ETV Bharat / state

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি গছৰ তলতে বহিল এগৰাকী প্ৰাক্তন মন্ত্ৰী - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

লাখুটিৰ ওপৰত ভৰ দি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল ৰঙিয়াৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন শিক্ষা তথা ৰাজহ মন্ত্ৰী থানেশ্বৰ বড়ো । ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি জ্যেষ্ঠ নাগৰিকৰ বাবে থকা সুবিধাৰ পৰা বঞ্চিত হ'ল জ্যেষ্ঠ নেতাগৰাকী । উপস্থিত ৰাইজৰ সহযোগত ভোটদান কৰিলে প্ৰাক্তন বিধায়কগৰাকীয়ে ।

Former MLA Thaneshwar Bodo sat under a tree to cast his vote in Rangia
ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি বিপাঙত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো
author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 4:21 PM IST

Updated : Apr 27, 2024, 11:20 AM IST

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি বিপাঙত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো

ৰঙিয়া,২৬ এপ্ৰিল: আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধ । পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোট দি জয়যুক্ত কৰিবলৈ হিলদ'ল ভাঙি ওলাই আহিছে সৰ্বসাধাৰণ ৰাইজ । নতুন ভোটাৰকে আদি কৰি অশীতিপৰ বৃদ্ধয়ো সাব্যস্ত কৰিছে ভোটাধিকাৰ । ইয়াৰ মাজতে দেখা গ'ল এখন বিশেষ ছবি । বাৰ্ধক্যকো নেওচি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল এগৰাকী প্ৰাক্তন মন্ত্ৰী ।

লাখুঁটিত ভৰ দি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল ৰঙিয়াৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন শিক্ষা তথা ৰাজহ মন্ত্ৰী থানেশ্বৰ বড়ো । নৰীয়া দেহাৰেই ৰঙিয়াৰ ৭৮ নং সিদ্ধিনাথ বিদ‍্যামন্দিৰ হাইস্কুল কেন্দ্ৰত ভোটাধিকাৰ সাব‍্যস্ত কৰিলে জেষ্ঠ অগপ নেতাগৰাকীয়ে । কিন্তু ভোট দিবলৈ আহি বিপাঙত পৰিল জ্যেষ্ঠ নেতাগৰাকী । গছৰ তলতে বহি অপেক্ষা কৰিলে ভোট দিবলৈ ।

প্ৰশাসনে প্ৰতিটো কেন্দ্ৰতে জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ বাবে হুইল চেয়াৰৰ ব‍্যৱস্থা কৰিছে । কিন্তু উক্ত কেন্দ্ৰটোত এই সুবিধাৰ পৰা বঞ্চিত হ'ল খোদ এগৰাকী প্ৰাক্তন মন্ত্ৰী । হুইল চেয়াৰৰ অপেক্ষাত বহু সময় গছৰ তলতে বহি ৰ'ল প্ৰাক্তন মন্ত্ৰীগৰাকী । বহু সময় অপেক্ষাৰ অন্ততো হুইল চেয়াৰৰ ব‍্যৱস্থা নোহোৱাত অৱশেষত উপস্থিত ৰাইজৰ সহায়ত লাখুঁটিত ভৰ দি কোনোমতে ভোটদান কেন্দ্ৰত উপস্থিত হ'ল থানেশ্বৰ বড়ো ।

অৱশ্যে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱাৰ পিচত কেন্দ্ৰটোৰ প্ৰিজাইডিং বিষয়াৰ সহায়ত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে সাব্যস্ত কৰে তেওঁৰ ভোটাধিকাৰ । ভোটাধিকাৰ সাব্যস্ত কৰি থানেশ্বৰ বড়োৱে পৰম উৎসাহেৰে কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ এই পবিত্ৰ দিনটোত সকলো ভোটাৰ ৰাইজে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিব লাগে ।

লগতে তেওঁ এই বিশেষ সুবিধা লাভ নকৰাৰ বাবে আক্ষেপ নাই বুলি উল্লেখ কৰে যদিও জ্যেষ্ঠ নাগৰিকসকলৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাতো উচিত আছিল বুলি মত প্ৰকাশ কৰে । কিয়নো কেন্দ্ৰটোত হুইল চেয়াৰৰ অভাৱত আন আন বয়োজ্যেষ্ঠ নাগৰিকৰো অসুবিধা হোৱা পৰিলক্ষিত হয় বুলি তেওঁ উল্লেখ কৰে । পিচত বিষয়টো সন্দৰ্ভত স্থানীয় ৰাইজে ৰঙিয়াৰ জিলা নিৰ্বাচনী বিষয়া দেৱশীষ গোস্বামীক আৱগত কৰাত ততাতৈয়াকৈ বিষয়টো সন্দৰ্ভত ব‍্যৱস্থা গ্ৰহণ কৰা হয় । ইফালে ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত অংশগ্ৰহণ কৰিবলৈ পায় সুখী বুলি ব্যক্ত কৰে জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৱে ।

লগতে পঢ়ক: ভোটগ্ৰহণ কেন্দ্ৰত ৰাজনৈতিক নেতাৰ ভিৰ : চাওক কোনে ক’ত কৰিলে ভোটদান - LOK SABHA ELECTION 2024

Last Updated : Apr 27, 2024, 11:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.