ETV Bharat / state

7 কোটি টকাৰ হেৰ’ইনসহ আৰক্ষীৰ জালত এটা সৰবৰাহকাৰী - Drugs seized

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 10:51 PM IST

Drug peddler detained: ৰাজ্যত আৰক্ষীৰ ব্যাপক তৎপৰতাৰ পিচতো অব্যাহত আছে ড্ৰাগছৰ বেপাৰ ৷ কাৰ্বি আংলং আৰক্ষীয়ে বৃহস্পতিবাৰে প্ৰায় 7 কোটি টকাৰ হেৰ’ইনসহ আটক কৰে এটা সৰবৰাহকাৰীক ৷

DRUGS SEIZED
DRUG PEDDLER DETAINED (ETV Bharat Assam)

ডিফু, 27 জুন : বৃহস্পতিবাৰে বিয়লি কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষীয়ে তালাচী অভিযান চলাই কেইবা কোটি টকাৰ হেৰʼইনসহ এখন আই20 বাহন জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি, বিয়লি বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত আৰক্ষীয়ে 39 নং ৰাষ্ট্ৰীয় ঘাইপথত চলাই নিয়মীয়া তালাচী ৷

7 কোটি টকাৰ হেৰ’ইনসহ আৰক্ষীৰ জালত আমিৰ হুছেইন (ETV Bharat Assam)

লগতে পঢ়ক: কাছাৰত ৫ কোটি টকাৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

সেই সময়তে লাহৰীজানৰ পৰা গোলাঘাট অভিমুখে গৈ থকা AS 02 Q 3449 নম্বৰৰ আই20 বাহনখনৰ পৰা 90 টা প্লাষ্টিকৰ চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 1005.15 গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা হেৰʼইনখিনি বাহনখনৰ দুয়োফালে সন্মুখৰ আসনৰ তলৰ অংশত বিশেষ কৌশলেৰে গোপন চেম্বাৰ সাজি সৰবৰাহৰ চেষ্টা কৰা হৈছিল ।

লগতে পঢ়ক: বোকাজানত হেৰʼইনসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Anti Drugs Operation

জব্দ হোৱা হেৰʼইনখিনিৰ বজাৰ মূল্য কমেও প্ৰায় সাত কোটি টকা হ’ব বুলি আৰক্ষীয়ে জনাইছে । এই সন্দৰ্ভত আৰক্ষীয়ে হোজাই জিলাৰ মোৰাঝাৰৰ জনৈক হুছেইন নামৰ সৰবৰাহকাৰীটোক আটক‌ কৰি সোধ-পোছ অব্যাহত ৰাখিছে । কাৰ্বিআংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা ঘটনাস্থলীত উপস্থিত হৈ ধৃত‌ সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: বৰপথাৰত চাৰি কোটি টকাৰ মৰফিন জব্দ : আটক মণিপুৰৰ সৰবৰাহকাৰী - Drugs seized in Barpathar

উল্লেখ্যে যে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও তাৰ মাজতেই সৰবৰাহকাৰী চক্ৰই আৰক্ষীৰ চকুত ধূলি দি এই বৰবিহৰ বেহা অব্যাহত ৰাখিছে ৷ বিশেষকৈ কাৰ্বিআংলং জিলাত প্ৰায় প্ৰতিদিনেই উদ্ধাৰ হয় ড্ৰাগছ ৷ জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীৰ জালত নিয়মীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰী ধৰা পৰি আহিছে যদিও বৰ্তমানলৈকে ৰোধ কৰিব পৰা নাই ড্ৰাগছৰ বেহা ৷

লগতে পঢ়ক: যোৰহাটত প্ৰায় ১.২ কোটি টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী - Drive against drugs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.