ETV Bharat / state

চৰকাৰক শক্তিৰ উমান দিবলৈহে একেলগে ২৫ টা বোমা : আৰু কি কি ক’লে পৰেশ বৰুৱাই ? - ULFA I Bomb Plant

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 5:44 PM IST

Updated : Aug 16, 2024, 6:22 PM IST

Paresh Baruah on bomb installation : আলফা(স্বা)ক অৱজ্ঞা কৰিছে চৰকাৰে ৷ সেয়ে শক্তি প্ৰদৰ্শনৰ বাবে সংস্থাপিত কৰা হ’ল একেলগে ২৫ টাকৈ বোমা ৷ একালৰ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ ঘৰত বোমা পুতিবলৈ কোৱা নাছিল আলফা(স্বা)ই ৷ তেন্তে কাৰ প্ৰৰোচনাত কোনে চেতিয়াৰ বাসগৃহত বোমা পুতিছিল ? আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সবিশেষ ক’লে অনুপ চেতিয়াক ৷ চেতিয়াৰ সৈতে ই টিভি ভাৰতৰ EXCLUSIVE সাক্ষাৎকাৰ...

Paresh Baruah on bomb installation
আলফা(স্বা)ৰ বোমা সংস্থাপন সন্দৰ্ভত প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ সৈতে সাক্ষাৎকাৰ (Etv BharatETV Bharat Assam)

নিউজ ডেস্ক, ১৬ আগষ্ট : ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনত বিস্ফোৰিত হোৱাকৈ আলফা(স্বা)ই ৰাজ্যৰ ২৫টা স্থানত সংস্থাপন কৰিছিল বোমা ৷ কিছু বিজুতিৰ বাবে বোমাকেইটা বিস্ফোৰিত নহ’লেও এই ঘটনাই পুনৰ ৰাজ্যবাসীক আতংকিত কৰি তুলিছে ৷ সংস্থাপিত বোমাকেইটাৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান, কিছু বোমা উদ্ধাৰ কৰিছে আৰু কিছু এতিয়াও উদ্ধাৰ হোৱা নাই ৷

আলফা(স্বা)ৰ বোমা সংস্থাপন সন্দৰ্ভত প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ সৈতে সাক্ষাৎকাৰ (ETV Bharat Assam)

কিন্তু দীৰ্ঘসময়ৰ পিছত হঠাৎ কিয় আলফা(স্বা)ই এই পন্থা পুনৰ অৱলম্বন কৰিলে ? নিষিদ্ধ সংগঠনটোৰ তৰফৰ পৰা এইপৰ্যন্ত সেইসমূহ কাৰণ ৰাজহুৱা কৰা নাই যদিও সংগঠনটোৰ পূৰ্বৰ সতীৰ্থসকল কিদৰে অৱগত ? এই কথা জানিবলৈ ই টিভি ভাৰতৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ সৈতে ৷ চেতিয়াই জানিবলৈ দিয়া অনুসৰি আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই এই সন্দৰ্ভত কেবাবাৰো তেওঁৰ সৈতে বাৰ্তালাপ কৰিছে ৷ সেই সমগ্ৰ কথা-বতৰাৰ কিছু কথা ই টিভি ভাৰতক জনাইছে অনুপ চেতিয়াই ৷

চৰকাৰে আলফা(স্বা)ক অৱজ্ঞা কৰিছে : পৰেশ বৰুৱা

ই টিভি ভাৰতক অনুপ চেতিয়াই জনোৱা অনুসৰি পৰেশ বৰুৱাই তেওঁক কয়, ‘‘ চৰকাৰে আমাক গুৰুত্ব দিয়া নাই ৷ আলফা(স্বা)ক অৱজ্ঞা কৰিছে ৷ স্বাধীন অসমৰ দাবীটোক তেওঁলোকে অৱমূল্যায়ণ কৰিব বিচাৰিছে ৷ গতিকে আমাৰ যে শক্তি আছে, সেয়া প্ৰতিপন্ন কৰিবলৈকে আমি বোমাকেইটা সংস্থাপন কৰিলো ৷’’

জনসমাগমৰ এলেকাত সংস্থাপন কৰা নাই বোমা : অনুপ চেতিয়া

আলফা(স্বা)ই বোমা সংস্থাপন কৰা ঠাইৰ সন্দৰ্ভত অনুপ চেতিয়াই কয়, ‘‘দেখা গৈছে যে জনসমাগম থকা ঠাইত তেওঁলোকে বোমাবিলাক সংস্থাপন কৰা নাই ৷ পৰিত্যক্ত বাছ, পৰিত্যক্ত এম্বুলেন্স আদি আইছ’লেটেড ঠাইত বোমাবোৰ সংস্থাপন কৰিছে ৷ তেওঁলোকৰ লক্ষ্য বোমাৰ জৰিয়তে মানুহ মৰাটো নাছিল ৷ গতিকে তেওঁলোকৰ শক্তি প্ৰতিপন্ন কৰিবৰ বাবেই এইদৰে বোমা সংস্থাপন কৰিছে ৷’’

আৰক্ষীৰ পানী নসৰকা নিৰাপত্তাৰ মাজত কিদৰে এয়া সম্ভৱ হ’ল ?

