ETV Bharat / state

অসহায় আদৰ্শ কৃষক: হেৰুৱালে ২৫ বিঘা কৃষিভূমিৰ ১৫ লক্ষাধিক টকাৰ ফচল - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 12:51 PM IST

Agricultural sector affected by flood : বছৰৰ দ্বিতীয়টো বানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল । বানৰ পিচত গেলিবলৈ ধৰিছে পাচলি ৷ বিধ্বস্ত খেতিপথাৰলৈ চাই কৃষকৰ হুমুনিয়াহ ।

Agricultural sector affected by flood
আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়া (ETV Bharat Assam)

তিনিচুকীয়া, ১৭ জুলাই: শেহতীয়াকৈ ৰাজ্যত বানে সৃষ্টি কৰিলে তাণ্ডৱ ৷ এইবাৰ বানে চুই গ’ল বহুতো ন ন ঠাই । বিভিন্ন অঞ্চলত বানাক্ৰান্ত ৰাইজৰ বিলাই-বিপত্তি নোহোৱা হৈছে । বাৰিষাৰ বাঢ়নী পানীয়ে কৃষক ৰাইজৰো সপোন ধ্বংস কৰিলে । বানৰ সময়ছোৱাত কোনোমতে নিজৰ প্ৰাণটোহে ৰক্ষা কৰা বানাক্ৰান্তৰ পানীয়ে উটুৱাই লৈ গ'ল সকলোবোৰ । বিশেষকৈ বানৰ বাবে কৃষকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । খেতিপথাৰত উৎপাদিত শাক-পাচলি বানৰ কবলত পৰি নষ্ট হৈছে । লগতে কৃষকৰ কঁকাল ভাঙি পেলাইছে এই বলিয়া বানে ।

বানপানী শুকাই যোৱাৰ পিছত এনে এক দৃশ্য পৰলক্ষিত হৈছে তিনিচুকীয়া জিলাৰ পেঙেৰীত । পেঙেৰীৰ বুঢ়ীদিহিং পাৰৰ এজন আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়া । সামাজিক মাধ্যমৰ জৰিয়তে অসমত সকলোৰে পৰিচিত এইজন কঠোৰ পৰিশ্ৰমী কৃষক ধনীৰামৰ খেতিপথাৰতো বাঢ়নী পানীয়ে তাণ্ডৱ চলালে । যাৰ বাবে বিভিন্ন শাক পাচলি, ফল-মূল আদিৰ নষ্ট হোৱাত ধনীৰাম চেতিয়া ১৫ লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হ'ব লগীয়া হৈছে ।

বছৰেকৰ বাবে ধনীৰামে প্ৰায় ২৫ বিঘা কৃষিভূমিত অমিতা, ভোট জলকীয়া, বেঙেনা, মাহ জাতীয় শস্যৰ লগতে বিভিন্ন প্ৰজাতিৰ আম, বগৰী, লিচু, মধুৰীআম, নাৰিকল আদিৰ খেতি কৰিছিল । এই সকলোবোৰ বুঢ়ীদিহিং নৈৰ পানীয়ে প্লাৱিত কৰাৰ ফলত এতিয়া সকলোবোৰ ফচলৰ গছ নষ্ট হৈছে । বহু চেষ্টা কৰিও গছসমূহ বচাব নোৱাৰিলে খেতিয়কজনে ৷

লগতে পঢ়ক:পানীত বুৰ যোৱা ধান কেইডৰালৈ চাই হুমুনিয়াহ কৃষকৰ - Assam Flood 2024

কৃষিকৰ্মৰ জৰিয়তে পৰিয়াল চলোৱা ধনীৰাম চেতিয়াই কেইবাজনো লোকৰ সৈতে লগলাগি ১৮ বিঘা ভূমিৰ এটা পুখুৰীত মৎস্য পালন কৰিছিল । বাঢ়নীপানীয়ে পুখুৰীটো বুৰাই পেলোৱাত এক বৃহৎ লোকচানৰ সন্মুখীন হৈছে । লমা লমে গছত লাগি থকা বিভিন্ন প্ৰজাতিৰ আম সৰি পৰিছে, ৬ বিঘা ভূমিৰ উন্নত প্ৰজাতিৰ অমিতা গছ, ৩ বিঘা ভূমি ভোট জলকীয়াৰ গছসমূহ মৰি যোৱাৰ বাবেও কেইবা লাখ টকাৰ উৎপাদন নষ্ট হোৱাত ধনীৰামৰ সপোন চূৰমাৰ হৈ গ'ল ।

এনে অনাকাংক্ষিত দুৰ্যোগৰ বাবে এক বৃহৎ লোকচানৰ সন্মুখীন হোৱা ধনীৰাম চেতিয়াক প্ৰয়োজন এতিয়া চৰকাৰ, ৰাজ্যৰ কৃষি বিভাগৰ পৰা সহায়ৰ । এই সহায়ত যাতে ধনীৰামে পূৰ্বৰ দৰে পুনৰ বিভিন্ন শাক-পাচলি,ফল-মূলৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হৈ অসমৰ গ্ৰাম্য অৰ্থনীতি টনকীয়াল কৰিব পাৰে ।

লগতে পঢ়ক:পথাৰত গেলিছে ফচল, পাচলিৰ খেতিপথাৰলৈ চাই কৃষকৰ হুমুনিয়াহ - Assam Flood 2024

পানীয়ে উটালে বালিয়ে পুতিলে ধান খেতি; দিশহাৰা কৃষক - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.