ETV Bharat / state

বানৰ কবলত গাঁও-নগৰ : জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 4:11 PM IST

Flood affects various places in Assam : ডুবিছে গাঁও, ডুবিছে নগৰ ৷ বাঢ়নি পানীয়ে বুৰাইছে ভিন্ন স্থান ৷ মথাউৰিত আশ্ৰয়গ্ৰহণ বানাক্ৰান্তৰ ৷ কোনো কোনো ঠাইত আহাৰৰ অভাৱ ৷ জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি ৷

Flood affects various places in Assam
ভয়াবহ বানৰ কবলত ৰাজ্যৰ গাঁও-নগৰ (ETV Bharat Assam)

নিউজ ডেস্ক, 2 জুলাই : ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে বৃদ্ধি পাইছে বান ৷ বানত ককবকাইছে জীৱ-জন্তুৱে ৷ পানীত ডুবিছে ৰাষ্ট্ৰীয় উদ্যানো ৷ যাৱতীয় ব্যৱস্থা গ্ৰহণত বিশেষ তৎপৰতা নাই প্ৰশাসনৰ ৷

ধিঙৰ বান পৰিস্থিতি :

বিগত কেবাদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ মৈৰাবাৰী লাহৰীঘাট অঞ্চলৰ চৰ-চাপৰিতো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্ৰলয়ৰ সূচনা কৰিছে । ব্ৰহ্মপুত্ৰৰ জলস্তৰ ওফন্দি উঠাত চৰ-চাপৰিৰ লোক বানৰ কবলত পৰিছে । চৰ-চাপৰি চাৰিওফালে বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে । জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ লগতে বান পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকাই খেদি ফুৰিছে চৰবাসীক ।

বৰ্তমান ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত আৱদ্ধ হৈ পৰিল অগণন চৰ-চাপৰি ৰাইজ । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চৰ-চাপৰিৰ ঘৰ-বাৰী ডুবাই দিলে । চৰম দুৰ্দশাৰ সন্মুখীন হৈছে চৰবাসী । ইতিমধ্যে উলুবাৰী থানাৰ অন্তৰ্গত চিতলমাৰী ৰংৰাচাপৰি আৰিমাৰী ভজাইখাইতি গাৱ ভজাইখাটি পথাৰ, মদাৰগুৰি, চিতলমাৰী কলনি,লেৰুৱামুখ, গৰৈমাৰী চৰ পানীৰ তলত ।

লগতে পঢ়ক: চাৰিওফালে কেৱল পানী; কাজিৰঙাত জলমগ্ন ৯৫ টা বনশিবিৰ এলেকা

বহু পৰিয়ালৰ লোক যেনেতেনে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ মথাউৰিত অৱস্থান লৈছে যদিও বহুলোক এতিয়াও চৰতেই আৱদ্ধ হৈ আছে । এতিয়ালৈকে কোনো মন্ত্ৰী-বিধায়কে চৰবাসীৰ খবৰ লবলৈ অহা নাই । এতিয়া ব্ৰহ্মপুত্ৰ আৰু চৰ বুলি ক’লে কেৱল পানী আৰু পানী । চৰ-চাপৰিবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । মানুহৰ লগতে পোহনীয়া গৰু-ছাগলী, হাঁহ-কুকুৰাক লৈও সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

ডিব্ৰুগড়ৰ বান পৰিস্থিতি :

ডিব্ৰুগড়ত বানৰ ভয়ংকৰ ৰূপ । নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে বুঢ়ীদিহিং নদী । ঠায়ে ঠায়ে কালৰূপ ধাৰণ কৰিছে নদীৰ পানীয়ে । জিলাখনৰ কেইবা শতাধিক অঞ্চল ইতিমধ্য বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ তিনি-চাৰিদিন ধৰি ডিব্ৰুগড়ৰ জিলাত বুঢ়ীদিহিঙৰ বানে কালৰূপ ধাৰণ কৰাৰ সময়তে মঙলবাৰে ডিব্ৰুগড়ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টিৰ হৈছে । কিয়নো দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাতৰ হাতীবন্ধাৰ মথাউৰি ভাঙি নিলে বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে ৷ প্ৰায় ৩০ ফুট দৈৰ্ঘৰ মথাউৰি ভাঙি নিলে বুঢ়ীদিহিঙৰ বানে ৷

এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে হাতীবন্ধাৰ এই অঞ্চলত ৷ ইতিমধ্যে জলসম্পদ বিভাগৰ আৰু জিলা প্ৰশাসনৰ ব্যক্তি ঘটনাস্থলীত উপস্থিত হৈছে । এই মথাউৰিৰ ভাঙি গ’লে টেঙাখাতৰ এশৰো অধিক গাঁও বানৰ কবলত পৰিব । ইতিমধ্য বুঢ়ীদিহিঙৰ পানী উপচি পৰিছে কেইবাখনো গাঁৱত । আনহাতে খোৱাঙত মথাউৰিৰ ওপৰেৰে বাগৰিছে বুঢ়ীদিহিং নদীৰ পানী । হালধিবাৰী আহোম গাঁও আৰু দলনিকুৰৰ মাজত পথ যোগাযোগ বিছিন্ন ।

লগতে পঢ়ক: বিকশিত অসমত যাতায়তৰ বাবে নাগৰিকৰ ভৰসা কলৰ ভূঁৰ, নাও !

জলসম্পদ বিভাগৰ লোক আহি ইতিমধ্যে মথাউৰিত মাটিৰ বস্তা দি বান ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ৷ খোৱাং আৰু শিলপোটা সংযোগী মূল মথাউৰিটোৰ কেবাঠাইতো বাগৰিছে পানী । মথাউৰিটো ভাগিলে প্ৰায় ডেৰশখন গাঁও প্লাৱিত হ’ব ৷ শংকিত হৈ পৰিছে অঞ্চলবাসী ৷ বিধায়ক চক্ৰধৰ গগৈয়ে পৰিস্থিতিত বুজ লৈছে ৷ বুঢ়ীদিহিঙৰ পানী বৃদ্ধিৰ পাই থাকিলে অতি ভয়ংকৰ পৰিস্থিতিৰ হ’ব বুলি জানিবলৈ দিছে অঞ্চলটো ৰাইজে ৷

দলগাঁৱৰ বান পৰিস্থিতি:

দ্ৰুতগতিত ধনশ্ৰী, পাঁচনৈ আৰু ব্ৰহ্মপুত্ৰ নদীj পানী ওফন্দি উঠাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উদ্যানখনৰ প্ৰায় ৭০ শতাংশ অঞ্চল বানপানীয়ে বুৰাই পেলাইছে ৷ উদ্যানখনৰ দক্ষিণে ব্ৰহ্মপুত্ৰ, ধনশ্ৰী নৈৰ লগতে পাঁচনৈৰ বাঢ়নি পানী উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত জীৱ-জন্তুৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে বহু জীৱ-জন্তুৱে ওখ নিৰাপদ স্থানত আশ্ৰয় লৈছে ৷

বানপানীৰ মাজতো বনকৰ্মীসকলে অতি কষ্টৰে পহৰা দি থাকিবলগীয়া হৈছে ৷ উদ্যানখনৰ ৫0 টা কেম্পৰ ভিতৰত ২০ টা কেম্প জলমগ্ন হৈ পৰিছে ৷ উদ্যানখনৰ খয়ৰাচালি, বালিকেম্পত সাতফুটৰ পৰা ১৫ ফুটলৈকে পানী উঠিছে ৷ এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো উদ্যানখনৰ বনকৰ্মীসকলে এশিঙীয়া গঁড়কে ধৰি অন্যান্য জীৱ-জন্তুসমূহ চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ নাও ব্যৱহাৰ কৰি কৰ্তব্য পালন কৰিবলগীয়া হৈছে৷

জানিব পৰামতে কালিৰে পৰা ধনশ্ৰী নৈৰ পানী হঠাৎ বৃদ্ধি হোৱাত উদ্যানখনৰ পূৱপ্ৰান্তৰ কেবাটাও কেম্পত ভয়ানকভাৱে পানী বৃদ্ধি পাইছে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ২০ টা কেম্প বানৰ কৱলত পৰিছে৷

টীয়কৰ বান পৰিস্থিতি :

ক্ৰমাৎ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে টীয়কৰ বিভিন্ন অঞ্চল প্লাৱিত কৰাৰ পিচত কাকজান-গাড়োৱালচুঙীত বানাৰ্তৰ বাবে আশ্ৰয় শিৱিৰ স্থাপন কৰা হৈছে । কালি সন্ধিয়া স্থাপন কৰা শিৱিৰত প্ৰশাসনে এইপৰ্যন্ত যোগান ধৰা নাই খাদ্য সামগ্ৰী । নিশা ভোকে-লঘোনে কটালে শিবিৰত আশ্ৰয় লোৱাসকলে । এটুপি খোৱাপানী, এমুঠি ভাতৰ কাৰণে হাহাকাৰ বানাৰ্তৰ ।

বানেৰে মোকাবিলা কৰিবলৈ যোৰহাট জিলা প্ৰশাসন সষ্টম হৈ আছে বুলি কৈ আহিছে যদিও এই পৰ্যন্ত যোৰহাট জিলা প্ৰশাসনে ব্যৱস্থা কৰা নাই খাদ্য সামগ্ৰী যোগানৰ । সেয়ে ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ কেৱল কথাৰ ফুলজাৰি মাৰি বাতানুকুল পৰিৱেশত বহি থকাতকৈ ৰাইজক এই বিপদৰ সময়ত সহায় হাত আগবঢ়াবলৈ আহ্বান জনাইছে ৰাইজে । এইক্ষেত্ৰত জনপ্ৰতিনিধিসকলকো ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

অৱশ্যে ইতিমধ্যে টীয়ক সমষ্টিৰ যুৱনেতা বিকাশ শইকীয়া, বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ প্ৰতিনিধি হিচাপে উপস্থিত হৈ অনতি পলমে বানাৰ্তক সকলো সুবিধা প্ৰদানৰ যো-জা কৰিছে বুলি জানিব পৰা গৈছে । একেদৰে এইপৰ্যন্ত কোনোধৰণৰ স্বাস্থ্যসেৱাৰো ব্যৱস্থা নাই প্ৰশাসনৰ ।

ধেমাজিৰ বান পৰিস্থিতি:

বিগত কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজি জিলাতো যথেষ্ট ক্ষতি হৈছে ৷ ধেমাজি জিলা প্ৰশাসনে পহিলা জুলাইত প্ৰকাশ কৰা তথ্য মতে জিলাখনৰ চাৰিটা ৰাজহচক্ৰ এলেকা ক্ৰমে ধেমাজিত ১৪ খন গাঁও, গোগামুখত 7 খন গাঁও, চিচিবৰগাঁৱত 68 খন গাঁও আৰু জোনাইত সৰ্বাধিক 118খন গাঁওসহ সৰ্বমুঠ ২০৭ খন গাঁও প্লাৱিত হৈছে ৷

একেদৰে ধেমাজি ৰাজহচক্ৰত 5999 গৰাকী লোক বানত আক্ৰান্ত হোৱা বিপৰীতে 291.3 হেক্টৰ কৃষিভূমি ক্ষতি হৈছে । গোগামুখত 40205 গৰাকী বানত আক্ৰান্ত আৰু জোনাইত 51510 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ৷ তদুপৰি 2288.39 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে ৷ চিচিবৰগাঁৱত 39619 গৰাকী আক্ৰান্ত আৰু 120 হেক্টৰ কৃষি ভূমি অনিষ্ট হৈছে ৷

জোনাইত এটা আশ্ৰয় শিৱিৰ স্থাপন কৰা বিপৰীতে বান সাহায্যকেন্দ্ৰ স্থাপন কৰিছে 17 টা ৷ একেদৰে চাৰিটা ৰাজহচক্ৰত পোহনীয়া জীৱজন্তু বানৰ কৱলত পৰিছে ৷ জিলা প্ৰশাসনে এক জুলাইত দিয়া তথ্য মতে ধেমাজিত বান সাহাৰ্য প্ৰদান কৰা হৈছে 103.21 কুইন্টল ৷

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ মাছমৰীয়াক জীৱন্তে উদ্ধাৰ কৰিলে বায়ু সেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.