ETV Bharat / state

চৰকাৰে পাহৰিলে পূৰ্ণানন্দ গগৈক : আজিও নাপালে কোনো চৰকাৰী সুবিধা - Freedom fighter Purnananda Gogoi

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 5:59 PM IST

Comrade Purnanada Gogoi: এসময়ত তেওঁ আছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দেহৰক্ষী ৷ তেওঁ আজাদ হিন্দ ফৌজৰো আছিল অন্যতম সেনানী ৷ কিন্তু আজি তেওঁ উপেক্ষিত ৷ মানুহে তেওঁক কমৰেড বুলি কয় ৷ কোন তেওঁ, পঢ়ক সবিশেষ...

Comrade Purnanada Gogoi
FREEDOM FIGHTER PURNANANDA GOGOI (ETV Bharat Assam)

আমগুৰি, 20 জুন: আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস । এই বিষ্ণু ৰাভা দিৱসতে চৰ্চালৈ আহিছে এজন কমৰেডৰ প্ৰসংগ । শিৱসাগৰ জিলাৰ আমগুৰিৰ দ্বিতীয় কমৰেড হিচাপে পৰিচিত ৯৮ বছৰীয়া এইজন চৰ্চিত ব্যক্তি হ'ল কমৰেড পূৰ্ণানন্দ গগৈ ।

উপেক্ষিত কমৰেড পূৰ্ণানন্দ গগৈ (ETV Bharat Assam)

নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ অন্যতম এজন সেনানী তথা স্বাধীনতা আন্দোলনৰ বীৰ যোদ্ধা পূৰ্ণানন্দ গগৈ আছিল বিষ্ণু প্ৰসাদ ৰাভাৰ দেহৰক্ষী । ১৯৪৫ চনত গগৈয়ে সান্নিধ্য লাভ কৰে বিষ্ণু প্ৰসাদ ৰাভাৰ । তেওঁৰ দেহৰক্ষী হিচাপে কৰ্মৰত আছিল পূৰ্ণানন্দ গগৈ । অটব্য হাবি-জংঘলত বৃটিছৰ কৱলৰ পৰা দেশৰ স্বাধীনতা উদ্ধাৰৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত পূৰ্ণানন্দ গগৈয়ে বিষ্ণু ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল ।

লগতে পঢ়ক: আজি বিষ্ণু ৰাভা দিৱস, জানো আহক এইগৰাকী মহান ব্যক্তিৰ জীৱনৰ ইটো-সিটো - Rabha Divas 2024

দেহৰক্ষী হিচাপে কৰ্মৰত পূৰ্ণানন্দ গগৈয়ে স্বাধীনতাৰ মুখ দেখিলে যদিও নিজে পৰাধীন হৈ ৰ'ল । স্বাধীনতা আন্দোলনত জঁপিয়াই বহুবাৰ কাৰাবাস খটা, হাতত গুলী লাগি ঘূণীয়া হোৱাৰ পিচতো আজিও পূৰ্ণানন্দ গগৈয়ে নাপালে চৰকাৰী সুবিধা । মুক্তিযুঁজাৰু পেঞ্চন বাদেই এইজন সেনানীক ৰজাঘৰে চৰকাৰী বাসগৃহ এটা দিলে হয় কিন্তু আজি আধৰুৱা উৰুখা পঁজাতে জীৱনৰ ৯৮ টা বছৰ অতিক্ৰম কৰিলে কমৰেড পূৰ্ণানন্দ গগৈয়ে ৷

আজিও তেওঁ তজবজীয়া হৈয়ে আছে । বয়সৰ আঁচোৰ পৰিলেও সমাজৰ হিতৰ কাৰণে ঘূৰি ফুৰা এইজন কমৰেডলৈ শাসনাধিষ্ঠিত চৰকাৰৰ দৃষ্টি পৰিবনে ? বিষ্ণু ৰাভাৰ দেহৰক্ষী হৈ ধন্য হোৱা পূৰ্ণানন্দ গগৈক ৰজাঘৰে এলাগী কৰিছে । স্বাধীনতা আন্দোলনৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষী পূৰ্ণানন্দ গগৈ । বিষ্ণু ৰাভা দিৱসৰ পৱিত্ৰ দিনটোতে এইজন কমৰেডৰ জীৱনৰ কৰুণ গাঁথা আৰু চৰকাৰী বঞ্চনাৰ কাহিনীয়ে গলাব পাৰিবনে চৰকাৰৰ হৃদয় ? নে এনেদৰেই বঞ্চিত হৈ ৰ'ব পূৰ্ণানন্দ গগৈ ।

লগতে পঢ়ক: আজি কলাগুৰুৰ ৫৬ তম স্মৃতি দিৱস : তেজপুৰত জিলা প্ৰশাসনে জনালে শ্ৰদ্ধাঞ্জলি - DEATH ANNIVERSARY OF BISHNU RABHA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.