ETV Bharat / state

বছৰৰ প্ৰথমটো বানৰ কবলত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 8:31 PM IST

Flood In Dibrugarh : বানৰ কবলত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি দধিয়া-লাইকাৰ বিস্তীৰ্ণ অঞ্চল ৷ চোতালত এবুকু পানী, জীৱ-জন্তুৰ বাবে সৃষ্টি হৈছে খাদ্য সংকট ৷ কেইবাদিনো ধৰি বন্ধ বিদ্যালয় ৷

FLOODS IN DIBRU SAIKHOWA
ফেনে ফুটুকাৰে ওফন্দি উঠিছে ব্ৰক্ষ্মপুত্ৰ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 2 জুন : নেৰানেপেৰা বৰষুণৰ বাবে ফেনে ফুটুকাৰে ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ নদী ৷ বিগত কেইবাদিনো হৈ থকা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত দধিয়া-লাইকা আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ গৃহবন্দী হৈ থকা লোকসকলৰ বাবে এতিয়া কেৱল টুলুঙা নাওখনেই জীৱনৰ অন্তিম ভৰষা হৈ পৰিছে ৷

বানৰ কবলত ডিব্ৰু চৈখোৱা, দধিয়া-লাইকা (ETV BHARAT ASSAM)

বিদ্যালয় সমূহত পানী সোমোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল শৈক্ষিক ক্ষেত্ৰত ব্যাপকভাবে ক্ষতিগ্ৰস্ত হ'বলগা হৈছে ৷ ইফালে জীৱ-জন্তুৰ বাবে সৃষ্টি হৈছে খাদ্য সংকট ৷ ঘৰচীয়া জীৱ-জন্তুৰ বাবে নিৰাপত্তা বিচাৰি এডোখৰ নিৰাপদ স্থানৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্ত ৰাইজে ৷ অতি বিপদসংকুলভাৱে এটি চাংঘৰত মৰণত শৰণ দি জীয়াই থাকিব লগা হৈছে বানাক্ৰান্ত দধিয়াবাসীয়ে ৷ লগতে বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে দধিয়া-লাইকাবাসী ৷ দধিয়া-লাইকাৰ চাংঘৰৰ চাং পৰ্যন্ত পানী উঠি অহাত দমকল সমূহ পানীৰ তলত, সেয়ে এতিয়া খোৱাপানীৰ সমস্যাই দেখা দিছে বানাক্ৰান্তৰ মাজত ৷

আনহাতে ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱল সোঁতৰ বাবে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈছে দধিয়া-লাইকাত ৷ ডিব্ৰুগড় জিলা প্ৰশাসনে ফেৰীৰ সহায়ত গৈ বানাক্ৰান্ত ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে ঔষধ যোগান ধৰিছে ৷ বৰষুণৰ পৰিমাণ কমি নাহিলে বান পৰিস্থিতি অতি ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে ৷ উল্লেখ্য যে প্ৰতিবছৰে বাৰিষা আৰম্ভ হ'লেই ভয়ংকৰ বানৰ কবলত পৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সীমাত অৱস্থিত দধিয়া-লাইকা আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৷ বানত সৰ্বস্বান্ত হোৱা দধিয়া-লাইকাৰ ৰাইজক অন্য স্থানত সংস্থাপিত কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে ৷ এই দীৰ্ঘদিনীয়া দাবী কাৰ্যকৰী কৰিবলৈ পুনৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : শীঘ্ৰেই নিয়ন্ত্ৰণলৈ আহিব কপিলীয়ে সৃষ্টি কৰা বানৰ প্ৰকোপ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.