গুৱাহাটী,২২ জুন: অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমান পৰিল পত্নীৰ ৰোষত । পত্নীৰ লগত বিবাহ বিচ্ছেদ নকৰাকৈ আন মহিলাৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত আটক কৰা হয় জিয়াউৰ ৰহমানক । প্ৰথমা পত্নীৰ অভিযোগ অনুসৰি অসম জাতীয় পৰিষদৰ সম্পাদক তথা মুখপাত্ৰৰ দায়িত্বত থকা জিয়াউৰ ৰহমানে বিগত বহু বছৰ ধৰি আন মহিলাৰ সৈতে হাতীগাঁৱৰ দৃষিকা এপাৰ্টমেণ্টত সহবাস কৰি আহিছে ।
অৱশেষত অতিষ্ঠ হৈ শনিবাৰে স্থানীয় লোকৰ সহযোগত পত্নী দৃষিকা এপাৰ্টমেণ্টত উপস্থিত হয় । লগে লগে ঘটনাস্থলীত হাতীগাঁও আৰক্ষী থানাৰ এটা দলো উপস্থিত হৈ জিয়াউৰ ৰহমানক সোধাপোছাৰ বাবে থানালৈ আনে । ইফালে পত্নীয়ে জনোৱা অনুসৰি বিচ্ছেদৰ পিচত খৰচ বহনৰ বাবে পাৰিবাৰিক আদালতত ৰুজু হৈ আছে এটা গোচৰ । সেই গোচৰৰ ভিত্তিত মাত্ৰ ৮০০০ টকাহে পাইছে পত্নীয়ে ।
লগতে তেওঁ জনাই যে জিয়াউৰৰ ৰহমানৰ আছে দুগৰাকী কন্যা সন্তানো । পুৰ্বেও জিয়াউৰ ৰহমানে পত্নীক শাৰীৰিকভাবে নিৰ্যাতন কৰাৰ উপৰিও পত্নীৰ মাতৃকো নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছিল । উক্ত ঘটনা সন্দৰ্ভত পানবজাৰ মহিলা আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ । ইমানৰ পাচতো আইনীভাৱে বিবাহ বিচ্ছেদ নোহোৱাকৈ জিয়াউৰ ৰহমানে আন মহিলাৰ সৈতে কিয় সহবাহ কৰিব বুলি ক্ষোভিত হৈ পৰে তেওঁৰ পত্নী ।
পত্নীয়ে কয়, "২০০৭ চনত আমি বিবাহপাশত আৱদ্ধ হৈছিলো । আমাৰ প্ৰথম সন্তান ২০০৯ চনত আৰু দ্বিতীয় সন্তান ২০১৫ চনত জন্মলাভ কৰে । ইয়াৰ মাজতে ২০১৪ ত মই চাকৰি লাভ কৰিছিলো । ২০১৫ চনৰ অক্টোবৰ মাহৰ পৰাই আমাৰ সম্পৰ্ক বেয়া হৈ আহিছিল । দুইগৰাকী কন্যা সন্তান জন্ম দিয়াৰ পিচৰে পৰাই মোৰ স্বামীয়ে মানসিক আৰু শাৰীৰিকভাবে অত্যাচাৰ কৰিছে ।"
লগতে তেওঁ কয়- "বহু বিচাৰ খোচাৰ কৰিও একো নাপালো । পাৰিবাৰিক আদালতত কেৱল খোৰাকী বিচৰা গোচৰহে চলি আছে । তাৰ বাহিৰে বিবাহ বিচ্ছেদৰ কোনো গোচৰ তথা বিবাহ বিচ্ছেদ হোৱা নাই । কিন্তু তেওঁ অবৈধভাৱে অন্য মহিলাৰ সৈতে সহবাস কৰি আহিছে । তেওঁ সন্তানক খৰচ দিব নোৱাৰে, কিন্তু আনৰ নামত XUV গাড়ী ক্ৰয় কৰি বিলাসিতা কৰি আছে । তেওঁ চাৰিবাৰকৈ বিবাহপাশত আৱদ্ধ হৈ আফগানিস্তানৰ নীতি-আদৰ্শ অসমত স্থাপন কৰিব খুজিছে ।" জাতীয়তাবাদী নেতাই এনে ৰূপ দেখুৱালে ভৱিষ্যতে তেওঁৰ পৰা অসমৰ ৰাইজে আৰু কি আশা কৰিব পাৰে বুলি তেওঁ কটাক্ষ কৰে জিয়াউৰ ৰহমানক ।