুৰৰ ঢকুৱাখনাত সুনীল গগৈ নামৰ এজন লোকক হত্যা কৰা বুলি খবৰ ওলাইছিল ৷ ইয়াৰ পিচতে উদ্ধাৰ হৈছিল মুণ্ডহীন এটা মৃতদেহ ৷ সেই মৃতদেহটো সুনীল গগৈৰ বুলি প্ৰথমে ধাৰণা কৰা হৈছিল যদিও ডি এন এ পৰীক্ষাৰ অন্তত মৃতদেহটো জাগাংগীৰ হুছেইনৰ বুলি নিশ্চিত হৈছিল ।

ইয়াৰ পিচতে সুনীল গগৈক পলাতক ঘোষণা কৰে লখিমপুৰ আৰক্ষীয়ে ৷ সুনীল গগৈৰ পৰিয়ালে এক নাটক ৰচনা কৰি জাহাংগীৰ হুছেইন নামৰ ৰাজমিস্ত্ৰীজনক হত্যা কৰাৰ সন্দেহ কৰা হয় ৷ সম্প্ৰতি সুনীল গগৈৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: সুনীল গগৈৰ বাসগৃহৰ চৌহদৰ পুখুৰীত জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.