ETV Bharat / state

কৰিমগঞ্জত ভূমিস্খলনে কাঢ়ি নিলে একেটা পৰিয়ালৰে 5 জনৰ প্ৰাণ - landslide in karimganj

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:57 AM IST

Updated : Jun 19, 2024, 11:32 AM IST

landslide in karimganj : ভূমিস্খলনত নিঃশেষ হ’ল এটা পৰিয়াল ৷ কৰিমগঞ্জত সংঘটিত হৈছে এই ঘটনা ৷

Landslide
ভূমিস্খলন (ETV Bharat Assam)

কৰিমগঞ্জ, 19 জুন : এক শোকাৱহ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত ৷ য’ত একেটা পৰিয়ালৰে পাঁচজনকৈ লোকৰ মৃত্যু ঘটে ৷ কৰিমগঞ্জত বিগত কেইবাদিনৰে পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত মঙলবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷

কৰিমগঞ্জত ভূমিস্খলন (ETV Bharat Assam)

এই ভূমিস্খলনতে জিলাখনৰ বদৰপুৰত একেটা পৰিয়ালৰ ৫ জনকৈ লোকৰ মৃত্যু ঘটে । বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । আব্দুল কৰিম নামৰ এজন ব্যক্তিৰ পৰিয়ালটো মুহূৰ্ততে শেষ হৈ যায় এই ভূমিস্খলনৰ ঘটনাত ৷ পৰিয়ালটোৰ পাঁচজনকৈ লোকে সাৱটি লয় মৃত্যুক ৷়

ঘটনাস্থলীত উপস্থিত হৈ বদৰপুৰ আৰক্ষী আৰু SDRF এ চলাই আছে উদ্ধাৰ অভিযান । মাটিৰ তলৰ পৰা মৃতদেহ উদ্ধাৰ কৰি আছে SDRF এ ৷ ভূমিস্খলনৰ ফলত মৃত্যুবৰণ কৰা লোককেইজন হ’ল ক্ৰমে আব্দুল কৰিমৰ পত্নী ৰাইমুন নেছা(55), কন্যা সাহেদা খানম(18), জাহেদা খানম(16), হামিদা খানম(11) আৰু নাতি মেহেদি হাছান(3) ৷ এই ঘটনা নিশা প্ৰায় ১২ বজাত সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷

বিগত কিছুদিন পূৰ্বে অসমৰ চুবুৰীয়া ৰাজ্যসমূহতো সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা ৷ ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমৰ পৰা অৰুণাচল প্ৰদেশলৈকে কেইবাখনো ৰাজ্যত সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ যাৰ ফলত বহু অঞ্চলত বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা । সকলো স্থানতে উদ্ধাৰকাৰী দল উপস্থিত হৈ নিজ কাৰ্য কৰি জনসাধাৰণক ৰক্ষা কৰে ৷

উল্লেখ্য যে, বান, খহনীয়াৰ লগতে ভূমিস্খলনেও বৃহৎ ক্ষতিসাধন কৰে ৰাজ্যৰ আন্তঃগাঁথনিত ৷

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ ভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন - Landslides in Arunachal Pradesh

মেঘালয়ৰ ৰাতাছড়াত পুনৰ ভূমিস্খলন : গুৱাহাটীৰে যোগাযোগ বিচ্ছিন্ন বৰাকৰ - Landslides in Meghalaya

Last Updated : Jun 19, 2024, 11:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.