ETV Bharat / state

নতুন দূৰসংযোগ আইনৰ লাভালাভ কি ? এগৰাকী আইনজ্ঞৰ দৃষ্টিৰে ইয়াৰ ব্যাখ্যা - NEW TELECOM ACT

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 4:38 PM IST

New Telecom Act : বহু বিতৰ্ক আৰু জল্পনা-কল্পনাৰ অন্তত ২৬ জুনৰ পৰা দেশত বলৱৎ হৈছে দূৰসংযোগ আইন, 2023 ৷ কিন্তু এই আইনখনৰ পৰা প্ৰত্যাশা অনুযায়ী সুফল লাভ কৰিব পৰা যাবনে ? টেলিকম ক্ষেত্ৰখনত সংঘটিত অপকৰ্ম ৰোধৰ ক্ষেত্ৰত এই আইনখনৰ ভূমিকা কি হ'ব ? নতুন আইনখনৰ বিভিন্ন দিশ সামৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহানৰ সৈতে ই টিভি ভাৰত অসমৰ সাংবাদিক কুলগীতা সাউদৰ এক বিশেষ সাক্ষাৎকাৰ ।

NEW TELECOM ACT
নতুন টেলিকম আইন কি (ETV Bharat Assam)

গুৱাহাটী, ৩ জুলাই : চলিত বৰ্ষৰ ২৬ জুনৰ পৰা দেশত বলৱৎ হৈছে নতুন 'দূৰসংযোগ আইন-২০২৩' । এই নতুন দূৰসংযোগ আইনখন ২০২৩ চনৰ ২০ ডিচেম্বৰত লোকসভাত আৰু ২১ ডিচেম্বৰত ৰাজ্যসভাত গৃহীত হয় । ইয়াৰ পাচত আইনখনত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰে ।

নতুন টেলিকম আইন সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ ব্যাখ্যা (ETV Bharat Assam)

কিন্তু কি আছে এই নতুন আইনখনত ? এই নতুন আইনখনে কি কি নতুন বিধি ব্যৱস্থা আনিছে ? ইয়াৰ পৰা কেনেদৰে লাভান্বিত হ'ব দেশৰ জনসাধাৰণ ? নতুন আইনখন প্ৰযোজ্য হোৱাৰ ফলত টেলিকম ক্ষেত্ৰৰ অপকৰ্ম ৰোধৰ ক্ষেত্ৰত চৰকাৰ তথা দেশৰ ন্যায় ব্যৱস্থাই কি নতুন ভূমিকা গ্ৰহণ কৰিব ? এই সকলো দিশ সামৰি জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে আগবঢ়াইছে আইনখন সন্দৰ্ভত এক সম্যক ধাৰণা ।

এই নতুন আইনখনত আছে ৬২টা ধাৰা । অৱশ্যে সম্প্রতি আইনখনৰ ৩৯টা ধাৰাহে বলৱৎ কৰা হৈছে । আইনখন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা বিজন মহাজনে কয়, "দূৰসংযোগ আইন-২০২৩ৰ জৰিয়তে ১৩৮ বছৰ পুৰণি ব্ৰিটিছৰ দিনৰ ভাৰতীয় টেলিগ্রাফ আইনখন সলনি কৰা হৈছে । নতুন আইনখনৰ অধীনত চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষা বা নিৰাপত্তাজনিত কাৰণত যিকোনো দূৰসংযোগ সেৱা বা নেটৱৰ্ক আৰু ইয়াৰ ব্যৱস্থাপনা অধিগ্রহণ কৰিব অথবা বাতিল কৰিব পাৰিব ।"

তেওঁ লগতে কয়, "যুদ্ধৰ লেখীয়া পৰিস্থিতিত চৰকাৰে প্ৰয়োজনত দূৰসংযোগ নেটৱৰ্কৰ মেছেজ অথবা ফোনকলবোৰত অৱৰোধ বা হস্তক্ষেপ কৰিব পাৰিব । স্পাম কল, ভুৱা মেছেজ আদিৰ বিষয়েও আইনখনত উল্লেখ আছে । আইনখন উলংঘা কৰিলে জৰিমনা আৰু কাৰাদণ্ড দুয়োটাৰে কথাও উল্লেখ আছে । ভাৰতীয় টেলিগ্ৰাফ আইনখনৰ পৰিসমাপ্তি ঘটাই ইয়াৰ পৰিসীমাৰ কাঠামো বহুখিনি বৃদ্ধি কৰা হৈছে ।"

বৰ্তমান সময়ত আইনখনৰ প্ৰাসংগিকতা সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়, "আজিৰ সময়ৰ লগত সংগতি ৰাখি নতুন আইনখনৰ প্ৰয়োজন আছে । আইনখনত কেইবাটাও পেনেল ধাৰা আছে । আইনখনৰ ৪২ নং ধাৰাত আইনখন উলংঘা কৰিলে ৩ বছৰৰ কাৰাদণ্ড নাইবা ২ কোটি পৰ্যন্ত জৰিমনা বা দুয়োটা শাস্তিয়ে হ'ব পাৰে ।" আনহাতে, আইনখন উলংঘা কৰিলে যেনেধৰণৰ শাস্তিৰ কথা উল্লেখ আছে, তাৰ দ্বাৰা ছাৰ্ভিচ প্ৰভাইডাৰ বা নেটৱৰ্ক প্ৰভাইডাৰসকল অপকৰ্মৰ পৰা বিৰত থাকিব বুলিও তেওঁ মন্তব্য কৰে ।

নিজৰ সম্যক জ্ঞানৰ পৰা আইনখন সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে শেষত মন্তব্য কৰে যে টেলিকম ক্ষেত্ৰখনত যথেষ্ট অপকৰ্ম সংঘটিত হৈ আহিছে বা অপকৰ্ম কৰিব বিচাৰে । এতিয়া এই নতুন আইনখনৰ বিধি ব্যৱস্থাৰ বাবে তেওঁলোকে এই অপকৰ্মৰ পৰা বিৰত থাকিবলৈ বাধ্য হ'ব ।

লগতে পঢ়ক :কংগ্ৰেছৰ দিনত হোৱা অনিয়মৰ তদন্ত চিবিআইলৈ : সিদ্ধান্ত ৰাজ্যিক কেবিনেটত - Bordikorai Hydro Electric Project
লগতে পঢ়ক :নগাঁৱৰ জেঙনিত বাঘৰ আতংক, ন্যায় সংহিতাৰ 163 ধাৰা জাৰি - TIGER SCARE IN NAGAON

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.