ETV Bharat / state

দেহত শেষ নিশ্বাস থকালৈকে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে যুঁজি যাম: ধীৰাজ তালুকদাৰ - Awareness run against drugs

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 10:21 PM IST

Awareness run against drugs: ড্ৰাগছ বৰবিহে ভয়ানক ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত । ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে আৰক্ষী প্ৰশাসন তথা চৰকাৰ । কিন্তু এজন যুৱকে ড্ৰাগছৰ বিৰুদ্ধে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ । ই টিভি ভাৰতৰ লগত হোৱা এক টেলিফোন বাৰ্তাত কি ক'লে যুৱকজনে ? পঢ়ক এই প্ৰতিবেদন ।

Dhiraj Talukdar conducts awareness run against drugs
ড্ৰাগছৰ বিৰুদ্ধে সজাগতা দৌৰ ধীৰাজ তালুকদাৰৰ (ETV Bharat Assam)

তেজপুৰ, ৮ আগষ্ট : "দেহত শেষ নিশ্বাস থকালৈকে অসমত বিয়পি পৰা মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে যুঁজি যাম ।"- এই মন্তব্য এগৰাকী উদীয়মান যুৱক তথা প্ৰাক্তন মাৰ্চেন্ট নেভিৰ সদস্য ৩০ বছৰীয়া ধীৰাজ তালুকদাৰৰ । ই টিভি ভাৰতৰ লগত হোৱা এক টেলিফোন বাৰ্তাত তালুকদাৰে কয় যে অসমত ভয়াবহভাবে বৃদ্ধি পোৱা এই মাৰাত্মক ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে উঠি অহা প্ৰজন্মক উদ্ধাৰ কৰা তেওঁৰ উদ্দেশ্য ।

Dhiraj Talukdar conducts awareness run against drugs
ধীৰাজ তালুকদাৰ (ETV Bharat Assam)

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা দৌৰ :

"অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ গৈ ড্ৰাগছ আসক্ত হৈ পৰে । সেয়া মই প্ৰত্যক্ষ কৰিছিলো ।" ধীৰাজ তালুকদাৰে কয় । এই উপলক্ষে যোৱা ২০ জুলাইৰ পৰা অসমৰ পূব প্ৰান্তৰ ধলা-শদিয়াৰ ভাৰতৰত্ন ভূপেন হাজৰিকা সেতুৰ পৰা অকলেই দৌৰ আৰম্ভ কৰি ৩ আগষ্টত ধুবুৰী জিলাত সমাপ্ত কৰে । দুগৰাকী সহকৰ্মীৰ সহায়ত এই সজাগতা দৌৰ আৰম্ভ কৰে পাঠশালাৰ নিবাসী ধীৰাজ তালুকদাৰে ।

মুঠ ৮৭৬ কিলোমিটাৰ পথ দৌৰি ৰাইজৰ মাজত এই ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাকেই মুল লক্ষ্য হিচাপে লৈছে এইগৰাকী অসমীয়া যুৱকে । সুদীৰ্ঘ ৯ বছৰ মাৰচেন্ট নেভিত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা তালুকদাৰে মুম্বাইৰ পৰা ইৰাণকে আদি কৰি বিভিন্ন বিদেশী ৰাষ্ট্ৰত কৰ্মজীৱন অতিবাহিত কৰে ।

ধীৰাজ তালুকদাৰৰ আহ্বান:

"ড্ৰাগছৰ প্ৰচলন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত যুৱ-প্ৰজন্মৰ মাজত ভয়ানকভাৱে বৃদ্ধি পাইছে । অসমৰ যুৱ-প্ৰজন্মৰ মাজত অন্য ৰাজ্যৰ তুলনাত ২০ শতাংশ বৃদ্ধি পাইছে ।" তালুকদাৰে কয় । সেয়ে তেওঁ অসম চৰকাৰক আহ্বান জনাই যে চৰকাৰে এই মাৰাত্মক ব্যাধিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে ।

