ETV Bharat / state

বান-খহনীয়াত বিধ্বস্ত অসম : বছৰি গড়ে ধ্বংস হয় এশ কোটি টকা মূল্যৰ গৃহ - Flood in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 4:20 PM IST

Updated : Jul 17, 2024, 7:36 PM IST

Flood management Assam : অসমৰ বান সমস্যাক লৈ কেৱল ৰাজনীতি । ক্ষতিপূৰণ দিয়াৰ নামত কেন্দ্ৰই কৰি আহিছে কৃপণালি । বাৰ বছৰত প্ৰাকৃতিক দুৰ্যোগৰ বাবে ১১,৮৮০ কোটি টকা কেৱল তৎকালীন সাহায্যৰ নামত ব্যয় ৷

Flood management Assam
বান-খহনীয়াত বিধ্বস্ত অসম (ETV Bharat Assam)

গুৱাহাটী, ১৭ জুলাই : অসমৰ বাবে অভিশাপস্বৰূপ বান আৰু খহনীয়াই প্ৰতি বছৰে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে । প্ৰত্যেক বছৰেই লাখ লাখ লোকে বান-খহনীয়াত সৰ্বস্বান্ত হৈ পুনৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলগীয়া হয় । তদুপৰি বানৰ ফলত প্ৰত্যেক বছৰে বহুলোক মৃত্যু মুখত পৰে । আনহাতে মৃত্যু হয় বহু জীৱ-জন্তুৰ । চলিত বাৰিষাতো এইপৰ্যন্ত ৯৭ গৰাকী লোকৰ মৃত্যু হৈছে ।

বান-খহনীয়াৰ ফলত প্ৰত্যেক বছৰে শ শ কোটি টকাৰ সা-সম্পদ বিনষ্ট হয় । সেইদৰে খহনীয়াত নৈৰ বুকুত বিশাল ভূমি বিলীন হৈ যায় ৷ বছৰৰ পিচত বছৰ ধৰি বান আৰু খহনীয়াই অসমৰ অৰ্থনীতি আৰু সমাজ জীৱনত ব্যাপক নেতিবাচক প্ৰভাৱ পেলাই আহিছে । কিন্তু আজিলৈকে কোনো এখন চৰকাৰে এই ভয়াৱহ সমস্যাৰ স্থায়ী সমাধান কৰিব পৰা নাই তথা গুৰুত্ব প্ৰদান কৰা নাই ।

ইয়াৰ বিপৰীতে সাহায্য প্ৰদান আৰু আন্তঃগাঁথনিৰ মেৰামতিৰ বাবদ বছৰি বুজন পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে । লক্ষ্যণীয় বিষয় যে অসমৰ ভয়াৱহ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰি ইয়াৰ স্থায়ী সমাধানৰ দাবী নতুন নহয় । অসমৰ বিভিন্ন দল-সংগঠনে বাৰম্বাৰ দাবী জনাই অহাৰ পিচতো কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই । তদুপৰি সাহায্য প্ৰদানৰ ক্ষেত্ৰতো কৃপণালি কৰি আহিছে ।

অসমৰ ভয়াৱহ বানক লৈ কেৱল প্ৰতিশ্ৰুতি :

প্ৰত্যেক বছৰে বানৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলোধৰণৰ সহায়-সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হয় । কেৱল সেয়াই নহয় নিৰ্বাচনৰ সময়ত অসমৰ বান-খহনীয়াৰ সমস্যাটোক ইচ্ছ্যু হিচাপে লোৱা হয় । নিৰ্বাচন যোৱাৰ পিচত সকলো পাহৰি যায় আৰু ৰাজ্যবাসীয়ে আগৰ দৰেই বান-খহনীয়াৰে মোকাবিলা কৰে । এয়া এক নিয়মত পৰিণত হৈছে ।

লক্ষ্যণীয় বিষয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বানৰ সময়ত অর্থনৈতিক পেকেজ ঘোষণা কৰাৰ পিচতো ৰাজ্যই সেই অনুদান লাভ নকৰিলে । বিগত নিৰ্বাচনত বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ ৰাজহুৱা আশ্বাস প্ৰদান কৰিছিল । বাস্তৱত কি হ'ল সেয়া সকলোৰে জ্ঞাত । অসমৰ বানৰ সমস্যাটোক লৈ কেৱল ৰাজনীতিহে কৰা হৈছে । সেয়া যি দলৰে চৰকাৰ নহওক কিয় !

