ETV Bharat / state

সভাপতিৰ তালিকাত মোৰ নাম অন্তৰ্ভুক্ত কৰি বদনাম কৰিছে: ক্ষোভেৰে ক'লে ড৹ নাহেন্দ্ৰ পাদুনে - ASSAM SAHITYA SABHA CONTROVERSY

অসম সাহিত্য সভাৰ কাৰ্যত অতিষ্ঠ সাহিত্যপ্ৰেমী । সভাপতি নিৰ্বাচনক লৈ অসাহিত্য়িকৰ অভিযান !

Assam Sahitya Sabha Election
বিশিষ্ট সাহিত্যিক ড৹ নাহেন্দ্ৰ পাদুন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 10:40 PM IST

মৰাণ: জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ আবেগ-অনুভূতি । এই সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোত বহু স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি অসমৰ সাহিত্য ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে । কিন্তু শেহতীয়াকৈ অসম সাহিত্য সভাক লৈ সৃষ্টি হোৱা বিতৰ্কই সাহিত্য়ানুৰাগীৰ চকু কপালত তুলিছে ।

সাহিত্য সভাৰ সভাপতিৰ বাবে চৰ্চা হোৱা বিশিষ্ট সাহিত্যিকসকলৰ ভিতৰত অন্য়তম হৈছে ড৹ নাহেন্দ্ৰ পাদুন । কিন্ত অসম সাহিত্য সভাই গঠন কৰা উচ্চস্তৰীয় কমিটীৰ দায়িত্বত আছে ড৹ নাহেন্দ্ৰ পাদুন । তেনেস্থলত সাহিত্য সভাক লৈ সৃষ্টি হোৱা বিৰ্তকক লৈ দেওবাৰে ডিব্ৰুগড়ত মন্তব্য কৰিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে । অসম সাহিত্য সভাৰ সভাপতি হ'বলৈ তেওঁ আগ্ৰহী নহয় বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ।

বিশিষ্ট সাহিত্যিক ড৹ নাহেন্দ্ৰ পাদুন (ETV Bharat Assam)

সাহিত্য সভাৰ সভাপতি কিয় হ'ব নিবিচাৰে পাদুনে ?

বহু কেইখন মৌলিক গ্ৰন্থ আৰু অসংখ্য সম্পাদিত গ্ৰন্থৰে অসমীয়া সাহিত্য জগত সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিক ড৹ নাহেন্দ্ৰ পাদুনে আজি ডিব্ৰুগড়ত উপস্থিত হৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "মই সাহিত্য সভাক ভাল পাওঁ । সেয়ে সেৱা আগবঢ়াই আহিছো । সাহিত্য সভাৰ সভাপতি হ'বলৈ কোনোদিন মই যত্ন কৰা নাই । ইয়াৰ পূৰ্বেও মোৰ নাম জোৰ কৰি দিছিল । এইবাৰো মোৰ নাম দিছে, কিন্তু মই সন্মতি প্ৰদান কৰা নাই । বহু বছৰ ধৰি সাহিত্য সভাৰ বিভিন্ন দায়িত্ব পালন কৰি সেৱা আগবঢ়াই আহিছো । সভাপতিৰ তালিকাত মোৰ নাম অন্তৰ্ভুক্ত কৰি মোক বদনাম কৰিছে । সভাপতি নোহোৱাকৈ সাহিত্য সভাৰ কাম কৰিব পাৰি ।"

লগতে পঢ়ক:সভাপতি হ'বলৈ এজন প্ৰকৃত সাহিত্যিক হ'ব লাগে: ড৹ নগেন শইকীয়া

সভাপতিকেন্দ্ৰিক বিতৰ্কই সাহিত্য সভাৰ স্খলন উদঙাই দিছে: নীলিম কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.