ধেমাজি: ভৰ বাৰিষাৰ আহাৰ-শাওণ মাহৰ বোকা-পানীৰ কষ্টৰ অন্তত আঘোণত সোণগুটিৰে ভঁৰাল উপচি পৰাৰ আনন্দত নাচি উঠে কৃষকৰ মন-প্ৰাণ । কৃষক আৰু দাৱনীৰ হাতৰ কাঁচিৰ ছন্দত জীপাল হৈ পৰে পথাৰ ।
তাতে ৰবাব টেঙা, চকলা টেঙাৰ সোৱাদে আনি দিয়ে অধিক আনন্দ । নিমিষতে নাইকীয়া কৰে ক্লান্তি । কিয়নো আঘোণ মানেই ৰবাব টেঙা । ৰবাব টেঙাৰ জুতি অবিহনে যেন অসম্পূৰ্ণ আঘোণ ।
হেঁপাহৰ আঘোণৰ পথাৰত দুপৰীয়া ৰ’দত দাৱনী আৰু কৃষকে আনন্দৰে তৃপ্তিৰে জুতি লয় এই ফলবিধৰ । ৰবাব অতি উৎকৃষ্ট মানৰ সুস্বাদু ৰসাল ফল হোৱাৰ উপৰিও ভিটামিন চি আৰু কেইবাটাও বেমাৰৰ পৰা দেহক সুৰক্ষা প্ৰদান কৰা গুণেৰে সমৃদ্ধ । ৰবাব টেঙাৰ স্বাদ তুলনাবিহীন । ইয়াৰ জুতি লবলৈ ইখন পথাৰৰ পৰা সিখন পথাৰলৈ যায় দাৱনী । একেলগে বহি কলপাতত ভাগে ভাগে ৰবাব টেঙাৰ জুতি লোৱাৰ আমেজেই সুকীয়া । সেয়ে এতিয়া বজাৰে বজাৰে উপলব্ধ হৈছে ৰবাব টেঙা ।
ইপিনে আঘোণ মাহত ৰবাব টেঙাৰ গছ থকা কৃষক আৰু ব্যৱসায়ীসকলেও ফলবিধ বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হয় । পথাৰে-পথাৰে কোনোবা কৃষক পাহুৱাল ডেকাই ধানৰ ডাঙৰী কঢ়িয়াবলৈ গৈ গাভৰু দাৱনীজনীক মন ভুলাবলৈ গৈ দি যায় মৰমৰ ৰবাব টেঙা আৰু চকলা টেঙা । ধেমাজি নগৰৰ সমীপৰ মাটিখোলা গাঁৱৰ উদ্যমী খেতিয়ক মোলান ভূঞাৰ বাৰীৰ পৰা স্থানীয় ব্যৱসায়ীয়ে ক্ৰয় কৰে ৰবাব টেঙা ।
ভূঞাই নিজৰ বাৰীৰ ত্ৰিশ জোপা গছৰ পৰা এতিয়ালৈকে দুই হাজাৰো অধিক ৰবাব টেঙা বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিছে । এতিয়াও একোজোপা গছত এক হাজাৰ ৰবাব টেঙা পুৰঠ হৈ আছে আৰু বেপাৰীৰ বাবে সাজু কৰি ৰাখিছে বুলি জানিবলৈ দিয়ে । ঘৰলৈ দাৱনী আহিলে ১০/১২টা বিনামূলীয়াকৈ পাৰি দিয়ে তেওঁ । তেওঁৰ বাৰীত ইয়াৰ উপৰি চকলা টেঙা চোকা টেঙাও উপলব্ধ ।