ধীৰাজে পৰৱৰ্তী সময়ত এই যাত্ৰা সীমান্তৰ কাষেৰে প্ৰায় ১৫ হাজাৰ কিলোমিটাৰ দূৰত্ব দৌৰি এই বাৰ্তা প্ৰেৰণ কৰাৰ এক চিন্তা গ্ৰহণ কৰিছে বুলিও ই টিভি ভাৰতক জানিবলৈ দিয়ে ।

সজাগতা সৃষ্টিৰ কাৰণ :

"মই মোৰ কৰ্ম জীৱনত বহুতো যুৱকক দেখিছো যি বহিঃৰাজ্যত কৰ্মৰত অৱস্থাত থাকোতে নিজৰ জীৱন ধ্বংস হৈ পৰিছে । তাৰ ভিতৰত এজন (নাম প্ৰাকাশত কৰিব নোৱাৰো) উচ্চ শিক্ষিত তথা ভাল কৰ্মৰত যুৱকক মই লগ পাওঁ । তেওঁ মোক আৰ্থিক সহায় বিচাৰিলে । কাৰণ তেওঁ কৰ্মৰত অৱস্থাত ড্ৰাগছৰ আসক্ত হৈ আৰক্ষীৰ জালত পৰে । পৰৱৰ্তী সময়ত আদালতত বিচৰাধীন হৈ নিজৰ কৰ্ম হেৰুৱাই আৰু যুৱকজনৰ জীৱন দুৰ্বিষহ হৈ পৰে ৷ কিন্ত মই মোৰ কৰ্ত্যবৰ বাবে এই বিষয়ত সোমাব নোৱাৰিলো । কিন্ত মই লগ পালেই বহু পৰামৰ্শ দিছিলোঁ ।" তালুকদাৰে কয় ।

লগতে তেওঁ কয়,"মই ২০২১ চনৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰিছিলো আৰু মই এজন মাৰথন দৌৰবিদ ।" ২০২২ চনত ধীৰাজে চাকৰিৰ পৰা অব্যাহতি লয় ।

অসমত ড্ৰাগছৰ প্ৰভাৱ :

তালুকদাৰে কয়,"শেহতীয়াকৈ বিগত কেইবাবছৰৰ পৰা অসমত ড্ৰাগছৰ প্ৰচলন যথেষ্ট বৃদ্ধি পাইছে । অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযান আৰম্ভ কৰিছে আৰু বহু বেছি পৰিমাণে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰু ড্ৰাগছ জব্দ কৰিছে । মণিপুৰৰ ,নাগালেণ্ড আৰু মিজোৰাম হৈ অসমত ড্ৰাগছ প্ৰৱেশ কৰে আৰু ব্যৱসায়ৰ কেন্দ্ৰ হৈ পৰে বিভিন্ন জিলাত ।"

ইফালে 'দিশা'ৰ নগাঁও, শোণিতপুৰ আৰু হোজাইৰ জিলাৰ দায়িত্ব থকা সহকাৰী সঞ্চালক জেবিৰুল আমিনে ই টিভি ভাৰতক কয়,"ড্ৰাগছৰ অতিৰিক্ত প্ৰচলনৰ ফলত এইচ আই ভিৰ দৰে মাৰাত্মক ব্যাধি বৰ্তমান অসমত উচ্চ হাৰত বৃদ্ধি পাইছে । বৰ্তমান এইচ আই ভিত আক্ৰান্ত আৰু ড্ৰাগছ আসক্ত বা প্ৰচলন অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে ।"

লগতে পঢ়ক: ড্ৰাগছৰ গ্ৰাসত পৰিছে নেকি আপোনাৰ কোনো আপোনজন ? এইদৰে এৰুৱাওক নিচা গ্ৰহণৰ অভ্যাস... - Drug Addiction

৪৮ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ মহিলাক আটক - Anti Drug Mission

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.