বান সাহায্যৰ নামত কেন্দ্ৰৰ কৃপণালি :

Flood management Assam
কোন বৰ্ষত কিমান খৰচ ? (ETV Bharat graphic)

বিগত পাঁচটা বছৰত বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণ হিচাপে অসম চৰকাৰে ক্ষতিপূৰণ হিচাপে কেন্দ্ৰৰ পৰা ১০,৭৮৫.৩৮ কোটি টকা বিচাৰিছিল ৷ কিন্তু ইয়াৰ বিপৰীতে কেন্দ্ৰই অসমক মোকলাই দিয়ে মাত্ৰ ২০৫.৩১ কোটি টকা ৷ আনহাতে কেন্দ্ৰীয় উচ্চস্তৰীয় সমিতিয়ে অসমক বান তথা দুৰ্যোগৰ ক্ষতিপূৰণৰ নামত ১২৪৩.৬৯ কোটি টকা আদায় দিয়াৰ বাবে অনুমোদন দিছিল ।

লক্ষ্যণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্যকে এছ ডি আৰ এফ শিতানত বাৰ্ষিক নিৰ্দিষ্ট ধনৰ অনুমোদন দি আহিছে ৷ তদুপৰি কেন্দ্ৰীয় চৰকাৰে বান তথা যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবৰ বাবে ৰাজ্যসমূহক ক্ষতিপূৰণ হিচাপে এন ডি আৰ এফৰ পুঁজি আগবঢ়োৱাটো নিয়ম ৷ প্ৰতিবছৰে অসমত বান-খহনীয়া আৰু ভূমিস্খলনে তাণ্ডৱলীলা চলাই অহাৰ পিচতো কেন্দ্ৰীয় চৰকাৰে অসমৰ এছ ডি আৰ এফ শিতানত নগণ্য পৰিমাণৰ পুঁজিহে ধাৰ্য কৰি আহিছে ।

চৰকাৰে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত বিগত ২০১৮-১৯ বৰ্ষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে বানৰ ক্ষতিপূৰণ হিচাপে এন ডি আৰ এফ পুঁজিৰ পৰা সাহায্য বিচাৰিছিল ২৫০৯.০৭ কোটি টকা । অসম চৰকাৰৰ এই আবেদনৰ পিচতেই কেন্দ্ৰীয় আভ্যন্তৰীণ মন্ত্ৰী গোটে অসমত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি ক্ষয়ক্ষতি সন্দৰ্ভত কেন্দ্ৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল ।

এই প্ৰতিবেদনৰ পিচতেই কেন্দ্ৰৰ উচ্চস্তৰীয় সমিতিয়ে ক্ষতি-ক্ষতিৰ বাবদ ১৩৮.৩৮ কোটি টকা অনুমোদন জনাইছিল । কিন্তু এই অনুমোদনৰ পিচতো কেন্দ্ৰই অসমৰ বাবে ফুটাকড়ি এটাও মোকলাই নিদিলে ৷ সেইদৰে ২০১৯-২০ বৰ্ষতো অসম চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ পৰা ৩,২৩৭.৭৬ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি আবেদন জনাইছিল । কিন্তু সেইবাৰো মোদী চৰকাৰে অসমক কোনোধৰণৰ সাহায্য প্ৰদান নকৰিলে ।

২০২০-২১ বৰ্ষত দুৰ্যোগৰ ক্ষয়-ক্ষতিৰ বাবদ অসমে বিচৰা ২৬৪০.৮৭ কোটি টকাৰ বিপৰীতে মোকলাই দিলে মাত্ৰ ৪৪.৩৭ কোটি টকা । ২০২১-২২ বৰ্ষত বানৰ ক্ষতিপূৰণ হিচাপে ১০৮৮.১৮ কোটি টকা অনুদান বিচাৰি এটকাও নাপালে । সেইদৰে ২০২২-২৩ বৰ্ষত ৰাজ্য চৰকাৰে পুনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ পৰা বান তথা দুৰ্যোগৰ ক্ষতিপূৰণ হিচাপে ১৩০৯.৫০ কোটি টকা বিচাৰি লাভ কৰিলে ১৬০.৯৪ কোটি টকা ৷ অর্থাৎ ক্ষতিপূৰণ হিচাপে বিচৰা ১০,৭৮৫.৩৮ কোটি টকাৰ ৯৫৪১.৬৯ কোটি টকাই লাভ নকৰিলে ৷

প্ৰাকৃতিক দুৰ্যোগৰ বাবদ ব্যয় বুজন পৰিমাণৰ পুঁজি :

