ETV Bharat / state

মাজুলীত জ্বলি ছাই হ’ল ৫০ ঘৰ লোকৰ ইলেকট্ৰনিকছ সামগ্ৰী - Irresponsibility of APDCL - IRRESPONSIBILITY OF APDCL

Irresponsibility of APDCL: বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডই হাহাকাৰ লগাইছে এখন গাঁৱত ৷ বিদ্যুৎ বিভাগৰ দায়িত্বহীনতাৰ ফলত জ্বলি ছাই হ’ল ৫০ ঘৰ লোকৰ ইলেকট্ৰনিকছ সামগ্ৰী ৷ পঢ়ক সবিষশেষ...

APDCL scam
মাজুলীত জ্বলি ছাই হ’ল ৫০ ঘৰ লোকৰ ইলেকট্ৰনিকছ সামগ্ৰী
author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 4:48 PM IST

মাজুলীত জ্বলি ছাই হ’ল ৫০ ঘৰ লোকৰ ইলেকট্ৰনিকছ সামগ্ৰী

মাজুলী, 25 মাৰ্চ : ৰাজ্যৰ বিদ্যুৎ বিভাগ আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ এইবাৰ বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডই হাহাকাৰ লগাইছে এখন গাঁৱত ৷ মূৰে কপালে হাত দিছে গাঁওবাসীয়ে ৷ এই কাণ্ড সংঘটিত হৈছে মাজুলীৰ ভকতি দুৱাৰ গাৱঁত ৷

লক্ষণীয় যে, সময়ে সময়ে ৰাজ্য চৰকাৰে ৰাইজৰ সুবিধাৰ্থে বিদ্যুৎ বিভাগত ডিজিটেলাইজেশ্যন কৰিছে ৷ বিদ্যুৎ বিভাগে প্ৰতিঘৰ লোকৰ বাসগৃহত ডিজিটেল মিটাৰ সংযোগ কৰিবৰ বাবে কাম-কাজ আৰম্ভ কৰিছে। কিন্তু এইবাৰ কাল ৰূপ ল’লে এই ডিজিটেল মিটাৰে ৷ বিদ্যুৎ বিভাগৰ দায়িত্বহীনতাৰ ফলত জ্বলি ছাই হ’ল ৫০ ঘৰ লোকৰ ইলেকট্ৰনিকছ সামগ্ৰী ৷

দেওবাৰে মাজুলীৰ ভকতি দুৱাৰ গাঁৱত এই ভয়ংকৰ ঘটনা সংঘটিত হয় । একে সময়তে গাঁওখনৰ ৫০ ঘৰকৈ লোকৰ পানী মটৰ, টি.ভি, জেৰক্স মেচিন, প্ৰিন্টাৰ, লেপটপ, কম্পিউটাৰকে ধৰি বিভিন্ন ইলেকট্ৰিকেল সামগ্ৰী জ্বলি ছাই হৈ যায় ।

ঘটনা অনুসৰি ভকতি দুৱাৰ গাঁৱত ডিজিটেল মিটাৰ সংযোগ কৰা হৈছিল, তাৰ পিচতেই এই ঘটনা ঘটে । স্থানীয় লোকৰ মতে অনভিজ্ঞ, দায়িত্বহীনতা, নন-টেকনিকেল, ডিপ্লমা নাইকিয়া লোকে এইসমূহ মিটাৰ ঘৰে ঘৰে লগাইছে যাৰ বাবে এনে ঘটনা সংঘটিত হৈছে । পইচা কমকে দি এনেবোৰ ল’ৰাৰ দ্বাৰা কাম কৰোৱাই সাধাৰণ লোকৰ লগত হেতালি খেলিছে বিদ্যুৎ বিভাগে ।

এই ঘটনা সংঘটিত হোৱাৰ পাচত বিদ্যুৎ বিভাগে কি প্ৰদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব । স্থানীয় লোকে অভিযোগ উত্থাপন কৰি কয় যে, এই ঘটনাৰ ফলত কোনো লোকৰ প্ৰাণ হেৰুৱাব লগা হোৱাৰ আশংকা নুই কৰিব নোৱাৰি ৷ গতিকে অচিৰেই বিদ্যুৎ বিভাগে এই সমস্যাৰ সমাধান কৰক ৷ অন্যথা গাঁওবাসীৰ প্ৰাণ সংকটত ৷

লগতে পঢ়ক: ইউক্ৰেইনলৈ নিক্ষেপ কৰা মিছাইলৰ পোলেণ্ডত আঘাত; ৰাছিয়াৰ পৰা ব্যাখ্যা বিচাৰিলে পোলেণ্ডে - Russia Ukraine war

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.