ETV Bharat / state

নিৰীহৰ ওপৰত বীৰত্ব ! ইখনৰ পিছত সিখন এজাহাৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে - FIR AGAINST GUWAHATI COP

ডেলিভাৰী এজেন্টৰ ওপৰত বীৰত্ব দেখুৱাই বিপদত বৰবৰা । ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী কটনিয়ানৰ । দাখিল হৈছে এজাহাৰ, প্ৰেৰণ স্মাৰকপত্ৰ ।

FIR against Guwahati cop for beating up delivery boy
ডেলিভাৰী এজেন্টৰ ওপৰত বীৰত্ব দেখুৱাই বিপদত বৰবৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 6:34 PM IST

Updated : Nov 16, 2024, 7:59 PM IST

গুৱাহাটী: 'জনহিত জন সেৱার্থে'- এই সংকল্প লৈ আৰক্ষী সেৱাত যোগদান কৰা আৰক্ষী বিষয়া এজনে ডেলিভাৰী বয়ক ৰাজহুৱা স্থানত নির্মমভাৱে প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰা ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

শুকুৰবাৰে সন্ধিয়া কৰ্তব্যৰত জোৱানৰ নিৰ্দেশ অৱমাননা কৰাৰ অপৰাধতে ডেলিভাৰী বয়ক ৰাজহুৱা স্থানত নির্মমভাৱে প্ৰহাৰ কৰিছিল পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই ।

ডেলিভাৰী এজেন্টৰ ওপৰত বীৰত্ব দেখুৱাই বিপদত বৰবৰা (ETV Bharat Assam)

এই ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সাধাৰণ লোকৰ ওপৰত শক্তি প্ৰদৰ্শন কৰা আৰক্ষী বিষয়াজনৰ ব্যৱহাৰ গ্রহণযোগ্য নহয় বুলি স্পষ্ট কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আৰক্ষী বিষয়াজনক চাকৰিৰ পৰা নিলম্বন কৰে ।

শুকুৰবাৰে সন্ধিয়া ফাঁচী বজাৰত প্ৰকৃততে হৈছিল কি:

আলফাৰ ভাবুকিক লৈ পাণবজাৰ আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া ফাঁচীবজাৰৰ জেইল ৰোডত যান-বাহনৰ নিয়মীয়া তালাচী চলাইছিল । সন্ধিয়া প্রায় ৬:৩০ বজাত সেই পথেৰে আহিছিল ডেলিভাৰী ডট কম নামৰ সামগ্রী যোগানীয় প্রতিষ্ঠানটোত কৰ্মৰত জ্ঞানদীপ হাজৰিকা নামৰ যুৱকজন । ডেলিভাৰী এজেণ্টজনক স্কুটীৰে সেই পথেৰে আহি থকা দেখা পাই পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভার্গৱ বৰবৰাৰ লগতে আন এজন আৰক্ষী জোৱানে ডেলিভাৰী বয়জনক ৰ'বলৈ নিৰ্দেশ দিয়ে ।

কিন্তু আৰক্ষীৰ সেই নির্দেশ নামানি জ্ঞানদীপে আগবাঢ়ি যোৱাৰ চেষ্টা কৰে । তেনে সময়তে ভাৰপ্ৰাপ্ত বিষয়া ভার্গৱ বৰবৰাই ডেলিভাৰী এজেণ্টজনক আগচি স্কুটীৰ পৰা নমাই ডিঙিত চেপা মাৰি ধৰে আৰু মুখত ঘুঁচিয়াই, চৰিয়াই "তোক মাৰি পেলাম" বুলি ভাবুকি দিয়ে । ইয়াৰ পিছতেই জ্ঞানদীপ হাজৰিকাক প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিয়ে ।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া:

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমত উল্লেখ কৰে,"অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয় । বিপৰীতে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণক সেৱা আৰু সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰ হ’ব লাগিব। অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ’ল । আৰক্ষীয়ে ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে । আৰক্ষীয়ে সংস্কাৰ, জবাবদিহিতা আৰু মমত্বক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে । লগতে, এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তি এটাৰ বাবে নতুন পথ সৃষ্টি কৰিবলৈ খোজ দিয়াৰ সময় আহি পৰিছে ।"

