ETV Bharat / state

জটিলতাত অৰুণাচলৰে অসমৰ সীমা বিবাদ: চুক্তি হ'ল কিন্তু সমাধান নহ'ল সমস্যাৰ

অসম আৰু অৰুণাচল চৰকাৰে সীমা বিবাদ সমাধানৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে । কিন্তু আজিও সীমান্তত এনে সমস্যা অব্যাহত আছে ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Border dispute
অসম-অৰুণাচল সীমা বিবাদ (ETV Bharat)

গুৱাহাটী,১৭ অক্টোবৰ : আন্তঃৰাজ্যিক সীমা সমস্যাৰে অসমে দশক দশক ধৰি যুঁজ দি আহিছে । অসমৰ সৈতে চুবুৰীয়া কেইবাখনো ৰাজ্যৰ সীমা বিবাদ আছে আৰু এই বিবাদৰ বাবে সীমান্তৰ ৰাইজে চৰম অশান্তিত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । শাসনভাৰ গ্ৰহণ কৰিয়েই এই সীমা সমস্যাৰ সমাধানৰ বাবে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল । কিন্তু এই সমস্যা সমাধান প্রক্রিয়া আজিও চূড়ান্ত হোৱা নাই ।

কাৰ্যভাৰ গ্ৰহণৰ পাছত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ লগত দীর্ঘকাল চলি থকা সীমা সমস্যাটোৰ যিমান দূৰ সম্ভৱ আদালতৰ বাহিৰত সমাধানৰ উদ্যোগ গ্ৰহণ কৰিছিল । তাৰেই ভিত্তিত মেঘালয়ৰ লগত এটা পৰ্যায় আগবাঢ়ে যদিও আজিকোপতি চূড়ান্ত সমাধান ওলোৱা নাই । তদুপৰি ৰাজ্যখনৰ লগত থকা ৬ টা স্থানৰ বিবাদক এৰাই হে প্ৰক্ৰিয়াটো আগবঢ়োৱা হয় । ইফালে অৰুণাচল প্ৰদেশৰে থকা অসমৰ সীমা সমস্যা দূৰ কৰাৰ বাবে দুয়োখন ৰাজ্যই পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও স্থায়ী সমাধানসূত্র এতিয়াও ওলোৱা নাই । যথেষ্ট জটিলতাৰ মাজত আছে দুয়োখন ৰাজ্যৰ সীমা বিবাদ ।

Border dispute
অসম-অৰুণাচল সীমা বিবাদ (ETV Bharat)

অৰুণাচলৰ সৈতে সীমা বিবাদ অধিক জটিলতাৰ গৰাহত :

চুবুৰীয়া ৰাজ্য অৰুণাচলৰ লগত অসমৰ ৮ খন জিলাৰে সীমা বিবাদ আছে যদিও অকল এখন জিলাতে বিবদমান অঞ্চলৰ জটিলতা অধিক বৃদ্ধি হৈছে । এনেক্ষেত্ৰত আন ৭ খন জিলাত সমস্যাটোৰ জটিলতা কিমান দূৰ বৃদ্ধি হ'ব সেয়া অদ্যপি ক'ব পৰা অৱস্থাত নাই । উল্লেখ্য যে অলপতে ভাৰতৰ জৰীপ সংস্থাই শোণিতপুৰ জিলাৰ লগত থকা অৰুণাচলৰ বিবদমান অঞ্চল তথা গাঁওবোৰৰ নমুনা জৰীপ সম্পূৰ্ণ কৰে । কিন্তু এই নমুনা জৰীপতে বিভাগে ৫২ খন গাঁৱক এৰি কাম কৰিবলগীয়া হয় । অসম-অৰুণাচল আন্তঃৰাজ্যিক সীমান্তৰ দৈৰ্ঘ্য হ'ল ৮০৪.১০ কিলোমিটাৰ ।

অসমৰ ৮ খন জিলা ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউৰ লগত অৰুণাচলৰ সীমা সংলগ্ন হৈ আছে । ভাৰতৰ জৰীপ সংস্থাই নমুনা হিচাপে প্রথমে শোণিতপুৰৰ সমস্যাটো গ্ৰহণ কৰি ৰাজ্য দুখনৰ আন্তঃৰাজ্যিক সীমা অংকনৰ চেষ্টা চলায় । অসম আৰু অৰুণাচলৰ আন্তঃৰাজ্যিক সীমান্তত থকা বিবদমান মুঠ গাঁৱৰ সংখ্যা হ'ল ১২৩ খন । নমুনা হিচাপে ইয়াৰে ৭১ খনৰ কামহে সংস্থাটোৱে কৰিবলৈ সক্ষম হয় । ৫২ খন গাঁৱত হাত দিবই নোৱাৰিলে । এই জটিলতাৰ বাবেই অসম চৰকাৰেও ৭১ খন গাঁৱক লৈহে বুজাবুজিৰ চুক্তি কৰিবলৈ বাধ্য হয় ।

