ETV Bharat / state

বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰ দৌল: লোকাৰণ্য বৰপেটা সত্ৰ চৌহদ - BARPETA SATRA BHOR DOUL

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 3:44 PM IST

Barpeta Doul Utsav 2024: বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰদৌল ৷ দৌল মহোৎসৱ উপলক্ষে আজি সত্ৰৰ চৌহদ লোকাৰণ্য হৈ পৰে ৷ আজি গোসাঁইক দৌল গৃহৰ পৰা নিশা নমোৱা হ’ব ৷ বিয়লি গোসাঁইক কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ নিয়া হ’ব ৷

BARPETA SATRA BHOR DEUL
বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌল

বৰপেটা, ২৫ মাৰ্চ: ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি অৰ্থাৎ মঙলবাৰে দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাচত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷

পুৱাৰে পৰা সত্ৰৰ কীৰ্তনঘৰত নিত্য-নৈমিত্তিক প্ৰসংগ চলাৰ পিচত গোসাঁইৰ সন্মুখত যোগমোহন গৃহত আইসকলৰ প্ৰসংগ, ভকতৰ প্ৰসংগ, গায়ন -বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকাৰণ্য হৈ পৰে ৷ ঢুলীয়া যাত্ৰা, হোলীগীতৰ সুৰেৰে মুখৰিত হৈ পৰে বৰপেটা সত্ৰ ৷ আজি গোসাঁইক দৌল গৃহৰ পৰা নিশা নমোৱা হ’ব ৷

গোসাঁইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ বুধবাৰে বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুঁৱেৰী ৷ কাইলৈ পুৱাৰে পৰা সমস্ত বৰপেটাবাসীৰ শিশুৰ পৰা বৃদ্ধলৈকে ৰঙে ৰঙে একাকাৰ হ‘ব ৷ ৰঙত নাচি উঠিব বৰপেটা বৃন্দাবন ৷

বুধবাৰে বিয়লি গোসাঁইক কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ নিয়া হ’ব ৷ কলবাৰী সত্ৰৰ পৰা গোসাঁই ঘূৰি অহাৰ পিচত সত্ৰৰ টুপৰ চোতালত বাঁহ ভঙা পৰ্ব আৰু মঠৰ চোতালত বোল বোলনি অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ইয়াৰ মাজতে গোসাঁইক কীৰ্তন ঘৰৰ চাৰিওফালে সাতপাক প্ৰদক্ষিণ কৰাই মণিকূট গৃহত প্ৰবেশ কৰাব ৷ ইয়াৰ লগে লগে তিনিদিনীয়া দৌল মহোৎসৱৰ সামৰণি পৰিব ৷

লগতে পঢ়ক: ৰাজ্যজুৰি দৌল মহোৎসৱ: বৰপেটা সত্ৰত দৌল গোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইৰ মহাস্নান পৰ্ব - Doul Utsav 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.