নলবাৰী, 8 মে’ : পুনৰ বিতৰ্কত আই এ এছ তথা নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা ৷ এইবাৰ চক্ৰ বিষয়াক হাৰাশাস্তি কৰাৰ অভিযোগ জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে ৷ জানিব পৰা মতে পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক মানসিকভাবে হাৰাশাস্তি চলাই অহাৰ অভিযোগত এখন চাৰি পৃষ্ঠা জোৰা এজাহাৰ দাখিল জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে ৷ যাৰ বাবে সাংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে জিলা আয়ুক্ত তথা আই এ এছ বৰ্ণালী ডেকাই ৷
- " class="align-text-top noRightClick twitterSection" data="">
অভিযোগ অনুসৰি পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাৰ সৈতে কিছু বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত চক্ৰ বিষয়া গৰাকীয়ে উপায়ন্তৰ হৈ মানসিক হাৰাশাস্তিৰ অভিযোগ তুলি নলবাৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বৰ্ণালী ডেকাৰ বিৰুদ্ধে ৷
উল্লেখ্য যে, নলবাৰী গৰ্ডন খেলপথাৰত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাম-কাজ চলি থকাৰ মাজতে দুয়োগৰাকী ৰাজপত্ৰিত বিষয়াৰ মাজত কথাৰ কটাকটি হৈছিল বুলি জানিব পৰা গৈছে ৷ পিচত মঙলবাৰে মাজনিশা 2.09 বজাত নলবাৰী সদৰ আৰক্ষী থানাত জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে চক্ৰ বিষয়া অৰ্পণা শৰ্মাই ৷
এজাহাৰ দাখিল কৰাৰ পিচত বৰ্তমান গোচৰ ৰুজু কৰা সন্দৰ্ভত নলবাৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জিলা আৰক্ষী অধীক্ষকৰ পৰা অনুমতি বিচাৰিছে বুলিও জানিব পৰা গৈছে ৷ দুগৰাকী প্ৰশাসনিক বিষয়াৰ মাজত সৃষ্টি হোৱা এই ঘটনাই এতিয়া জিলাখনত তুমুল চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : অসম কংগ্ৰেছৰ X একাউণ্টৰ নতুন নাম টেচলা ইভেণ্ট; কিন্তু কিয়? - APCC Twitter Account