শেহতীয়াকৈ অসম আৰক্ষীলৈ বৃহৎ পৰিৱৰ্তন অনাৰ দাবী কৰি অহা হৈছে গৃহ বিভাগৰ তৰফৰ পৰা ৷ অসম আৰক্ষীক স্মাৰ্ট আৰক্ষী হিচাবে অভিহিত কৰা হৈছে ৷ স্বাধীনতা দিৱসৰ পূৰ্বে আৰক্ষীয়ে গ্ৰহণ কৰিছিল নিৰাপত্তাৰ দিশত বিশেষ তৎপৰতা ৷ তাৰ মাজতে ৰাজ্যৰ ২৫ টাকৈ স্থানত কিদৰে এটা নিষিদ্ধষোঘিত সংগঠনে সংস্থাপন কৰিলে বোমা ? চোৰাংচোৱা কিদৰে বিফল হ’ল ?

এই সন্দৰ্ভত অনুপ চেতিয়াই কয়, " আলফা(স্বা)য়ো কৌশলগতভাৱে কামবিলাক কৰিছে ৷ টেলিফোনত কোনোধৰণৰ কথা-বতৰা পতা নাই, কাৰণ টেলিফোনত টেপ হৈ থাকে বুলি তেওঁলোকে জানে ৷ গতিকে মৌখিকভাৱে নিৰ্দেশনা দি ল’ৰাবিলাকক পঠিয়াইছে ৷ চোৰাংচোৱাই ফোন টেপিঙৰ জৰিয়তেহে কথাবোৰ জানিব পাৰে ৷ ফোনত কথা নাপাতিলে ধৰা পেলাব নোৱাৰে ৷ "

তদুপৰি অনুপ চেতিয়াই কয়, " আৰক্ষীয়ে পহৰা দিছে অসম-অৰুণাচল সীমান্তৰ হাবিত ৷ চাৰিওফালে হাবি থকাৰ বাবে যিকোনো মুহূৰ্তত মানুহ সোমাই আহিব পাৰে ৷ অসম আৰক্ষী ইমান শক্তিশালী নহয় যে প্ৰতিজন মানুহৰ ওপৰত দৃষ্টি ৰাখিব পাৰিব ৷ সেই ব্যৱস্থা আমাৰ মাজত নাই ৷ আৰক্ষীয়ে ১৫ আগষ্টৰ অনুষ্ঠান অনুষ্ঠিত হোৱা অঞ্চলসমূহত যাতে কোনো ঘটনা নহয়, তাৰ বাবেহে চোকা নজৰ দিছে ৷ কিন্তু পৰিত্যক্ত এসম্বুলেন্স এখনত যে বোমা ৰাখিব সেইটো কেনেকৈ জানিব ? পৰিত্যক্ত বাছ, এম্বুলেন্স এখনত পুৱতি নিশা টোপোলা এটা ৰাখি থৈ আহিলেও কোনে চাব ? "

অনুপ চেতিয়াৰ বাসগৃহত কোনে সংস্থাপিত কৰিলে বোমা ?

প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ বাসগৃহতো বোমা সংস্থাপিত কৰাৰ কথা উল্লেখ কৰে আলফা(স্বা)ই ৷ এই খবৰ লাভৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত ৷ কিন্তু একো লাভ নকৰিল ৷ অনুপ চেতিয়াৰ বাসগৃহৰ কোন স্থানত বোমা সংস্থাপিত কৰা হ’ল ? চেতিয়াই কয়, " আজি পুৱা পৰেশ বৰুৱাই মোক কয় যে আপোনাৰ ঘৰৰ আগফালে আৰু পিছফালে বোমা পুতিছে ৷ লগে লগে মই মুখ্যমন্ত্ৰী আৰু আৰক্ষীক জনালো ৷ কিন্তু আৰক্ষীয়ে অভিযান চলাই একো নাপালে ৷ তাৰ পিছত পৰেশ বৰুৱাই আকৌ ফোন কৰি মোক জনালে যে আপোনাৰ ঘৰৰ আগফালৰ ফুটমেটৰ তলত কৰিছে ৷ কিন্তু তাতো কোনো চিন পোৱা নগ’ল ৷ "

অনুপ চেতিয়াই কয়, " এনেকুৱা সন্দেহ হৈছে যে যিকেইটা ল’ৰাক বোমা পুতিবলৈ কৈছিল, তেওঁলোকে চাগৈ মিচাকৈয়ে আলফা(স্বা)ৰ নেতৃত্বক ক’লে যে অনুপ চেতিয়াৰ ঘৰতে সংস্থাপিত কৰিলো ৷ পৰেশ বৰুৱাই মোক কয় যে মোৰ ঘৰত বোমা পুতিবলৈ কোৱা নাছিল ৷ কিন্তু মোৰ বিপক্ষত থকা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি আৰু নিৰ্যাতনবিৰোধী ঐক্যমঞ্চই অনুপ্ৰাণিত কৰোৱাই মোৰ ঘৰত বোমা পুতোৱাইছে বুলি পৰেশ বৰুৱাই কয় ৷ "

লগতে পঢ়ক : আলফা(স্বা)ৰ বিস্ফোৰণৰ পৰিকল্পনা বিফল: অসমৰ বিকাশৰ স্বাৰ্থত পৰেশ বৰুৱালৈ পুনৰ শান্তিৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ

প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ বাসগৃহত বোমা বিচাৰি অভিযান

Last Updated : Aug 16, 2024, 6:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.