যোৰহাট : আপুনি বাৰু ভ্ৰমণ কৰি ভালপাই নেকি ? যদিহে আপুনি ভ্ৰমণ কৰি ভালপায় তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ পিছে ৰ’ব, বাছ, ৰে’ল নে বিমানেৰে যাত্ৰা কৰি আপুনি বাৰু ভালপায় ৷ ৰে’ল বা বাছেৰে যাত্ৰা কৰাতকৈ বিমানেৰে যাত্ৰা কৰিলে সময়ো ৰাহি হয় আৰু এক বিলাসো হয় ৷ কিন্তু বিমান যাত্ৰা বেছি ব্যয়বহুল ৷
কিন্তু এতিয়া আৰু চিন্তা নাই ৷ ৰে’ল বা বাছতকৈ সস্তা হৈছে বিমানৰ ভাৰা ৷ হয়, আপুনি ঠিকেই শুনিছে সস্তা হ’ল বিমানৰ ভাৰা ৷ আপুনি সাধাৰণতে যোৰহাট আৰু শিৱসাগৰ পৰা গুৱাহাটীলৈ বাছেৰে গ’লে ৭০০ ৰ পৰা ৮০০ টকা ভাৰা আদায় দিব লাগে । কিন্তু বাছৰ ভাৰাতকৈ কম মূল্যতে এতিয়াৰে পৰা অসমত বিমানত যাত্ৰা কৰিবলৈ সুবিধা পাব । কাৰণ যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশলৈ বিমানেৰে যাত্ৰা কৰিলে ভাৰা দিব লাগিব মাত্ৰ ৫০০ টকা ।
এই কথা বিশ্বাস কৰিবলৈ অসুবিধা হ’লেও, কিন্তু এই কথা সত্য ৷ মাত্ৰ ৫০০ টকাতেই বিমান যাত্ৰা যে কৰিব পাৰি সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে খোদ বিমান প্ৰাধিকৰণৰ বিষয়ববীয়াই ৷ ৰৰৈয়া বিমান বন্দৰৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে, ভাৰত চৰকাৰ এক বিশেষ আচঁনিৰ অধীনত বিমান যাত্ৰীসকলে এই সুবিধা লাভ কৰিব ৷ যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰ পৰা অৰুণাচল প্ৰদেশৰ তেজুলৈ ৫০০ টকাতেই বিমান যাত্ৰা কৰিব পাৰিব ।
যোৰহাটৰ পৰা সপ্তাহত চাৰিদিন তেজুলৈ বিমান চলাচল কৰিব ৷ অৰ্থাৎ সোমবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু দেওবাৰে এই সেৱা উপলব্ধ থাকিব বুলি উল্লেখ কৰে ৰৰৈয়া বিমান বন্দৰৰ বিষয়ববীয়াগৰাকীয়ে ৷ পুৱা ১০ বজাত ৰৰৈয়া বিমান বন্দৰৰ পৰা যাত্ৰা কৰিব লগীয়া বিমানখনে পুৱা ১১ বজাত গন্তব্য স্থান অৰ্থাৎ তেজুত অৱতৰণ কৰিব ।
লগতে তেজুৰ পৰা ইম্ফল আৰু পাচিঘাটলৈও যাত্ৰীবাহী বিমান চলাচল কৰিব বুলি তেওঁলোকে মত প্ৰকাশ কৰে ৷ সকলোকে এই যাত্ৰাৰ সুবিধা গ্ৰহণ কৰি উত্তৰ-পূবৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে ।