ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী নতুন উপাচাৰ্য ড৹ ননীগোপাল মহন্ত - New Vice Chancellor of GU

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 1:25 PM IST

New Vice Chancellor of GU : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী নতুন উপাচাৰ্য নিযুক্তি । ড৹ ননীগোপাল মহন্ত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী উপাচাৰ্য । বৰ্তমানৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ স্থানত ড৹ মহন্তক নিযুক্তি ।

New Vice Chancellor of Gauhati University
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী নতুন উপাচাৰ্য ড৹ ননীগোপাল মহন্ত (ETV Bharat Assam)

গুৱাহাটী, ২৮ জুলাই: নিযুক্তি দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য । ড৹ ননীগোপাল মহন্ত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী উপাচাৰ্য । বৰ্তমানৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ স্থানত ড৹ ননীগোপাল মহন্তক নিযুক্তি দিয়া হৈছে । ড৹ ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিল । মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ৰূপেও মহন্তই কাৰ্যনিৰ্বাহ কৰিছিল ।

শিক্ষা বিভাগৰ উপদেষ্টা পদ ত্যাগ কৰিছিল মহন্তই:

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা পদ ত্যাগ কৰিছিল ড৹ ননীগোপাল মহন্তই । কেবিনেট মৰ্যাদাপ্ৰাপ্ত শিক্ষা বিভাগৰ উপদেষ্টা পদৰ পৰা অব্যাহতি লোৱাৰ সময়ত ড৹ মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়লৈ পুনৰ উভতি আহিব বুলি চৰ্চা চলিছিল । অৱশেষত সেই চৰ্চা সত্য ৰূপেই প্ৰমাণিত হ'ল ।

বৰ্তমানৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দৈকৰ কাৰ্যকাল শেষ হৈছে । যাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য হিচাপে ড৹ ননীগোপাল মহন্তক নিযুক্তি দিয়া হয় । ইয়াৰ বাবেই ড৹ মহন্তই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা পদ ত্যাগ কৰিছিল ।

মুখ্যমন্ত্ৰী আৰু আৰ এছ এছ ৰে ঘণিষ্ঠ সম্পৰ্ক ড৹ মহন্তৰ :

লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে অতি ঘনিষ্ঠ ড৹ ননীগোপাল মহন্তৰ বিজেপি, আৰ এছ এছৰ শীৰ্ষ নেতৃত্বৰ সৈতেও ঘনিষ্ঠতা আছে । উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয় গৌহাটী বিশ্ববিদ্যালয় আইন ১৯৪৭ (Assam Act, XVI of 1947) আৰু অসম বিধানসভাত প্ৰস্তাৱিত এক বিধেয়কৰ দ্বাৰা ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল । বিশ্ববিদ্যালয়খন বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু অসম চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা হয় ।

১৯৪৮ চনৰ ২৬ জানুৱাৰীত কটন মহাবিদ্যালয়ৰ (বৰ্ত্তমান বিশ্ববিদ্যালয়) চুডমাৰ্চন হলত বিশ্ববিদ্যালয়ৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল । প্ৰথমে কটন কলেজৰ ভিতৰতে বিশ্ববিদ্যালয়খনৰ কাম-কাজ পৰিচালনা কৰা হৈছিল যদিও ১৯৫৫-৫৬ চনত ইয়াক জালুকবাৰীৰ গোপীনাথ বৰদলৈ নগৰলৈ স্থানান্তৰিত কৰা হয় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ ।

লগতে পঢ়ক: ছফ্টৱেৰ দুৰ্বল হোৱা বাবেই ঘটিল বিয়াগোম মাৰ্কশ্বীট কেলেংকাৰী: মুখ্যমন্ত্ৰী - Gauhati university marksheet scam

মাৰ্কশ্বীট কেলেংকাৰী : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বিশ্ববিদ্যালয়ৰ আছুকে ধৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - MARKSHEET SCAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.