ETV Bharat / state

চিকিৎসক-চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ সজাগতাৰে চমক দিবলৈ সাজু এটা বিশেষ পূজা মণ্ডপ - DURGA PUJA 2024

Guwahati Satribari Durga Puja: শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ৰাজ্যত এতিয়া উখল-মাখল পৰিৱেশ ৷ আটকধুনীয়া মণ্ডপ সাজু কৰি পূজা সমিতি সাজু হৈছে চকম দিবলৈ ৷

Guwahati Satribari Durga Puja
Durga Puja 2024 (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2024, 6:58 PM IST

গুৱাহাটী, 7 অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান ক্ষণ ৷ ইতিমধ্যে সুসজ্জিত কৰি তোলা হৈছে পূজা মণ্ডপসমূহ ৷ দুৰ্গোৎসৱৰ উছাহ দেখা গৈছে ৰাজ্যৰ চৌপাশে ৷ মণ্ডপ নিৰ্মাণৰ বাবে পূজা সমিতিসমূহৰ মাজত অৱধাৰিতভাৱেই চলিছে অঘোষিত প্ৰতিযোগিতা ৷ বিভিন্ন বিষয়বস্তু লৈ ৰাইজক আকৰ্ষণৰ বাবে পূজা সমিতিসমূহে আটকধুনীয়াকৈ সজাই তুলিছে পূজা মণ্ডপসূহ ৷ প্ৰতিবছৰৰ দৰে এইবাৰো এক ব্যতিক্ৰমী বিষয়বস্তুৰে থলুৱা কাৰিকৰৰ দ্বাৰা পূজা মণ্ডপ নিৰ্মাণ কৰিছে গুৱাহাটীৰ ছাত্ৰীবাৰী পূজা সমিতিয়ে ৷

চিকিৎসক-চিকিৎসাকৰ্মীৰ প্ৰতি কৃতজ্ঞতাৰে নিৰ্মাণ এটা পূজা মণ্ডপ

গুৱাহাটীৰ ছাত্ৰীবাৰী দেৱপূজাস্থান সমিতিয়ে এইবাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ নিৰ্মাণ কৰিছে এক ব্যতিক্ৰমী আৰ্হিৰ পূজা মণ্ডপ ৷ চিকিৎসক-চিকিৎসাকৰ্মীৰ ত্যাগ আৰু তেওঁলোকৰ সুৰক্ষাৰ বিষয়টোক প্ৰতিফলিত কৰি নিৰ্মাণ কৰিছে এই পূজা মণ্ডপটো ৷ শেহতীয়াকৈ সমগ্ৰ দেশ কঁপাই যোৱা কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ জঘন্যকাণ্ডৰ লগতে স্বাস্থ্যখণ্ডত আত্মবলিদান দিয়া চিকিৎসক, নাৰ্ছ তথা আন চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ বিষয়টোক তেওঁলোকে বিষয়বস্তু হিচাপে লৈ এক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে ৷

চিকিৎসক-চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ সজাগতাৰে চমক দিবলৈ সাজু এটা বিশেষ পূজা মণ্ডপ (ETV Bharat Assam)

পূজা সমিতিৰ প্ৰচাৰ সম্পাদক বাবুল ৰাজবংশীয়ে এই সন্দৰ্ভত কয়, ‘‘ছাত্ৰীবাৰী দেৱপূজাস্থান সমিতিৰ পূজাস্থলীয়ে প্ৰতিবছৰে একোটা ব্যতিক্ৰমী আৰ্হিৰ জৰিয়তে জনসাধাৰণ আৰু নৱপ্ৰজন্মক আকৰ্ষণ কৰিব পৰাকৈ বা বুজিব পৰাকৈ একোটা বিষয় উপস্থাপন কৰি আহিছে ৷ এইবেলিও ছাত্ৰীবাৰী দেৱপূজাস্থান সমিতিৰ দ্বাৰা চিকিৎসক, নাৰ্চ, ৱাৰ্ডগাৰ্লকে ধৰি ৰোগীসকলো যাতে সুৰক্ষিত হৈ থাকিব পাৰে, এই বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এক বিষয়বস্তু লোৱা হৈছে । পূজা মণ্ডপটোৰ ভিতৰত অপাৰেশ্যন থিয়েটাৰ, প্ৰাকৃতিক, আয়ুৰ্বেদিক, হোমিওপেথিকে ধৰি বৰ্তমানৰ অত্যাধুনিক চিকিৎসা পদ্ধতিলৈ সকলো প্ৰদৰ্শন কৰা হ'ব । তদুপৰি চিকিৎসকৰ সুৰক্ষাৰ দাবীৰ প্ৰতিকী প্ৰতিবাদো প্ৰদৰ্শন কৰা হ'ব ৷’’

উল্লেখ্য যে পূজা আয়োজনৰ বাবে লাখ লাখ টকা ব্যয় কৰি পূজা সমিতিসমূহে চমক সৃষ্টিৰ প্ৰয়াস কৰে ৷ ছাত্ৰীবাৰী দেৱপূজাস্থান সমিতিৰ এইবাৰৰ বাজেট হৈছে প্ৰায় দহলাখ টকা ৷ থলুৱা কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা এই পূজা মণ্ডপত 18 ফুট উচ্চতাৰ দুৰ্গাদেৱীৰ মৃণ্ময় মূৰ্তি দেখা পাব ৰাইজে ৷ সমগ্ৰ গুৱাহাটীত এইবাৰ অতিকমেও 450 খনৰো অধিক দুৰ্গা পূজা আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক: গুৱাহাটীৰ পূজা সমিতিৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ নীতি-নিয়ম ঘোষণা জি এম চিৰ

এইবাৰ গুৱাহাটীত দুৰ্গা পূজাৰ সময়ত মানিব লাগিব এইসমূহ নিৰ্দেশনা - TRAFFIC REGULATION DURGA PUJA 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.