ETV Bharat / state

প্ৰৱঞ্চনাৰ জাল পেলাই কোটি টকা লুণ্ঠন; গোলকগঞ্জ থানাৰ আলহী অভিযুক্ত

Money Scam: গোলকগঞ্জত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল । বহু লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত লকআপত সোমাল ইনামুল হুছেইন নামৰ এজন ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Money Scam
গোলকগঞ্জ থানাৰ আলহী প্ৰৱঞ্চক (ETV Bharat)

ধুবুৰী : ট্ৰেডিং কেলেংকাৰীক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ আন এক প্ৰৱঞ্চনাৰ কথা পোহৰলৈ আহিছে । বিশাল ফুকন বা চুমি বৰা নহয় এইবাৰ প্ৰৱঞ্চনাৰ নেতৃত্বত ইনামুল হুছেইন ! ধন দুগুণ কৰি দিয়াৰ প্ৰলোভনেৰে কোটি কোটি টকা সংগ্ৰহৰ অভিযোগ ইনামুলৰ বিৰুদ্ধে । দুগুণ ধনটো বাদে দিয়ক মূলধনখিনিও ঘূৰাই নাপায় হাহাকাৰ কৰিছে বিনিয়োগকাৰীয়ে ।

কম সময়ত দুগুণ লাভৰ প্ৰলোভন

ধুবুৰীৰ গোলকগঞ্জৰ পৰা এই প্ৰৱঞ্চনাৰ ঘটনাৰ তথ্য পোহৰলৈ আহিছে । ভুক্তভোগীৰ অভিযোগ অনুসৰি ইনামুল হুছেইন নামৰ লোকজনে কয়লাৰ ব্যৱয়ায়ত ধন বিনিয়োগৰ আশ্বাস দিছিল । সেই আশ্বাসেৰে তেওঁ বিনিয়োগকাৰীক কম সময়ৰ ভিতৰতে ধন দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

কেৱল এয়াই নহয় মানুহক বিশ্বাস দিবলৈ ইনামুলে চুক্তিপত্ৰও স্বাক্ষৰ কৰিছিল । গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ বেৰভাঙীৰ ইনামুল হুছেইন এনেদৰে প্ৰৱঞ্চনাৰ জাল পেলাই নালিয়া অঞ্চলৰ বিভিন্ন জনৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল ।

প্ৰৱঞ্চনাৰ জাল পেলাই কোটি টকা লুণ্ঠন (ETV Bharat)

আটক প্ৰৱঞ্চক

কিন্তু লোকসকলে ধন ঘূৰাই বিচৰাত সকলো ৰহস্য ফাদিল হয় । ধন ঘূৰাই বিচৰা আৰম্ভ কৰাৰ লগে লগে ইনামুলে আত্মগোপন কৰে । অৱশেষত ভুক্তভোগী লোকসকলে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে । তাৰ পিছতে প্ৰৱঞ্চক ইনামুল হুছেইনে আন এখন নাটক ৰচনা কৰে ।

অভিযুক্ত ইনামুলে লোকসকলক শীঘ্ৰে ধন ঘূৰাই দিয়াৰ আশ্বাস দিয়ে আৰু ভুক্তভোগীসকল প্ৰৱঞ্চকৰ ছলাহী কথাত ভোল যায় । কিন্তু ধন ঘূৰাই দিয়াৰ পৰিৱৰ্তে ইনামুলে পুনৰ আত্মগোপন কৰে । এইবাৰ ভুক্তভোগীসকলে ইনামুলক ৰেহাই নিদিয়াৰ সিদ্ধান্ত লয় আৰু পুনৰ গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে । সম্প্ৰতি অভিযুক্ত প্ৰৱঞ্চক ইনামুল হুছেইনক আৰক্ষীয়ে আটক কৰিছে ।

ইনামুল আটক হ'লেও সংকটমুক্ত হোৱা নাই ভুক্তভোগীসকল । কিয়নো অধিক লাভৰ আশাত কোনোৱে যদি ঘৰৰ হাঁহ, ছাগলী, গৰু আদি বিক্ৰী কৰিছিল ৷ কোনোৱে আকৌ আ-অলংকাৰ বন্ধকত থৈছিল আৰু তাৰ পৰা লাভ কৰা ধন ইনামুলক দিছিল । কিন্তু দুগুণ ধন লাভ কৰাটো দূৰৰে কথা এতিয়া বিনিয়োগ কৰা ধনখিনিও ঘূৰাই পাব নে নাই তাৰ কোনো নিশ্চয়তা নাই । যাৰ বাবে চিন্তিত হৈ পৰিছে ভুক্তভোগীসকল ।

লগতে পঢ়ক :প্ৰ-পত্ৰ পূৰণ কৰি চি বি আইক হিচাপ দিছে বিনিয়োগকাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.