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা প্ৰকাশিত শেহতীয়া তথ্য মতে বিগত বাৰটা বছৰত ৰাজ্যত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বাবে প্ৰায় ১১,৮৮০ কোটি টকা কেৱল তৎকালীন সাহায্যৰ নামত ব্যয় কৰিবলগীয়া হৈছে । ৰাজ্যত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত আছে বান-খহনীয়াৰ উপৰি ভূমিস্খলন, ধুমুহা, খৰাং, ভূমিকম্প আদি দুৰ্যোগ । প্ৰতিবেদন অনুসৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰাজ্য চৰকাৰে সাহায্য প্ৰদান কৰে ক্ৰমে ২০১১-১২ বৰ্ষত ২৪৩.৬২ কোটি টকা, ২০১২-১৩ বৰ্ষত ২৯১.৩৩ কোটি টকা, ২০১৩-১৪ বৰ্ষত ৪৯৯.৪০ কোটি টকা, ২০১৪-১৫ বৰ্ষত ৭৫৯.৬৫ কোটি টকা, ২০১৫-১৬ বৰ্ষত ৪২৯.৯৪ কোটি টকা, ২০১৬-১৭ বৰ্ষত ১,৭৩১.১০ কোটি টকা, ২০১৭-১৮ বৰ্ষত ১,৭০৫.৭৪ কোটি টকা, ২০১৮-১৯ বৰ্ষত ৫২৫.০৪ কোটি টকা, ২০১৯-২০ বৰ্ষত ৫৬০.০১ কোটি টকা, ২০২০-২১ বৰ্ষত ৬২০.৩১ কোটি টকা, ২০২১-২২ বৰ্ষত ২,৫৫৭.৭৫ কোটি টকা আৰু ২০২২-২৩ বৰ্ষত ১,৯১৬.৩০ কোটি টকা । বছৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে কেৱল সাহায্যৰ নামতে বুজন পৰিমাণৰ পুঁজি ব্যয় কৰিবলগীয়া হয় ।

বানত বছৰি গড়ে ক্ষতি হয় এশ কোটি টকা পৰিমাণৰ গৃহ :

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ৰ তথ্য মতে ৰাজ্যখনত কেৱল বানৰ বাবে বছৰি গড়ে ১০০ কোটি টকা মূল্যৰ ঘৰ বিনষ্ট হয় ৷ কেঁচা আৰু পকী ঘৰ মিলি বছৰি অসংখ্য ঘৰ বানত উটি যায় । জলশক্তি মন্ত্ৰণালয়ৰ মতে বিগত ২০১৬ চনৰ পৰা ২০২৩ চনলৈ মুঠ ৭৯৮ কোটি টকা মূল্যৰ ঘৰ বান আৰু খহনীয়াত ধ্বংস হৈছে । সেইদৰে বছৰি হোৱা বানৰ ফলত লাখ লাখ বিঘা কৃষিভূমি ধ্বংস হোৱাৰ লগতে কোটি কোটি টকাৰ শস্যও উটি যায় । চৰকাৰী তথ্য মতে ২০১৮ চনৰ পৰা ২০২৩ চনলৈ অসমত হোৱা বানত ৰাজ্যখনৰ ৪৮৯.৯৪ কোটি টকা মূল্যৰ শস্য ধ্বংস হয় ।

ঘোষণা কৰা পেকেজ ঘোষণাতে থাকিল :

বিজেপিয়ে ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি কাৰ্যতঃ অসাৰ প্ৰতিপন্ন হ'ল ৷ সেইদৰে ২০১৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূবৰ বান পৰিস্থিতি আৰু প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাৰ বাবে ২,৩৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল৷ কিন্তু এই পেকেজৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলে এতিয়ালৈকে লাভ কৰিলে মাত্ৰ ১৯৭.৮৩ কোটি টকা ।

আনহাতে অসমক বিশেষ তৎকালীন সকাহ আৰু পুনৰ সংস্থাপনৰ বাবে ২৫০ কোটি টকা মোকলাই দিয়া হ'ব বুলি ঘোষণা কৰিছিল । তদুপৰি ১০০ কোটি টকাৰে ব্ৰহ্মপুত্ৰৰ বান গৱেষণাৰ বাবে আৰু মুঠ ২,৩৫০ কোটি টকাৰ ভিতৰত কেৱল অসমেই ১,২০০ কোটি টকা লাভ কৰিব বুলি কোৱা হৈছিল । কিন্তু এইপর্যন্ত অসম চৰকাৰে লাভ কৰা পুঁজিৰ পৰিমাণ হ'ল ১০১.৫২ কোটি টকা । এয়া হৈছে কেন্দ্ৰৰ অসমৰ প্ৰতি প্ৰেম-ভালপোৱাৰ প্ৰকৃত নিদৰ্শন ।

লগতে পঢ়ক : অসহায় আদৰ্শ কৃষক: হেৰুৱালে ২৫ বিঘা কৃষিভূমিৰ ১৫ লক্ষাধিক টকাৰ ফচল

লগতে পঢ়ক : অসমৰ বান পৰিস্থিতি সন্দৰ্ভত দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াৰ

লগতে পঢ়ক : লুইতৰ বুকুত বিলীন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়তৰ তিনিখনকৈ গাঁও

Last Updated : Jul 17, 2024, 7:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.