ETV Bharat / state

১০ জুলাইৰ ভিতৰত ৫ মাহৰ কমিছন আদায় দিবলৈ দাবী সুলভ মূল্য ব্যৱসায়ী সন্থাৰ - Fair Price Dealers Association

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:15 PM IST

Press Meet of Fair Price Dealers Association : চৰকাৰে সুলভ মূল্যৰ ব্যৱসায়ী সকলক আদায় দিয়া নাই কমিছন । বকেয়াও আছে ভালেমান । নিৰ্দিষ্ট সময়ৰ ভিতৰত আদায় নিদিলে চৰকাৰৰ বিৰুদ্ধে তৰিব গোচৰ ।

Press Meet of Fair Price Dealers Association
সুলভ মূল্য ব্যৱসায়ী সন্থা (ETV BHARAT ASSAM)

লখিমপুৰ, ২৫ জুনঃ সুলভ মূল্যৰ ব্যৱসায়ীক পাঁচ মাহৰ কমিছন দিয়া নাই চৰকাৰে । সেয়েহে ৰাজ্য়ৰ ৰাজধানী মহানগৰী কপাব সুলভ মূল্য ব্যৱসায়ী সন্থাই । সমান্তৰালভাৱে উচ্চ ন্যায়ালয়ত তৰিব গোচৰ । চৰকাৰে তেওঁলোকৰ কমিছন আদায় নিদিয়া বাবে সন্থাই এই সিদ্ধান্ত গ্রহণ কৰিছে ।

সোমবাৰে লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সন্থাৰ বিষয়ববীয়াসকলে এইদৰে চৰকাৰক সকীয়াই দিয়ে । সংবাদমেলত সন্থাৰ বিষয়ববী ধৰণীধৰ বৰা, হৰিনাৰায়ণ দত্তই বিগত সময়ত সুলভ মূল্যৰ ব্যৱসায়ীসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্য়াৰ বিষয়ে উল্লেখ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

সুলভ মূল্য ব্যৱসায়ী সন্থাৰ নেতৃত্বই কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ২০১৫ চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা, বর্তমান পি এম জি কে এ ৱাই নামেৰে বিনামূলীয়া চাউল হিতাধিকাৰীক সফলভাৱে বিতৰণ কৰি থকা ৰাজ্যখনৰ ৩৩,১৬৭ গৰাকী সুলভ মূল্যৰ দোকানীৰ পৰিয়াল আজি জলন্ত সমস্যাৰে জৰ্জৰিত ।

ৰাজ্যখনৰ ৬৬,২৭,৮৮১ টা ৰেচন কার্ডধাৰী পৰিয়ালৰ ২,৩১,৫৪,৩৯৬ গৰাকী হিতাধিকাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া বিনামূলীয়া চাউল প্রতিমাহে ৰাজ্যখনত ১,২৭,৮১৩.৭১ মেট্রিক টন চাউল EPOS মেচিনৰ দ্বাৰা বিতৰণ কৰি আহিছে । ইয়াৰ পাছতো বিগত ফেব্ৰুৱাৰীৰ পৰা জুনলৈকে মুঠ ৫ মাহৰ চাউল বিতৰণ কৰা কমিছনৰ টকাৰ বাবে সুলভ মূল্যৰ দোকানীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে ।

তেওঁলোকে পুনৰ কয় যে ৰাজ্যখনৰ সুলভ মূল্যৰ দোকানীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত সঘনাই ৰাজ্য চৰকাৰক দাবী উত্থাপনৰ লগতে আলোচনা কৰি অহা হৈছে যদিও আজিকোপতি চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে একো সুফল আদায় পোৱা নাই । বানে গৰকা ৰাজ্যখনত বহু প্রত্যাহ্বান নেওচি সন্থাই চৰকাৰৰ সকলো নির্দেশনা পালন কৰি ১০ দিনৰ ভিতৰতে অন্ন সেৱা দিন সফল কৰি আহিছে ।

কিন্তু চৰকাৰে অন্ন বিতৰণৰ দৰে এটি মহান জনকল্যাণমুখী বৃহৎ আঁচনি সফল কৰি থকা সুলভ মূল্যৰ দোকানীসকলক ৫ মাহে অনাহাৰে ৰখাটো অতিকে দুর্ভাগ্যজনক । তেওঁলোকে লগতে কয়," আমিও ভাৰতীয় নাগৰিক । আমাৰ পৰিয়ালৰ বাবে চৰকাৰৰ এনে উদাসীন আচৰণে আমাক আর্থিকভাৱে জুৰুলা কৰাৰ লগতে নিজ পৰিয়াল পোহপাল দিয়াত আমি সম্পূৰ্ণৰূপে ব্যর্থ হৈছো । জনকল্যাণকামী এখন চৰকাৰৰ এনে কার্য কেতিয়াও গ্রহণযোগ্য হ'ব নোৱাৰে ।"