আৰক্ষী বিষয়াই ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ কটনিয়ানৰ:

পাণবজাৰ আৰক্ষী থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই দেওবাৰৰ ভিতৰত ৰাজহুৱাকৈ জ্ঞানদীপ হাজৰিকাক ক্ষমা নুখুজিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে কটনিয়ানসকলে । কিয়নো এই ঘটনাৰ পিছত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা জ্ঞানদীপ হাজৰিকা মানসিকভাৱে ভাগি পৰিছে আৰু আত্মসন্মান লাঘৱ হৈছে বুলি তেওঁলোকে উল্লেখ কৰে । যিহেতু হাজৰিকাই কোনেও নজনাকৈ ডেলিভাৰী এজেণ্ট হিচাপে কাম কৰি নিজৰ প্ৰয়োজনখিনি পূৰণ কৰিছিল ।

লগতে কটনিয়ানসকলে উল্লেখ কৰে যে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তাৎক্ষণিকভাৱে তদন্তৰ ঘোষণা কৰিছে যে ইয়াৰ উচিত তদন্ত হওক । কিন্তু এয়া এটা টুইট বা ফেচবুক পেজতে যাতে সীমাবদ্ধ হৈ নাথাকে তাৰ প্ৰতি আহ্বান জনাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে । শুকুৰবাৰে ফাঁচী বজাৰত জ্ঞানদীপ হাজৰিকাৰ ওপৰত বৰ্বৰভাৱে আৰক্ষী বিষয়াই আক্ৰমণ কৰি এনে বৰ্বৰতাৰ পৰিচয় দিলে ৰাইজ কাৰ ওচৰলৈ যাব বুলি কটনিয়ানসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

FIR against Guwahati cop for beating up delivery boy
জ্ঞানদীপ হাজৰিকাৰ এজাহাৰ (ETV Bharat Assam)

পাণবজাৰ থানাত এজাহাৰ দাখিল:

শুকুৰবাৰে ডেলিভাৰী বয়ৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে দুগৰাকী সচেতন নাগৰিকে । পলাশ ৰঞ্জন বৰুৱা আৰু হিমাংশু গগৈয়ে পাণবজাৰ আৰক্ষী থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । এজাহাৰৰ প্ৰতিলিপি ৰাষ্ট্ৰপতি, উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়াধীশ, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে । ইফালে ভুক্তভোগী ডেলিভাৰী এজেন্ট জ্ঞানদীপ হাজৰিকায়ো অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।

ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ (ETV Bharat Assam)

আনহাতে ঘটনা সন্দৰ্ভত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ফালৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে । কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰক বৰ্বৰভাৱে আক্ৰমণ কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ পৰা ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰি আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হয় ।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগত অভিযোগ দাখিল:

শুকুৰবাৰে ‘ডেলিভাৰী এজেণ্ট’ৰূপে কৰ্মৰত এজন নিৰীহ ছাত্ৰক পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই কৰা অমানবীয় নিৰ্যাতনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগত অভিযোগ দাখিল কৰে ৰাইজৰ দলৰ নেতা তথা সামাজিক ন্যায় কৰ্মী ভবেন সন্দিকৈয়ে । শুকুৰবাৰে সংঘটিত এই বৰ্বৰ ঘটনাৰ পাছত দোষী আৰক্ষী বিষয়াগৰাকীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী উত্থাপন কৰে সন্দিকৈয়ে ।

শেহতীয়া তথ্য অনুসৰি ভাৰ্গৱ বৰবৰাক নিলম্বন কৰাৰ পিছতেই ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি থকা মনজিৎ তেৰাঙক পাণবজাৰ থানাৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক: যুৱকক প্ৰহাৰ কৰা পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন

Last Updated : Nov 16, 2024, 7:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.