ETV Bharat / state

ৰেড এলাৰ্ট জাৰি কৰা ৯ খন জিলাত বুধবাৰে বন্ধ থাকিব শিক্ষানুষ্ঠান - Red Alert In Assam

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 8:33 PM IST

Remal Hits Assam : ৰেমলে জোকাৰি গৈছে ৰাজ্য ৷ ৰেমলৰ প্ৰভাৱত ৰাজ্যত হোৱা ধুমুহা-বৰষুণৰ বাবে বন্ধ হৈছে শিক্ষানুষ্ঠান । বুধবাৰে কোন জিলাত বন্ধ থাকিব শিক্ষানুষ্ঠান ?

Remal Hits Assam
ৰেমলে জোকাৰি গৈছে ৰাজ্য (ETV BHARAT ASSAM)

গুৱাহাটী, ২৮ মে': ৰেমলৰ প্ৰভাৱৰ বাবে ২৯ মে'ত অৰ্থাৎ বুধবাৰে ৰাজ্যৰ ৰেড এলাৰ্ট জাৰি কৰা জিলাসমূহত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান । ‍শিক্ষানুষ্ঠান বন্ধ থাকিবলগীয়া জিলা কেইখন হৈছে-নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ । এই ৯ খন জিলাৰ সকলো শিক্ষানুষ্ঠান ৰেমলৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে বন্ধ থাকিব । আনহাতে, কামৰূপ মহানগৰ জিলাকে ধৰি আন জিলাৰ ক্ষেত্রত জিলা প্ৰশাসনক বিশেষ কৰ্তৃত্ব প্ৰদান কৰা হৈছে ।

প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠান বন্ধৰ জাননী জাৰি কৰাৰ কৰ্তৃত্ব জিলা প্ৰশাসন সমূহক প্ৰদান কৰা হৈছে । ৰাজ্য চৰকাৰে প্ৰদান কৰা এই কৰ্তৃত্বৰ যোগেদি প্ৰয়োজন সাপেক্ষে জিলা প্ৰশাসনে শিক্ষানুষ্ঠান বন্ধ ৰখাৰ জাননী জাৰি কৰিব পাৰিব । উল্লেখ্য যে ৰেমলৰ প্ৰভাৱত অসমত সোমবাৰে নিশাৰে পৰা ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱ অব্যাহত আছে । ডিমা হাচাওকে ধৰি বহু পাহাৰীয়া অঞ্চলত ভূমিস্খলনে সৃষ্টি কৰিছে জটিল পৰিস্থিতি । যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৰাক উপত্যকাৰ সৈতে । প্ৰকাণ্ড গছ বাগৰি বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে যোগাযোগ ব্যৱস্থালৈয়ো প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ।

ইফালে, গছ বাগৰি পৰাৰ ফলত ৰাজ্যত তিনিজনকৈ লোকৰ মৃত্যু হৈছে । তদুপৰি শিক্ষাৰ্থীকে ধৰি বহু লোক গছ পৰাৰ ঘটনাত আহত হৈছে । ৰাজ্যজুৰি সৃষ্টি হোৱা এই দুৰ্যোগৰ বাবে আজি বহু শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছিল । কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৯ মে'ত ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।

ইফালে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ প্ৰসংগত কোনো কথা স্পষ্ট নকৰাত বিপাঙত পৰিছে শিক্ষাৰ্থীসকল । উক্ত বিষয়টো সন্দৰ্ভত এই পৰ্যন্ত শিক্ষা বিভাগেও কোনো নিৰ্দেশনা জাৰি কৰা নাই । ইফালে, মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি বিয়লি ৰেমলক কেন্দ্ৰ কৰি ৰাজ্যৰ পৰিস্থিতিক লৈ মুখ্য সচিবৰ অধ্যক্ষতাত দিছপুৰত জৰুৰী বৈঠক অনুষ্ঠিত হয় ।

মুখ্য সচিবে আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত জিলা আয়ুক্ত আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে পৰিস্থিতিৰ বুজ লৈ ৰাজ্যত গ্ৰহণ কৰা সতর্কতামূলক ব্যৱস্থাৰ পর্যালোচনা কৰে । মুখ্য সচিবে ৰেড এলাৰ্ট জাৰি কৰা প্ৰতিখন জিলাৰ আয়ুক্তক সষ্টম হৈ থকাৰ বাবে নিৰ্দেশ দিয়ে । এই বৈঠকতে ক্ষতিগ্ৰস্তসকলৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ মূল্যায়নৰ লগতে তাৎক্ষণিক সাহায্য প্ৰদানৰ ওপৰতো আলোচনা কৰা হয় ।

হোজাইত শিক্ষানুষ্ঠান বন্ধ ঘোষণা

ৰাজ্যখনত ঘূৰ্ণিবতাহৰ ফলত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে জনসাধাৰণ আৰু ছাত্ৰ-ছাত্রীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাসে দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ৰ ৩০(২)(v)ৰ অধীনত আজি জাৰি কৰা এক আদেশ অনুসৰি অহা ২৯মে'ত হোজাই জিলাৰ অন্তৰ্গত সকলো চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে । অৱশ্যে নিৰ্ধাৰিত কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ছেমিষ্টাৰ আৰু কম্পাৰ্টমেন্টেল পৰীক্ষা সমূহ পৰিকল্পনা অনুসৰি অনুষ্ঠিত হ'ব ।

যোৰহাটত ২৯ শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ
জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্য়ক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰি ২৮ আৰু ২৯ মে' ত জিলাখনৰ ব্ৰহ্মপুত্ৰ, ইয়াৰ উপনৈ আৰু অন্যান্য নদ-নদী সমূহত নাও, ফেৰী সেৱা আদিৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ লগতে মাছমৰীয়াসকলৰ নাও, ফেৰী আদি চলাচল কৰাটো নিষেধ কৰা হৈছে । পৰিস্থিতি সাপেক্ষে নাও, ফেৰী আদি চলাচলৰ ক্ষেত্ৰত বিবেচনা কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব । তদুপৰি যোৰহাট জিলা আয়ুক্তগৰাকীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা সমাজ কল্যাণ বিষয়াই ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ২৯ মে'ত জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ লগতে অংগনৱাড়ী কেন্দ্ৰসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:কালঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান - Cyclone Remal

অসমৰ দিশে আহি আছে ৰেমল, ৰাজ্যত জাৰি ৰেড এলাৰ্ট - Red Alert In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.