ETV Bharat / state

কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ: বিজেপিত ভয়-ভাবুকিৰ ৰাজনীতি চলাৰ ভয়ংকৰ অভিযোগ - Ashok Sharma joins congress

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 4:48 PM IST

Congress joining program: আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ ৷ বিজেপিক বেয়া নাপালেও একাংশ বিজেপি নেতাৰ ওপৰত প্ৰচণ্ড ক্ষোভ থকাৰ কথা প্ৰকাশ প্ৰাক্তন বিধায়কগৰাকীৰ ৷ অৱশ্যে বিজেপিৰ ভেটি নখহাই বুলিও সংবাদ মাধ্যমৰ আগত ক’লে অশোক শৰ্মাই ৷

Ashok Sharma joins congress
কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ (ETV Bharat Assam)

নলবাৰী, 9 আগষ্ট: দীৰ্ঘদিনীয়া দলীয় বাদ-বিবাদ তথা চৰ্চাৰ অন্ত পেলাই অৱশেষত শুকুৰবাৰে কংগ্ৰেছত যোগ দিলে প্ৰাক্তন বিজেপি বিধায়ক তথা গেৰুৱা দলটোৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাই ৷ নলবাৰীৰ ৰাজীৱ ভৱনত দলৰ কেবাগৰাকীও নেতাৰ উপস্থিতিত কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰাক্তন বিজেপি নেতাগৰাকীয়ে ৷

কংগ্ৰেছত যোগ দি অশোক শৰ্মাই কয় যে বিজেপি তেওঁৰ হৃদয়ত আছে, দলটোৰ প্ৰতি সদ্ভাৱ সদায়েই থাকিব ৷ দলৰ ভেটি কেতিয়াও নখহাই বুলিও তেওঁ সদৰী কৰে ৷ বিজেপিক বেয়া পাই তেওঁ কংগ্ৰেছলৈ অহা নাই, মাত্ৰ একাংশ নেতাৰ দম্ভালিত অতিষ্ঠ হৈ তেওঁ এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল ৷

কংগ্ৰেছত যোগদানৰ পূৰ্বে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল অশোক শৰ্মাই ৷ শুকুৰবাৰে যোগদানৰ পিছতো পুনৰ মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ সোঁৱে-বাওঁৱে থকা একাংশ বিজেপি নেতাক আক্ৰমণ কৰে ন-কংগ্ৰেছী অশোক শৰ্মাই ৷

বিজেপি দলৰ আদৰ্শক মোহাৰি কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰি ৰাইজক হিতাধিকাৰী সজাই আকৌ সেই হিতাধিকাৰীসকলকে একাংশ নেতাই আঁচনি কৰ্তনৰ ভয়-ভাবুকি দিয়া বুলি উল্লেখ কৰে অশোক শৰ্মাই । জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰি অশোক শৰ্মাই কয় যে, তেওঁৰ দম্ভালিৰ বিৰুদ্ধে ৰাজ্যিক সভাপতিক অভিযোগ দিয়া হৈছিল যদিও কোনো সুফল নাপালে ৷

একাংশ বিজেপি নেতাই ৰাইজক সভা-সমিতিলৈ নগ’লে আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে অশোক শৰ্মাই ৷ তেওঁ লগতে কয় যে চাকৰিৰ প্ৰলোভনেৰে একাংশ বুথ পৰ্যায়ৰ নেতাই কিছুসংখ্যক লোকক সভা-সমিতি বা নেতাৰ কাষলৈ নিয়ে ৷

ইফালে কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়েও এই যোগদান সভাত উপস্থিত থাকি বিজেপি দলক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে অশোক শৰ্মাৰ কংগ্ৰেছত যোগদানে বিজেপি দলত ভূমিকম্পৰ সৃষ্টি কৰিছে ৷ আগন্তুক দিনত বিজেপি এৰি বহু নেতা-কৰ্মী কংগ্ৰেছলৈ আহিব বুলিও তেওঁ লগতে কয় ৷

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে কেৱল অশোক শৰ্মাই নহয়, আন বহু জ্যেষ্ঠ নেতা, প্ৰাক্তন প্ৰশাসনিক বিষয়াই অচিৰেই কংগ্ৰেছত যোগদান কৰিব ৷ অসমৰ পৰা বিজেপিয়ে বিদায় লোৱাৰ সময় সমাগত হোৱা বুলিও ভূপেন বৰাই কয় ৷

উল্লেখ্য যে অশোক শৰ্মাৰ লগতে আন বহুকেইগৰাকী নেতাই শুকুৰবাৰে নলবাৰীত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷ তাৰোপৰি বিয়লি গুৱাহাটীৰ ৰাজীৱ ভৱনতো অনুষ্ঠিত হয় আন এখন যোগদান সভা ৷

নলবাৰীৰ যোগদান সভাত অশোক শৰ্মাক দললৈ আদৰণি জনাবলৈ উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কেন্দ্ৰীয় নেতা পৃথ্বীৰাজ প্ৰভাকৰ সাথে, বিধায়ক ক্ৰমে দিগন্ত বৰ্মন, নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদৰ লগতে আন বহু কংগ্ৰেছ নেতা-কৰ্মী ৷

লগতে পঢ়ক: বিজেপি আৰু অগপ দলৰ পৰাজয় নিশ্চিত বুলি দাবী কৰিলে বিধায়ক জাকিৰ হুছেইন শিকদাৰে - Jakir Hussain Sikdar in Rangia

হিমন্ত বিশ্ব শৰ্মাৰ আচৰণৰ বাবেই অসমতো বাংলাদেশৰ দৰে অৱস্থা হ’ব: অশোক শৰ্মা - Ashok Sarma to join Congress

অসমৰ নকল বিকাশত জনতাই অশান্তি পাইছে : সাথে - Bongaigaon LAC Bye Election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.