ETV Bharat / state

নিশাৰ ভিতৰতে নোহোৱা হৈ গ’ল দীঘলীপুখুৰীৰ পাৰৰ খাও গলি; উপায়হীন ব্যৱসায়ী

এতিয়াৰে পৰা আপুনি মন গ’লেও খাও গলিলৈ গৈ নিজৰ পছন্দৰ খাদ্য খাবলৈ নাপাব । কিয়নো উচ্ছেদ কৰা হ'ল দীঘলীপুখুৰীৰ পাৰৰ খাও গলি ।

KHAO GALI EVICTION
নোহোৱা হৈ গ’ল দীঘলীপুখুৰীৰ পাৰৰ খাও গলি (Social Media)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটীত: আপুনি যদি গুৱাহাটী মহানগৰীত বাস কৰে তেন্তে বিয়লি ভাগত এপাক মহানগৰীখনত ফুৰাৰ হাবিয়াস নিশ্চয় থাকে ৷ উজান বজাৰ ঘাটত ব্ৰহ্মপুত্ৰ সৌন্দৰ্য চাবলৈ, শুক্ৰেশ্বৰ অথবা পাণ্ডু ঘাটৰ পৰা বৰলুইতৰ বুকুত বেলি মাৰ যোৱা চাবলৈ, ক্ৰমাৎ নিয়ন লাইটৰ পোহৰত মায়াময় হৈ পৰা মহানগৰখনত সন্ধিয়া এপাক বিচৰণ কৰিবলৈ আপুনি নিশ্চয় পছন্দ কৰে ৷ দীঘলীপুখুৰীৰ ফাললৈ গ’লে খাও গলিত সোমায় খাদ্যৰ জুতি ল’বলৈও নিশ্চয় মন যায় ৷

আজি বাৰু গুৱাহাটীখনৰ কথা কিয় কৈছোঁ এনেকৈ ? কৃত্ৰিম বানত বিধ্বস্ত গুৱাহাটী, অপৰাধীৰ ৰম্যভূমি গুৱাহাটী, যান-জঁটে ব্যতিব্যস্ত কৰা গুৱাহাটী বুলিয়েই প্ৰায় অধিক সময়ত বাতৰি হয় ৷ তথাপিও এই বদনামী মহানগৰীখন মানুহৰ প্ৰিয় ৷ কাৰণ বিচাৰিব জানিলে ইয়াতো মায়া আছে ৷ মনৰ ভিতৰত ভৰি থকা ক্লেশ দূৰ কৰিব পৰাকৈ ক্ষন্তেক সময় পাৰ কৰিব পৰা বহু অৱকাশ আছে ৷ মুখৰোচক খাদ্যৰে মনৰ অৱসাদ পাতলাবলৈ, বন্ধুৰ সৈতে আড্ডা মাৰি প্ৰাণ খুলি হাঁহিবলৈ খাও গলিৰ দৰে ঠাই আছে ৷

নোহোৱা হৈ গ’ল দীঘলীপুখুৰীৰ পাৰৰ খাও গলি (ETV Bharat)

কিন্তু ইমানখিনি ভালকৈ কোৱাৰ পাচতো আপোনাক এটা দুখৰ খবৰ দিবলৈ ওলাইছোঁ ৷ দীঘলীপুখুৰীৰ পাৰৰ খাও গলি এতিয়া অতীত হ’ব ৷ এতিয়াৰে পৰা আপুনি মন গ’লেও খাও গলিলৈ গৈ নিজৰ পছন্দৰ খাদ্য খাবলৈ নাপাব । কিয়নো উচ্ছেদ কৰা হ'ল দীঘলীপুখুৰীৰ পাৰৰ খাও গলি । পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত গুৱাহাটী পৌৰ নিগমে মঙলবাৰে নিশা উচ্ছেদ কৰে খাও গলিৰ প্ৰায় শতাধিক দোকান ।

খাও গলিত দৃষ্টি কিয় গুৱাহাটী পৌৰ নিগমৰ ? মহানগৰীৰৰ ফাঁচী বজাৰৰ পদপথৰ দোকানবোৰ উচ্ছেদ নকৰে কিয় ? অসমীয়া থলুৱা যুৱক-যুৱতীয়ে উপাৰ্জনৰ পথ বাছি লোৱা খাও গলিকেই কিয় উচ্ছেদৰ বাবে বাচি লোৱা হ’ল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।

