ETV Bharat / state

দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ শূন্য সহনশীল ! তৎস্বত্বেও ভয় নাই কিয় একাংশ বিষয়া-কৰ্মচাৰীৰ ? - ZERO TOLERANCE STAND

নিলম্বিত হৈ আছে অৰ্ধশতাধিক শীৰ্ষ বিষয়া । গ্ৰেপ্তাৰ হৈছে আঢ়ৈ শতাধিক বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰী । গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পৰা জব্দ ৭,৮০,৭০,৫০০ টকা ।

Zero tolerance stand of government
দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ শূন্য সহনশীল ! তৎস্বত্বেও ভয় নাই কিয় একাংশ বিষয়া-কৰ্মচাৰীৰ ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 10:09 PM IST

গুৱাহাটী: শাসনভাৰ গ্ৰহণ কৰাৰ পিছৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰি আহিছে । দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো কিন্তু ৰোধ হোৱা নাই দুৰ্নীতি । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত চৰকাৰী বিভিন্ন সংস্থাই দুর্নীতিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । যাৰ বাবে এজনৰ পাছত আনজনকৈ দুর্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী ধৰা পৰি আহিছে । ৰাজ্যৰ জিলাসমূহৰ কথা বাদেই স্বয়ং ৰাজধানীতে দুৰ্নীতিৰ বিশাল সাম্ৰাজ্য আছে । দিছপুৰৰ জনতা ভৱনতে বহি একাংশ বিষয়া-কৰ্মচাৰীয়ে দীর্ঘদিন চলাই আহিছে দুৰ্নীতিৰ বৃহৎ বজাৰ । শেহতীয়াকৈ জনতা ভৱনৰ আৱকাৰী বিভাগৰ শাখা বিষয়া পার্থ হাজৰিকা ঘোচ লৈ হাতে-লোটে আৰক্ষীৰ জালত পৰে ।

জনতা ভৱনৰ মন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত বহিও যে সহজতে ঠগ-প্ৰৱঞ্চনাৰ জাল মেলিব পাৰি সেয়াও শেহতীয়াকৈ প্ৰমাণিত হৈছে । চৰকাৰৰ দুৰ্নীতি বিৰোধী অভিযানক একাংশ বিষয়া-কৰ্মচাৰীয়ে অলপো কেয়াৰ নকৰে । বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ কাৰ্যকালত এজনৰ পাছত আনজন বিষয়া-কৰ্মচাৰী প্ৰধানকৈ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ হাতত গ্ৰেপ্তাৰ হৈছে । ইয়াৰে বেছিভাগেই উৎকোচ লোৱা অৱস্থাত হাতে লোটে ধৰা পৰে । আনকি নিজে উৎকোচ দিও ধৰা পৰা বিষয়াৰ দীঘলীয়া তালিকা আছে । তদুপৰি কোটি কোটি টকাৰ কেলেংকাৰিত নিমজ্জিত হৈয়ো ধৰা পৰিছে বহু কেইজন বিষয়া-কৰ্মচাৰী ।

লগতে পঢ়ক: জনতা ভৱনত কল চেণ্টাৰ ! ফাঁকি-ফুকা আৰু নচলিব

কিন্তু তাৰ পাছতো দুৰ্নীতিৰ সাম্ৰাজ্যখন সংকুচিত হোৱা নাই । লক্ষণীয় বিষয় যে বিগত সময়ছোৱাত বিভিন্ন কেলেংকাৰিত জড়িত অভিযোগত গ্ৰেপ্তাৰ হৈ নিলম্বিত হৈছে অর্ধশতাধিক বিষয়া । এইসকল হৈছে ভাৰতীয় অসামৰিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা, অসম অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ বিষয়া । ইপিনে উৎকোচ গ্ৰহণ আৰু অন্যান্য কেলেংকাৰিত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হৈছে আঢ়ৈশতকৈ অধিক বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰী ।

এই তথ্যৰ আধাৰতে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে শেহতীয়া এক পর্যালোচনা সভাত অসম আৰক্ষীক অৱগত কৰে যে যিধৰণে বিভিন্ন দুৰ্নীতিত লিপ্ত বিষয়া-কৰ্মচাৰী অথবা আন কোনো ব্যক্তি প্ৰায় নিয়মীয়াকৈ গ্ৰেপ্তাৰ হৈ আছে তাৰ জৰিয়তে এইটোৱেই স্পষ্ট হয় যে চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ পৰা সাধাৰণ কৰ্মচাৰীলৈকে এক বৃহসংখ্যক লোক দুর্নীতিত লিপ্ত হৈ আছে । তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ শেহতীয়াকৈ তথ্য অনুসৰি বিগত তিনি বছৰত উৎকোচ লোৱাৰ অভিযোগত ২৫৫ জন লোকক ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । চলিত বৰ্ষতে ৬৭ জনতকৈ অধিক লোকক সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰে ।

এনেদৰে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পৰা ৭,৮০,৭০,৫০০ টকা জব্দ কৰা হয় । আনহাতে গ্ৰেপ্তাৰ হোৱাৰ পাছত সম্প্ৰতি নিলম্বিত হৈ থকা অর্ধশতাধিক শীর্ষ বিষয়াৰ ভিতৰৰ এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ আৰু দুজন ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আছে । একেদৰে অসম অসামৰিক সেৱাৰ নিলম্বিত বিষয়া হ'ল ২৭জন আৰু আৰক্ষী সেৱাৰ বিষয়া হ'ল ২০ জন। ভাৰতীয় প্ৰশাসনিক সেৱাৰ নিলম্বিত বিষয়াগৰাকী হ'ল শেৱালী দেৱী শৰ্মা । বিষয়াগৰাকীৰ বিৰুদ্ধে ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালক থকা সময়ত বৃহৎ জালিয়াতিৰে এশ কোটিৰো অধিক টকাৰ কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ আছে ।

বিগত বৰ্ষৰ ১৮ মে'ত শেৱালী দেৱীক নিলম্বন কৰা হয় আৰু বৰ্তমান তেওঁ কাৰাগাৰতে আছে । নিলম্বিত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াদ্বয় হ'ল ৰৌণক আলী হাজৰিকা আৰু সিদ্ধাৰ্থ কুমাৰ বুঢ়াগোঁহাই । ইপিনে নিলম্বিত হৈ থকাসকলৰ ভিতৰত আছে উৎকোচ দি চাকৰি সংগ্ৰহ কৰা অসম অসামৰিক আৰু আৰক্ষী সেৱাৰ বিষয়াও । সেইদৰে পূৰ্বৰ চৰকাৰৰ দিনতো কেলেংকাৰিত নিমজ্জিত হৈ নিলম্বিত হৈছিল বহু বিষয়া-কৰ্মচাৰী । সেইসকলৰ ভিতৰত আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত পৰ্যায়ৰ বিষয়াও আছে । তৎসত্ত্বেও দুৰ্নীতিত লিপ্ত হোৱাৰ ক্ষেত্ৰত অলপো ভয়-শংকা নকৰে একাংশ বিষয়া-কৰ্মচাৰীয়ে ।

লগতে পঢ়ক: ঘৰৰ পৰা উদ্ধাৰ ৪৭,৩০,৫০০ টকা: ডাঙৰকৈ মুখ মেলি কোৱাৰি ফাটিল আবকাৰী বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.