ETV Bharat / state

অৱশেষত বিজেপি এৰিবলৈ সাজু অশোক শৰ্মা ! ৰাজীৱ ভৱন হ’ব পাৰে নতুন ঠিকনা - ASHOK SARMA READY TO RESIGN

Former MLA Ashok Sarma : ৰাজ্যৰ ৰাজনীতিৰ বাবে এক বৃহৎ খবৰ ৷ দল সলনি কৰিব নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৷ 20 জুলাইত আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা ৷

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 6:46 PM IST

ASHOK SARMA READY TO RESIGN
বিজেপি এৰিবলৈ সাজু ! (ETV Bharat Assam)

নলবাৰী, 11 জুলাই: ৰাজ্যৰ ৰাজনীতিত শীঘ্ৰে হ’ব আন এক পট পৰিৱৰ্তন ৷ এই ইংগিত আহিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ পৰা ৷ প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে সম্প্ৰতি দলৰ পৰা এলাগী ৷ সেই কথা আমি নক’লেও হ’ব ৷

দলত্যাগ কৰিবলৈ সাজু প্ৰাক্তন বিধায়ক অশোক শৰ্মা (ETV Bharat Assam)

বিগত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন ধৰিয়েই বিধায়কগৰাকীয়ে কেইবাটাও দলবিৰোধী মন্তব্যৰে সংবাদ শীৰ্ষ দখল কৰি অহা সকলোৱে প্ৰত্যক্ষ কৰিছিল ৷ বিধায়কগৰাকীৰ এনেবোৰ মন্তব্যত জাঙুৰ খাই উঠিছিল নিজ দলৰে কেইবাগৰাকীও সাংসদ, বিধায়ক ৷

লগতে পঢ়ক: ধাৰ কৰি বৰ বেছি দিন চৰকাৰ চলাব নোৱাৰি : অশোক শৰ্মা - LOK SABHA ELECTION 2024

অৱশেষত ৰাজ্যিক দলীয় কাৰ্যালয়ৰ পৰা প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ জাৰি কৰা হৈছিল কাৰণ দৰ্শোৱাৰ জাননী বা শ্ব’কজ ৷

লগতে পঢ়ক: বিজেপিৰ পৰা বহিষ্কাৰ হ’ব নেকি বিদ্ৰোহী অশোক শৰ্মা ? জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী - Show cause notice Ashok Sarma

পিছে এই সকলোবোৰত বিৰক্ত হৈ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে ঠিকনা সলনিৰ ইংগিত প্ৰদান কৰিছে ৷ বৃহস্পতিবাৰে প্ৰাক্তন বিধায়ক শৰ্মাই এক অনুষ্ঠানত ব্যক্ত কৰে এই কথা ৷ দীৰ্ঘদিনৰে পৰা ৰাজ্যিক বিজেপিত দেখা দিয়া আভ্যন্তৰীণ কন্দল, মনোমালিন্যৰ পৰিণতিতে বহু পুৰণি আৰু বৰ্তমানৰ এলাগী বিজেপি নেতাই দলত্যাগ কৰি আন দলত যোগ দিয়াৰ মন মেলিছে ৷

লগতে পঢ়ক: দলৰ হৈ কাম কৰাৰ ইচ্ছা নোহোৱা হৈছে অশোক শৰ্মাৰ - Ashok Sarma Controversy

সমান্তৰালকৈ কংগ্ৰেছ দলটোৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰখাৰো ইংগিত প্ৰদান কৰে প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে ৷ 20 জুলাইৰ পূৰ্বে তেওঁ আনুষ্ঠানিকভাৱে কোনো কথা ৰাজহুৱা নকৰে বুলিও সাংবাদিকৰ আগত কয় ৷ অৰ্থাৎ 20 জুলাইৰ দিনা নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে আনুষ্ঠানিকভাৱে দলত্যাগৰ কথা ঘোষণা কৰাৰ সম্ভাৱনাই দেখা দিছে ৷

লগতে পঢ়ক: কাৰোবাৰ উচটনিত কথা কৈছে নেকি অশোক শৰ্মাই ? - Ashok Sarma Controversy

উল্লেখযোগ্য যে, দলীয় কাম-কাজত অসন্তুষ্ট হোৱাৰ লগতে চৰকাৰৰ বিভিন্ন কাম-কাজতো অসন্তুষ্টি প্ৰকাশ কৰে অশোক শৰ্মাই ৷ দলত্যাগৰ সমানে সমানে পৰৱৰ্তী সময়ত বৃক্ষৰোপণ আৰু শস্য বিকাশ নিগমৰ অধ্যক্ষৰ দায়িত্বৰ লগতে অশোক শৰ্মাই দলীয় বিভিন্ন দায়িত্ব আৰু প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰো সম্ভাৱনা আছে ৷

তাৎপৰ্যপূৰ্ণভাৱে, বিগত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত কংগ্ৰেছৰ পৰা সাংসদ পদত জয় লাভ কৰা গৌৰৱ গগৈক খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই অভিনন্দন জনোৱাক কেন্দ্ৰ কৰি বিজেপিত সৃষ্টি হৈছিল মনোমালিন্য ৷ পিছে সেই সময়তে নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে বিধায়ক মৃণাল শইকীয়াৰ পক্ষত থাকি এই কাৰ্যক সমৰ্থন জনাইছিল ৷ সেই দিশৰ পৰা চাবলৈ গ’লে অশোক শৰ্মাৰ নতুন ঠিকনা যে কংগ্ৰেছেই হ’ব তাক নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক: নাৰাজ অশোক শৰ্মাৰ সন্দৰ্ভত ভৱেশ কলিতাৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.