ETV Bharat / state

ইটিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু - Journalist of ETV Bharat Dies

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 10:48 AM IST

ETV Bharat Morigaon-based Journalist dies: ইটিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ অকাল মৃত্যু ৷ নিশা ৰহস্যজনক অৱস্থাত উদ্ধাৰ ৰাতুল ডেকাৰ ৰক্তাক্ত দেহ । আৰক্ষীৰ তদন্ত অব্যাহত ৷

JOURNALIST OF ETV BHARAT DIES
ইটিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকা (ETV Bharat Assam)

ধিং, ২৮ আগষ্ট: ইটিভি ভাৰতৰ জন্মলগ্নৰ পৰাই মৰিগাঁও জিলাৰ পৰা সংবাদসেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আৰু নাই । মঙলবাৰে নিশা বাতৰি সংক্ৰান্তীয় এক খবৰৰ সন্ধানত ঘৰৰ পৰা ওলাই যোৱা পাচত নিশাই ৰাজপথত মুমূর্ষু অৱস্থাত উদ্ধাৰ হয় ৰাতুল ডেকাৰ ৰক্তাক্ত দেহ । মৰিগাঁও জিলাৰ ইটিভি ভাৰতৰ সাংবাদিকজনক নিজ গৃহৰ পৰা কিছু দূৰত ৰাস্তাৰ কাষত ৰক্তাক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে পৰিয়ালৰ লোকক খবৰ দিয়ে ।

ইফালে অতি মুমূর্ষু অৱস্থাত ৰাতুল ডেকাক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । ৰাতুল ডেকাৰ ৰক্তাক্ত দেহ উদ্ধাৰ কৰা স্থানৰ পৰা কেইমিটাৰমান আঁতৰত তেওঁ চলাই যোৱা বাইকখনো উদ্ধাৰ কৰা হয় । আৰক্ষীয়ে প্ৰাৰম্ভিক পৰ্যায়ত এয়া দুৰ্ঘটনা বুলি সন্দেহ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে আৰক্ষী নিশ্চিত হ’ব ।

ৰাতুল ডেকাই দীৰ্ঘদিনৰ পৰা সংবাদ জগতৰ সৈতে জড়িত আছিল । অসমীয়া দৈনিক কাকতেৰে সংবাদসেৱা আৰম্ভ কৰি ৰাতুল ডেকাই পৰৱৰ্তী কালত কেবাখনো দৈনিক আৰু সাপ্তাহিক কাকতৰ লগত জড়িত হৈ পৰে ৷ শেহতীয়াকৈ তেওঁ গণঅধিকাৰ কাকতত সেৱা আগবঢ়োৱাৰ লগতে ইটিভি ভাৰতৰ মৰিগাঁৱৰ সংবাদদাতা হিচাবে কৰ্মৰত আছিল । তদুপৰি ৰাতুল ডেকা এজন প্ৰৱন্ধকাৰো আছিল । বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ লিখাসমূহ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে । তেওঁ এজন সুবক্তাও আছিল ।

ৰাতুল ডেকা বহু সামাজিক অনুষ্ঠানৰ লগতে আছুকে ধৰি বিভিন্ন জাতীয়-সংগঠনৰে জড়িত আছিল । এজন জ্যেষ্ঠ সাংবাদিক হিচাবে তেওঁ মৰিগাঁও মেডিয়া ক্লাৱৰ সভাপতি হিচাবে কাৰ্যনিবাহ কৰাৰ লগতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ পত্ৰিকা সম্পাদক হিচাবেও দায়িত্ব পালন কৰিছিল ৷ ৰাতুল ডেকাৰ আকস্মিক মৃত্যুৰ খবৰে মৰিগাঁও জিলাত গভীৰ শোকৰ ছাঁ পেলাইছে । বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: মৎস্য ব্যৱসায়ীক মধ্য অসমত ব্যৱসায় কৰিবলৈ নিদিয়াৰ হুংকাৰ বীৰ লাচিত সেনাৰ - Miya Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.