ETV Bharat / state

আদালতৰ দ্বাৰস্থ হ'ব সোণাপুৰৰ উচ্ছেদিত পৰিয়াল; উচ্চতম ন্যায়ালয়তো তৰিব গোচৰ - sonapur eviction incident

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 8:17 PM IST

Sonapur Eviction: ১২ ছেপ্টেম্বৰত উচ্ছেদৰ সময়ত ৰণক্ষেত্ৰত পৰিণত হৈছিল সোণাপুৰৰ কচুতলী । এই ঘটনাত দুজন লোক নিহত হোৱাৰ উপৰি আন কেইবাগৰাকীও আহত হয় । আনহাতে, আহত হ'বলগা হয় আৰক্ষী তথা প্ৰশাসনৰ কেইবাগৰাকীও লোক । এতিয়া এই উচ্ছেদৰ বিৰুদ্ধে উচ্ছেদিত লোকসকল আদালতৰ দ্বাৰস্থ হ'বলৈ আগবাঢ়িছে ।

Sonapur Eviction Case
আদালতৰ দ্বাৰস্থ হ'ব সোণাপুৰৰ উচ্ছেদিত পৰিয়াল (ETV Bharat Assam)

গুৱাহাটী, 17 ছেপ্টেম্বৰ: কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী জনজাতীয় বেল্টৰ ভূমিত চলা ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব উচ্ছেদিত লোকসকল । এই কথা সদৰী কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনাইদ খালিদে ।

উল্লেখ্য যে উচ্ছেদক কেন্দ্ৰ কৰি যোৱা 12 ছেপ্টেম্বৰত ৰণক্ষেত্ৰত পৰিণত হৈছিল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলী । উচ্ছেদিত আৰু উত্তেজিত লোকৰ ক্ষোভ দমনৰ বাবে আৰক্ষী প্ৰশাসনে গুলীচালনা কৰিবলগীয়া হোৱাৰ ফলত দুজনকৈ লোক নিহত আৰু আন 13 আহত হয় । লগতে আৰক্ষী-প্ৰশাসনৰো 22 গৰাকীকৈ লোক আহত হয় ।

তাৰ পিচত উত্তেজনাপূৰ্ণ হৈ পৰে অঞ্চলটো । আহাতে, এই ঘটনাৰ পিচতে যোৱা বৃহস্পতিবাৰে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ জনজাতীয় বেল্ট আৰু ব্লক এলেকাত অবৈধভাৱে বসবাস কৰি থকা লোকক তিনিদিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই এখন জাননী জাৰি কৰে ।

ইয়াৰ পিচত সোমবাৰে‌ বহু লোকে ঘৰ‌ খালী কৰি তাৰ‌ পৰা গুচি যায় । ‌এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনাইদ খালিদে কয়, "চৰকাৰৰ এই উচ্ছেদ অভিযানত কেইবাগৰাকীও উচ্ছেদিত লোক আৰক্ষীৰ আক্ৰমণত আহত হৈছে ।‌ দুজনৰ মৃত্যু হৈছে । আহতসকলৰ কেইবাজনো জি এম চি এইচত চিকিৎসাধীন‌ হৈ আছে । এজন আই চি ইউত চিকিৎসাধীন‌ হৈ আছে ।"

তেওঁ লগতে কয়, "উচ্ছেদ কৰা বহু লোক জনজাতীয় বেল্টৰ ভূমি ঘোষণা কৰাৰ পূৰ্বে বসবাস কৰা । ‌কিছুমান 100 বছৰ পূৰ্বৰে পৰা বসবাস কৰা ।‌ ভূমিৰ ম্যাদী পট্টা আছে । গতিকে এই ক্ষেত্ৰত সকলো নথি-পত্ৰ লৈ আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিম ।"

আৰক্ষীয়ে আইন অনুসৰণ নকৰাৰ অভিযোগ তুলি অধিবক্তাগৰাকীয়ে কয়, "অঞ্চলটোত উচ্ছেদ কৰাৰ সময়ত The Right to Fair Compensation and Transparency in Land Acquisition, Rehabilitation and Resettlement Act, 2013 (LARR) আইনখন চৰকাৰে অনুসৰণ কৰা নাই । ‌লগতে উচ্ছেদৰ ক্ষেত্ৰত থকা ৰাষ্ট্ৰসংঘৰ নিদৰ্শনা পালন কৰা হোৱা নাই ।‌ মানৱাধিকাৰ ভংগ কৰা হৈছে । গতিকে এই সকলো বিষয় লৈ আদলতৰ দ্বাৰস্থ হোৱা যাব ।"

লগতে পঢ়ক :সোণাপুৰৰ কচুতলীৰ পৰা বেদখলকাৰীৰ উভতনি যাত্ৰা - Sonapur Eviction incident
লগতে পঢ়ক :প্ৰসংগ উচ্ছেদ; মুখ্যমন্ত্ৰীক পুনৰ কটাক্ষ ভূপেন কুমাৰ বৰাৰ - Sonapur Eviction

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.