ৰঙাপৰা, ১৫ জুন : অৱশেষত পথ মেৰামতি কৰিবলৈ বাধ্য হ’ল স্থানীয় ৰাইজে । ক’বলৈ লৈছো শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এটা বিশেষ পথৰ বিষয়ে ৷ এই পথছোৱা পকীকৰণ আৰু বৰষুণৰ পানী নিষ্কাসনৰ বাবে দুয়োকাষে নলা নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু গাঁও পঞ্চায়তক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও আজিলৈকে সুফল লাভ নকৰিলে স্থানীয় লোকে । যাৰ ফলত স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি পথছোৱা মেৰামতি কৰি ল'বলৈ বাধ্য হয় ।
ৰাজ্যখনত গ্ৰামাঞ্চলৰ পথসমূহৰ উন্নয়ন হোৱা বুলি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই আহিছে যদিও ৰঙাপৰাৰ নামনি গাঁৱৰ প্ৰায় ১০০ মিটাৰ দৈৰ্ঘৰ পথছোৱা উন্নয়নে ঢুকি নোপোৱাৰ অভিযোগ উঠিছে । শুকুৰবাৰে স্থানীয় জনপ্ৰতিনিধি আৰু গাঁও পঞ্চায়তলৈ আশাপালি ৰৈ নাথাকি পুৰুষ-মহিলা আৰু ডেকাসকলে হাতে হাতে কোৰ, বেলচা, টুকুৰী লৈ পথছোৱা মেৰামতি কৰিবলৈ ওলাই আহে । যি দৃশ্যই উদঙাই দিছে ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপটো ।
উল্লেখ্য যে, ৰঙাপৰাৰ ৰে’লৱে লেভেল ক্ৰছিঙৰ পৰা নামনি গাঁৱলৈ যোৱা পথছোৱাৰ সৈতে সংযোগ থকা এটা সৰু পথ ভিতৰলৈ সোমাই গৈছে । উক্ত পথছোৱাৰ দুয়োকাষে প্ৰায় ১২-১৩ টা পৰিয়ালে পূৰ্বৰে পৰা বসবাস কৰি আহিছে । বাৰিষাৰ কালত বোকাময় আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হয় SF পথছোৱাত । যাৰ ফলত ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্যোগ ভুগিবলগীয়া হয় ।
পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতি নোহোৱাৰ ফলত ৰাইজে বোকা-পানী গচকি অহা-যোৱা কৰাৰ পাচতো নামনি গাঁৱৰ গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিসকলৰ দৃষ্টি নপৰিল । গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিসকলে প্ৰায় ১০০ মিটাৰ দৈৰ্ঘৰ পথছোৱাত শিল-বালি পেলাবলৈ আহৰি নাপালে ।
এই সন্দৰ্ভত সমাজকর্মী কিশোৰ নাথে সংবাদ মাধ্যমৰ আগত কয় যে এই পথছোৱা প্ৰায় ১০-১২ বছৰ ধৰি ৰাইজে মেৰামতি কৰি আহিবলগীয়া হৈছে । প্ৰতি বছৰে পথছোৱা নিৰ্মাণ কৰিবলৈ চৰকাৰক কাকুতি-মিনতি কৰি অহাৰ লগতে গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা গাঁও সভাত বিষয়টো উত্থাপন কৰাৰ পাচতো কোনেও কাণসাৰ নিদিলে । তদুপৰি নামনিগাঁও গাঁও পঞ্চায়তখনৰ প্ৰতিনিধিসকলে ১০ বছৰ ধৰি পথছোৱা মেৰামতি কৰিবলৈ আহৰি নোপোৱাটো অতি দুর্ভাগ্যজনক ।
লগতে পঢ়ক : পথৰ দুৰৱস্থাই জ্বলা-ক'লা খুৱাইছে ৰাইজক: কাণসাৰ নাই বিধায়কৰ
লগতে তেওঁ কয়, ‘‘আজি এই পথছোৱা ৰাইজে গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰিবলগীয়া হৈছে । প্ৰায় ৩৬ চি এম শিল-বালি ক্ৰয় কৰি পথছোৱাৰ ওপৰত পেলোৱা হৈছে যদিও পর্যাপ্তভাৱে মেৰামতি হোৱা নাই । অনাগত দিনত যদি চৰকাৰখনে উক্ত পথছোৱাৰ পকীকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনৰ সময়ত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু প্ৰয়োজন হ'লে ভোট বিচাৰি অহা প্ৰাৰ্থীসকলৰ প্ৰবেশ নিষিদ্ধ কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম ।’’
স্থানীয় মহিলা দিপালী বৰগোঁহাইয়ে কয়, ‘‘আমি অহা-যোৱা কৰি থকা এই পথছোৱা দীর্ঘদিনেৰ পৰা বিধ্বস্ত অৱস্থাত পৰি আছে । এই ঠাইখিনিত বসবাস কৰি থকা পৰিয়ালসমূহে নামনিগাঁও গাঁও পঞ্চায়তখনক বহুবাৰ আবেদন-নিবেদন কৰাৰ পাচতো তেওঁলোকে মেৰামতি কৰি নিদিলে । কৃত্ৰিম বানপানীৰ কবলত পৰা পথছোৱাৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক মহিলাসকলে অতি কষ্টৰে বিদ্যালয়লৈ লৈ যাবলগীয়া হয় ।’’
‘‘এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ উপায়বিহীন হৈ মহিলাসকলে ঘৰে ঘৰে গৈ ধন সংগ্ৰহ কৰি আৰু নিজে শ্ৰমদান কৰি পথছোৱা মেৰামতি কৰিছো । পথছোৱা পকীকৰণ আৰু দুয়োকাষে নলা নিৰ্মাণ কৰি ৰাইজৰ সমস্যাটি সমাধান কৰিবলৈ বিজেপি চৰকাৰ আৰু গাঁও পঞ্চায়তখনৰ সচিবগৰাকীক দাবী জনাইছো ।’’ তেওঁ কয় ৷
প্ৰনিধানযোগ্য যে নামনিগাঁও গাঁও পঞ্চায়তখনৰ নিৰ্বাচিত প্ৰতিনিধিসকলে বিগত পাঁচটা বছৰে ভোটাৰ ৰাইজৰ সমস্যাসমূহ অনুধাৱন নকৰাৰ ফলত ৰাইজে গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰাৰ উদাহৰণ বহুত আছে । পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়েহে ক’ব ।
লগতে পঢ়ক : জোনাইত পকী পথৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ - Poor Road Condition