অৰুণাচলৰ লগত অসমৰ সীমা সমস্যাটো যথেষ্ট জটিল হৈ আছে । সঘনে ৰাজ্যখনৰ বেদখলৰ অভিযোগক লৈ নানান অভিযোগ উত্থাপন হৈ আহিছে । আনকি বহু স্থানত অসমৰ নাগৰিকৰ লগত অৰুণাচলীৰ মুকলি সংঘাতৰ ঘটনাও সংঘটিত হৈছে । এই প্ৰসংগত অসম চৰকাৰৰ আন্তঃৰাজ্যিক সীমান্ত বিভাগৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী উচ্চপদস্থ বিষয়াই সদৰী কৰে যে অসম-অৰুণাচল সীমান্তৰ বৃহৎ সংখ্যক গাঁৱৰ সমস্যা সমাধান অত্যন্ত জটিল হ'ব ।

অসমৰ এনে বহু অঞ্চল আছে যাৰ সীমা যিকোনো কাৰণতে নহওঁক কিয় অৰুণাচলৰ কেইবা কিলোমিটাৰ ভিতৰলৈ সোমাই আছে । তেনে সীমা অসমৰ ভিতৰলৈ আহিবলৈ হ'লে বৰ্তমান অৰুণাচলে নিজৰ বুলি দাবী কৰা বহু গাঁও এৰি দিব লাগিব । গতিকে ভাৰতৰ জৰীপ সংস্থাই তেনে গাঁৱৰ সীমা নির্ধাৰণ কৰাটো মুঠেই সম্ভৱ নহয় ।

উল্লেখ্য যে মেঘালয় আৰু মিজোৰামৰ দৰে অৰুণাচলৰ ক্ষেত্ৰতো দুয়োখন ৰাজ্যৰ চৰকাৰে একোজনকৈ মন্ত্ৰীৰ নেতৃত্বত কেইবাখনো উপ-সমিতি গঠন কৰিছে । ইয়াৰ পাছত বিগত বৰ্ষৰ ২০ এপ্ৰিলত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহৰ উপস্থিতিত বুজাবুজিৰে সীমা সমস্যা সমাধানত উদ্যোগ ল'বলৈ দুয়োখন ৰাজ্যৰ চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল । লক্ষণীয় বিষয় যে অৰুণাচলে ভূমি বেদখল কৰা বুলি অসম চৰকাৰে ১৯৮৯ চনতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । তেতিয়াৰে পৰা দুয়োখন ৰাজ্যৰ সীমা সমস্যাটো ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ।

চুবুৰীয়া ৰাজ্যৰ দখলত থকা অসমৰ ভূমি :

চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ এক দীৰ্ঘদিনীয়া জটিল সমস্যা ৰূপে পৰিগণিত হৈ আহিছে । শেহতীয়াকৈ অসম বিধানসভাত চৰকাৰে দিয়া তথ্য অনুসৰি চুবুৰীয়া ৰাজ্যই বৰ্তমানলৈ অসমৰ মুঠ ৮২,৭৫১.৮৬২ হেক্টৰ ভূমি বেদখল কৰি ৰাখিছে । অসমৰ ভূমি বেদখল কৰি ৰখা চুবুৰীয়া ৰাজ্য কেইখন হ'ল অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু নগালেণ্ড । অৰুণাচল প্ৰদেশে অসমৰ ১৬,১৪৪ হেক্টৰ, নাগালেণ্ডে ৫৯,৪৯০ হেক্টৰ, মেঘালয়ে ৩,৪৪১.৮৬ হেক্টৰ আৰু মিজোৰামে ৩,৬৭৫.৭৮ হেক্টৰ ভূমি দখল কৰি আছে । তথ্য মতে নাগালেণ্ডে সৰ্বাধিক পৰিমাণৰ অসমৰ ভূমি বেদখল কৰি আছে ।

অসম-অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত বিধানসভাত দিয়া তথ্য :

অসম চৰকাৰে বিধানসভাত দিয়া তথ্য অনুসৰি বিগত ২০২৩ চনৰ ২০ এপ্ৰিলত অৰুণাচল প্ৰদেশে নিজৰ বুলি দাবী কৰা ১২৩ খন গাঁও সন্দৰ্ভত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিৰ ফলত অসম-অৰুণাচলৰ ৭১ খন গাঁৱৰ বিবাদ নিষ্পত্তি হয় । বিবাদ নিষ্পত্তি হোৱা গাঁওসমূহৰ সীমা নিৰ্ধাৰণৰ কাম কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা চলি থকাৰ লগতে বাকী ৫২ খন গাঁৱৰ বাবে আলোচনা প্ৰক্ৰিয়া অব্যাহত আছে ।

কেতিয়াৰ পৰা অব্যাহত আছে অসম-অৰুণাচল সীমা বিবাদ ?