সংবাদমেলখনত পূৰ্বৰ বকেয়া সন্দৰ্ভত তেওঁলোকে কয় যে ২০১৫ চনৰ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ মাৰ্চলৈকে প্রতি কুইণ্টলত ৪২.৯০ টকাকৈ ৪০ মাহৰ বকেয়া ৰাজ্যখনৰ সুলভ মূল্যৰ দোকানীয়ে চৰকাৰৰ পৰা পাবলৈ বাকী আছে । খাদ্য সুৰক্ষা আইনৰ অধীনত EPOS মেচিনৰ দ্বাৰা চাউল বিতৰণ কৰাৰ বাবদ সুলভ মূল্যৰ দোকানীসকলৰ বাবে অতিৰিক্তভাৱে প্রতি কুইণ্টলত ২৬ টকাকৈ ধাৰ্য কৰি কেন্দ্ৰীয় চৰকাৰে কমিছনৰ টকা মুকলি কৰি দি আহিছে যদিও উক্ত টকাৰ এটা টকাও ৰাজ্যখনৰ সুলভ মূল্যৰ দোকানীসকলক ৰাজ্য চৰকাৰে আদায় দিয়া নাই ।

লগতে পঢ়ক:পাকঘৰত ৰান্ধনিৰ কান্দোন, হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম - price hike in assam

যোৱা ১৪ জুনত গুৱাহাটীত অনুষ্ঠিত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত চৰকাৰৰ এনে কার্যক সকলো জিলাই তীব্ৰ বিৰোধিতা কৰে আৰু নিজৰ প্ৰাপ্য আজুৰি অনাৰ স্বার্থত উক্ত দুয়োটা বিষয়ক লৈ উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰাৰ সিদ্ধান্ত গ্রহণ কৰে । খাদ্য সুৰক্ষা আইনৰ অধীনত আগতীয়াকৈ সুলভ মূল্যৰ দোকানীসকলক চাউল বিতৰণ কৰাৰ বাবে কমিছন দিয়াৰ ব্যৱস্থা আছে যদিও কার্যক্ষেত্রত এয়া হৈ উঠা নাই ।

ফলস্বৰূপে একেলেঠাৰিয়ে ৫ মাহ চাউল বিতৰণ কৰাৰ পাছতো প্রাপ্য কমিছন আৰু বকেয়া ধনৰ বাবে ব্যৱসায়ী সকলে হাহাকাৰ কৰিবলগীয়া হৈ থকাত খাদ্য বিভাগৰ পৰা প্রতিদিনে ক'ভিড কালত অতিৰিক্তভাবে বিতৰণ কৰা পিএমজিকেএৱাই চাউল বিতৰণৰ হিচাপ বিচৰা, ই-কে ৱাই চি নির্দিষ্ট সময়ত সফল ৰূপায়ণ কৰা, ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা ২০২৪ চনৰ জুনলৈকে বিভিন্ন কাৰণত অফলাইনত বিতৰণ কৰা চাউলৰ পৰিমাণ অন্ন প'র্টেলত আপলোড কৰা আদি কামৰ বোজাই দি ব্যৱসায়ী সকলক ভাৰাক্রান্ত কৰি তুলিছে ।

তেওঁলোকে ক্ষোভ প্ৰকাশ কৰি কয় যে বিভাগৰ সকলো কাম সুলভ মূল্যৰ দোকানীসকলৰ মূৰত ভেজা দি সম্পূর্ণ আদায় কৰাৰ পাছতো প্রাপ্য কমিছন আদায় দিয়াত সম্পূৰ্ণৰূপে চৰকাৰ ব্যৰ্থ হৈছে । চৰকাৰে ইয়াৰ তীব্ৰ প্ৰতিবাদৰ মুখামুখি হ'ব লাগিব বুলি ক্ষোভ প্ৰকাশ কৰি তেওঁলোকে মুখ্যমন্ত্রী আৰু যোগান মন্ত্রীক ৰাজ্যখনৰ সুলভ মূল্যৰ দোকানীৰ পৰিয়ালক সকাহ দিয়াৰ স্বাৰ্থত চলিত জুন ৰ ভিতৰতে ৰাজ্য চৰকাৰৰ ভঁৰালৰ পৰা ধন আদায় দিবলৈ আহ্বান জনাইছে ।

অন্যথা ব্যৱসায়ীসকলৰ ধৈৰ্যৰ বান্ধ ছিগি যাব বুলি উল্লেখ কৰি যদিহে ১০ জুলাইৰ ভিতৰত ৫ মাহৰ সম্পূৰ্ণ কমিছন সুলভ মূল্যৰ দোকানীসকলে আদায় নাপায়, তেন্তে ৰাজ্যিক কার্যনির্বাহক সভাৰ সিদ্ধান্ত অনুসৰি ১৫ জুলাইৰ পৰা তিনিদিনীয়া ধাৰাবাহিক প্রতিবাদী কাৰ্যসূচী হিচাপে ৰাজ্যৰ ৰাজধানীত প্ৰতিবাদ কৰিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক: মহানগৰীৰ বজাৰত আলু-পিঁয়াজৰ দামে স্পৰ্শ কৰিলে অৰ্ধশতকৰ ঘৰ - PRICE HIKE IN GUWAHATI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.