ETV Bharat / state

প্ৰাক্তন কাৰ্বি বিদ্ৰোহীৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰৰ দাবী সংবিজিতৰ - Karbi peace accord

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 10:36 PM IST

Karbi rebel groups: ডিফুত বুধবাৰে ৬টা প্রাক্তন বিদ্রোহী সংগঠনৰ ঐক্যমঞ্চ কাৰ্বি এক্স ৰিভ'লিউছনাৰী ইউনাইটেড ফ'ৰামে কাৰ্বি শান্তি চুক্তি স্বাক্ষৰৰ তৃতীয় বৰ্ষপূৰ্তি পালন কৰে ৷ প্ৰাক্তন বিদ্ৰোহী কেডাৰসকলক সংস্থাপনৰ বাবে আৰু অধিক ব্যৱস্থা গ্রহণ কৰাৰো আহ্বান আই কে সংবিজিতৰ ৷

Karbi rebel groups
কাৰ্বি শান্তি চুক্তি স্বাক্ষৰৰ তৃতীয় বৰ্ষপূৰ্তি (ETV Bharat Assam)

ডিফু, ৪ ছেপ্টেম্বৰ: ২০২১ চনৰ ৪ ছেপ্টেম্বৰত নতুন দিল্লীত শান্তি চুক্তিত স্বাক্ষৰ কৰা কাৰ্বি আংলং জিলাৰ ৬টা প্রাক্তন বিদ্রোহী সংগঠনৰ ঐক্যমঞ্চ কাৰ্বি এক্স ৰিভ'লিউছনাৰী ইউনাইটেড ফ'ৰাম নামৰ সংগঠনটোৰ উদ্যোগত ডিফু ক্লাৱত বুধবাৰে শান্তি চুক্তিৰ তৃতীয় বার্ষিকী উদযাপন কৰা হয় । প্ৰাক্তন শীর্ষ বিদ্রোহী নেতা সংবিজিত ইংতি কাথাৰকে ধৰি বহু প্রাক্তন বিদ্রোহী নেতা উপস্থিত থকা এই তৃতীয় বর্ষপূৰ্তিত শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণ আৰু বিভিন্ন উগ্রপন্থী সংগঠনসমূহৰ প্ৰাক্তন নেতা-কেডাৰসকলৰ সংস্থাপনকে ধৰি বহুকেইটা বিষয়ত আলোচনা অনুষ্ঠিত হয় ৷

সংবাদমাধ্যমৰে হোৱা চমু বার্তালাপত সংবিজিত ইংতি কাথাৰে চৰকাৰৰ শান্তি চুতি সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহক আদৰণি জনোৱাৰ লগতে কেডাৰসকলৰ ভৱিষ্যৎ সন্দর্ভতো আলোচনা অনুষ্ঠিত হোৱা বুলি প্রকাশ কৰে । বিদ্ৰোহী সংগঠনসমূহৰ সদস্য ১,৯২৬ জন বুলি প্ৰকাশ কৰি চৰকাৰে ইতিমধ্যে ৪ লাখ টকাকৈ আর্থিক সাহাৰ্য প্রদান কৰা বুলি জানিবলৈ দিয়ে সংবিজিতে ।

ইফালে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদেও সদস্যসকলক ৫০ হাজাৰকৈ আর্থিক সাহাৰ্য প্রদান কৰা বুলিও কাথাৰে সদৰী কৰে । এইক্ষেত্ৰত সন্তুষ্টি প্রকাশ কৰি কাথাৰে কেডাৰসকলক সংস্থাপনৰ বাবে আৰু অধিক ব্যৱস্থা গ্রহণ কৰাৰো আহ্বান জনায় । ইতিমধ্যে যিহেতু শান্তি চুক্তি সম্পন্ন হৈ গৈছে, সেয়ে সংগঠনসমূহৰ সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰসমূহ চৰকাৰে এতিয়া উঠাই লোৱা উচিত বুলিও সংবিজিতে মন্তব্য কৰে ।

আন এগৰাকী বিদ্রোহী নেতাই শান্তি চুক্তি মর্মে তেওঁলোকে কিছু আর্থিক সাহাৰ্য লাভ কৰা বুলি সদৰী কৰি কয় যে, ৰাজ্য চৰকাৰৰ পৰা বিদ্রোহী নেতা-কেডাৰসকলক আৰ্থিক সাহাৰ্য দিয়াৰ কথা চুক্তিত উল্লেখ আছে আৰু ইতিমধ্যে কে এল এন এল এফৰ প্ৰাক্তন নেতা-কেডাৰসকলক এই আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে ৷ আন সংগঠনকেইটাৰ নেতা-কেডাৰসকলেও অতি শীঘ্ৰে এই আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্রকাশ কৰে ।

ৰাজনৈতিক সংস্থাপনৰ বিষয়তো সন্দর্ভত তাৎপর্যপূর্ণ মন্তব্য কৰি তেওঁ কয়, ‘‘আমাৰ ৬ টা বিদ্রোহী সংগঠনৰ ৬ গৰাকী নেতাক পৰিষদৰ বিভিন্ন বিভাগত অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে যদিও আগন্তুক পৰিষদৰ নিৰ্বাচনত পৰিষদৰ আসনৰ সংখ্যা বৃদ্ধি পালে ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ অংশীদাৰিত্ব থাকিব বুলি আমি আশাবাদী ।’’ অসম বিধানসভাৰ নিৰ্বাচন সমাগত বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি নির্বাচনত এই ৬ টা সংগঠনৰ নেতা-কেডাৰৰ ভূমিকাৰ ইংগিত প্রদান কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক: লখিমপুৰত এফালে কেবিনেট বৈঠক আনফালে উত্তাল প্ৰতিবাদ - Tribalisation of Six Tribes

বি টি আৰৰ ৰাজনৈতিক সমীকৰণ: একত্রিত হোৱাৰ দিশে বি পি এফ আৰু ইউ পি পি এল ! - BTR politics

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.