ETV Bharat / state

কাজিৰঙাৰ বানাক্ৰান্ত জীৱ-জন্তুক সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ-আৰক্ষীৰ বিশেষ সতৰ্কতা - Assam Floods 2024

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 9:09 PM IST

Flood in Kaziranga National Park : বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । সষ্টম ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ । কাৰ্বি পাহাৰলৈ আশ্ৰয়ৰ বাবে ৰাষ্ট্ৰীয় পথ পাৰ হোৱা জীৱকুলৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা । যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে টাইম কাৰ্ডৰ সলনি আৰক্ষীয়ে তদাৰক কৰিব যান-বাহনৰ গতি ।

Flood in Kaziranga National Park
কাজিৰঙাত বিশেষ সতৰ্কতামূলক ব্যৱস্থা (ETV Bharat Assam)

কলিয়াবৰ, ১ জুলাই : বানত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলৰ প্ৰতি আহিছে চৰম ভাবুকি । বিশেষকৈ ওখ ঠাইৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত যান-বাহনৰ পৰা জীৱ-জন্তুৰ প্ৰাণৰ প্ৰতি সংশয় আহিছে । তাৰ বাবে এতিয়া সষ্টম হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কলিয়াবৰ মহকুমা আৰক্ষী প্ৰশাসন ।

উল্লেখ্য, বান পৰিস্থিতিৰ সময়ত উদ্যানখনৰ জীৱকুলৰ এক বৃহৎ অংশ ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ দিশে থকা ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰৰ দিশে গতি কৰে । ফলস্বৰূপে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে জীৱ-জন্তুসমূহ বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হয় ।

বিগত সময়ছোৱাত দেখা গৈছে যে দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই টাইম কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । কিন্তু এই বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আৰক্ষী প্ৰশাসনৰ সহযোগত নিৰ্দিষ্টসংখ্যক বাহনক একগোট কৰি আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে কলিয়াবৰৰ ৰাঙলুৰ পৰা কাজিৰঙাৰ কঁহৰালৈ আগবঢ়াই নিব ।

তদ্ৰুপ উজনিৰ দিশৰ পৰা অহা গাড়ীসমূহৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যান-বাহনসমূহ পাৰ কৰিব ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গাঁওৰক্ষী বাহিনীক সজাগ কৰাও দেখা গৈছে । লগতে বানপানীৰ সময়ত সহায় হোৱাকৈ প্ৰদান কৰিছে ৰেইন কোট ।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ 233 টা শিবিৰৰ ভিতৰত ৯০ টাতকৈও অধিক শিবিৰ সম্পূৰ্ণৰূপে জলমগ্ন হোৱা বুলি সদৰী কৰিছে উদ্যান কৰ্তৃপক্ষই । উদ্যানখনৰ অন্তৰ্গত অগৰাতলি ৰেঞ্জৰ অধীনত মুঠ 34 টা চোৰাংচিকাৰী পৰ্যবেক্ষণ শিবিৰৰ ভিতৰত 22 টা এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন ৷ আনহাতে, উদ্যানৰ অধীনস্থ শিবিৰসমূহত প্ৰায় 5 ফুটলৈকে বৃদ্ধি পাইছে পানী ।

ইয়াৰ উপৰি মানস ৰাষ্ট্ৰীয় উদ্যানতো একেই অৱস্থা ৷ চকুৰ প্ৰচাৰতেই মানস ৰাষ্ট্ৰীয় উদ্যানৰ এটা চোৰাংচিকাৰী পৰ্যবেক্ষণ শিবিৰ বেঁকী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সহকাৰী সঞ্চালক জেচিম আহমেদে জনোৱা অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখন বৰষুণৰ পানীয়ে ইতিমধ্যে জলমগ্ন কৰিছে ৷ যাৰ বাবে জীৱ-জন্তুবোৰে ইতিমধ্যে ওখ স্থানত আশ্ৰয় লৈছে ৷

আনহাতে, সম্প্ৰতি বানৰ কবলত পৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও বন শিবিৰ ৷ নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি আৰু পাঁচনৈ নদীৰ পানীয়ে জলমগ্ন কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ 7 টাকৈ শিবিৰ ৷ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ 34 টা চোৰাংচিকাৰী পৰ্যবেক্ষণৰ শিবিৰ আছে ৷

লগতে পঢ়ক :

বানৰ কবলত অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান : বানবিধ্বস্ত মানাহত উটি গ’ল শিবিৰ - ASSAM FLOOD 2024

নীপকোৰ পিচত এইবাৰ এনএইচপিচিয়েও এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী; শংকিত নৈপৰীয়া - NHPC releases excess water

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.