কিয় উচ্ছেদ হ'ল খাও গলি

পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগত উচ্ছেদ কৰা হ'ল খাও গলিৰ দোকানবোৰ । গুৱাহাটী পৌৰ নিগমৰ বিষয়াই সংবাদমাধ্যমৰ আগত কয়, ‘‘খাও গলিৰ দোকানবোৰে জি এম চিৰ নীতি-নিৰ্দেশনা নামানে । প্ৰায় দুমাহ আগতে জাননী দিয়া হৈছিল পৰিৱেশ বিনষ্ট নকৰি চাফ-চিকুণকৈ ৰাখিবলৈ । তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল প্লাষ্টিক ব্যৱহাৰ নকৰে, ডাষ্টাবিন ব্যৱহাৰ কৰিব, পৰিষ্কাৰকৈ ৰাখিব বুলি ৷ কিন্তু সেইবোৰ নীতি-নিয়ম নমনাৰ ফলত আজি উচ্ছেদ কৰা হ'ল । এতিয়াৰে পৰা ইয়াত দোকান দিব নোৱাৰিব । জি এম চিৰ যি নিৰ্ধাৰিত ৫২ টকা ভেণ্ডিং জ’ন আছে তাত দিয়ক ।’’

কেতিয়াৰ পৰা আৰম্ভ হৈছিল খাও গলি

প্ৰায় ডেৰ বছৰমান পূৰ্বে দীঘলীপুখুৰীৰ পাৰত কেইখনমান দোকান আৰম্ভ হৈছিল । পৰৱৰ্তী সময়ত থলুৱা যুৱক-যুৱতীয়ে সেই স্থানত বিভিন্ন খাদ্য বিক্ৰী কৰিবলৈ ধৰিলে । সেই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছিল । তাৰ পিছতেই সন্ধিয়া হ'লেই খাদ্যৰ জুতি ল'বলৈ শ শ খাদ্যৰসিকৰ আগমন ঘটিছিল দীঘলীপুখুৰীৰ পাৰৰ সেই স্থানলৈ । খাদ্যৰ চাহিদা দেখি সেই স্থানত প্ৰায় শতাধিক খাদ্যৰ দোকান গঢ় লৈ উঠে । লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়া দীঘলী পুখুৰীৰ সেই স্থানক নাম দিয়ে খাও গলি বুলি । তেতিয়াৰ পৰাই সেই স্থানৰ নাম হৈ পৰে খাও গলি ।

কি কয় উচ্ছেদিত থলুৱা ব্যৱসায়ীয়ে ?

পৌৰ নিগমৰ কৃপাত ৰাতিটোৰ ভিতৰতে উপাৰ্জনহীন হৈ পৰা খাও গলিৰ এগৰাকী ব্যৱসায়ীয়ে কয়, ‘‘খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনে খিলঞ্জীয়াকেই উচ্ছেদ কৰিছে । গুৱাহাটীৰ দায়িত্বত থকা বণিয়াই অসমীয়া খিলঞ্জীয়াৰ দুখ-কষ্ট বুজি নাপায় । আমাক দখল কৰা বুলি বাৰে বাৰে কৈ আহিছে, আমি দখল কৰা নাই । আমি ঠাই এডখৰ বিচাৰিছোঁ দিল্লী-মুম্বাইৰ দৰে । যাতে আমি সেই স্থানত অসমীয়া খাদ্য বিক্ৰী কৰিব পাৰোঁ । কিন্তু আজি লাজ লাগিছে নিজক খিলঞ্জীয়া বুলি ক’বলৈ ।’’

বিভিন্ন ধৰণৰ খাদ্য, চাহ-কফি, ফলৰ ৰস আদি বিক্ৰী কৰি উপাৰ্জনৰ পথ মুকলি কৰা বহু যুৱক-যুৱতীৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে এই উচ্ছেদৰ ফলত ৷ খাও গলিতেই সাধাৰণভাৱে একোখন দোকান দি বহুতেই নিজৰ পৰিয়াল পোহপাল দিছিল ৷ কিন্তু হঠাৎ পৌৰ নিগমৰ সিদ্ধান্তই যেন জীৱনৰ গতি স্থবিৰ কৰি তুলিছে এইসকল খাটি খোৱা লোকৰ ৷

লগতে পঢ়ক: ধেমাজিত শ্বেত বিপ্লৱেৰে মহিলাসকলৰ বাবে আদৰ্শ দাঙি ধৰিছে গোপা বিশ্বকৰ্মাই

বাঁহ আৰু গছৰ গুটিৰে সপোন সাকাৰ: অনন্য কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন কেইগৰাকীমান মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.