১৯৭২ চনত অৰুণাচল প্ৰদেশ কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ পিছত আৰম্ভ হৈছিল দুয়োখন ৰাজ্যৰ সীমা বিবাদ । ৰাজ্যখনে দাবী কৰিছিল যে পৰম্পৰাগতভাৱে ইয়াৰ বাসিন্দাসকলৰ মাটি অসমক দিয়া হৈছিল । এই বিবাদ সমাধান কৰা কঠিন আছিল কাৰণ কোনো পক্ষই একে সীমাৰ চৰ্তত সন্মত হোৱা নাছিল ।

নামচাই ঘোষণাপত্র :

২০২২ চনৰ ১৫ জুলাইত অৰুণাচলৰ নামচাইত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পৰ্যায়ত বৈঠক অনুষ্ঠিত হৈছিল । উক্ত বৈঠকত 'নামচাই ঘোষণাপত্ৰ' স্বাক্ষৰিত হৈছিল । ইয়াৰ পূৰ্বে গুৱাহাটীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল । নামচাই ঘোষণাপত্ৰৰ যোগেদি দুয়োখন ৰাজ্যৰ মাজত বিবদমান অঞ্চল হিচাপে বিবেচিত গাঁৱৰ সংখ্যা পূৰ্বৰ ১২৩ খনৰ পৰা ৮৬ খনলৈ সীমাবদ্ধ কৰাৰ পাৰস্পৰিক বুজাবুজিত উপনীত হৈছিল ।

দিল্লীত বুজাবুজি চুক্তি :

২০২৩ চনৰ ২০ এপ্ৰিলত অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ে নতুন দিল্লীত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল । যাৰ দ্বাৰা ৭১ খন গাঁওৰ সমাধান কৰা হয় । বুজাবুজি চুক্তিখনে বাকী গাঁওসমূহৰ সীমা চূড়ান্ত কৰাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিছিল ।

চুক্তিৰ ব্যৱস্থাসমূহ :

বুজাবুজিৰ চুক্তি অনুসৰি চুক্তিখন চূড়ান্ত আৰু কোনো ৰাজ্যই কোনো নতুন অঞ্চল দাবী নকৰে । ইয়াক ঐতিহাসিক দৃষ্টিভংগী, জনগাঁথনিগত প্ৰ'ফাইল, প্ৰশাসনিক সুবিধা, সীমান্তৰ ওচৰত আৰু আৱাসীসকলৰ আশা-আকাংক্ষাৰ বাবে বিবেচনা কৰি কৰা হৈছিল ।

চুক্তি হোৱাৰ পিছতো স্পষ্ট নহ'ল সীমা সমস্যাৰ বিষয়সমূহ :

অসম আৰু অৰুণাচল চৰকাৰৰ মাজত চুক্তি হোৱাৰ পিছত ৭১ খন গাঁৱৰ বিবাদ মীমাংসা হোৱা বুলি কোৱা হৈছে । কিন্তু বাস্তৱত ইয়াৰ কাৰ্যকৰী ৰূপটো এতিয়াও স্পষ্ট হোৱা নাই । উক্ত ৭১ খন গাঁৱৰ ভিতৰত কেৱল এখন গাঁও হে অসমে লাভ কৰিছে । অৱশ্যে ১০ খন গাঁও পূৰ্বৰে পৰাই অসমৰ সৈতেই আছিল । ইয়াকে ধৰি অসমে লাভ কৰিলে ১১ খন গাঁও । আনহাতে ৬০ খন গাঁও অৰুণাচল প্ৰদেশে লাভ কৰে ।

ইফালে বাকী ৰৈ যোৱা ৫২ খন গাঁৱৰ ভিতৰত ৪৯ খন গাঁৱৰ সীমা আঞ্চলিক কমিটীয়ে ৬ মাহৰ ভিতৰত নিৰ্ধাৰণ কৰিব বুলি চুক্তিখনত উল্লেখ কৰা হৈছিল । লক্ষণীয় বিষয় যে দীঘলীয়া আলোচনাৰ মাজেৰে হোৱা উক্ত বুজাবুজিৰ চুক্তি অনুসৰি অসমৰ বহু অঞ্চলৰ ভূমিত অৰুণাচলে চৰকাৰী ভৱন আদি নিৰ্মাণ কৰাৰ বাবে অসমে উক্ত ভূমি অৰুণাচলক এৰি দিছিল । ইয়াৰ বিপৰীতে অৰুণাচলে অসমক আন স্থানত মাটি দিয়াৰ কথা আছিল যদিও আজিলৈকে এইক্ষেত্ৰত এটা খোজো আগবঢ়া নাই । সেইদৰে চুক্তি হোৱাৰ পাছতো বহু গাঁৱৰ সীমা সমস্যা এতিয়াও আধৰুৱা হৈয়ে আছে ।

ইফালে সীমা চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতো অৰুণাচলৰ লোকে বিভিন্ন স্থানত অসমৰ ভূমি দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে । চুক্তি হৈছে যদিও এনেদৰে অৰুণাচলে অসমৰ ভূমি দখল কৰি থকাৰ পাছতো কিন্তু অসম চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই । এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ঢাক-ঢোল বজাই দিল্লীত স্বাক্ষৰিত কৰা সীমা চুক্তিখন বাস্তৱত কেতিয়াকৈ ৰূপায়িত হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে । ইফালে আৰম্ভণিতে সীমা বিবাদৰ প্ৰসংগক লৈ অসম চৰকাৰ যিদৰে তৎপৰ হৈ পৰিছিল সেয়া বৰ্তমান স্থবিৰ হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :'৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.