ETV Bharat / state

দুয়োখন ভৰি হেৰুওৱা যুৱকক নতুন জীৱন দিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে - Jorhat Medical College

Jorhat Medical : যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ নতুন উদ্ভাৱনী প্ৰযুক্তি কৌশল সফলতাৰে সম্পন্ন ৷ সম্পূৰ্ণ নিজৰ খৰচেৰে অত্যাধুনিক কৃত্ৰিম অংগ সংৰোপন কৰি সুস্থ কৰি তুলিলে দুৰ্ঘটনাত দুই ভৰি হেৰুওৱা ব্যক্তিক ৷

JORHAT MEDICAL COLLEGE
কৃত্ৰিম অংগ সংৰোপন কৰি সুস্থ কৰি তুলিলে দুৰ্ঘটনাত দুই ভৰি হেৰুওৱা ব্যক্তিক (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 7:52 PM IST

যোৰহাট, 24 জুন : মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে ৷ চিকিৎসকে যে মৃত্যুৰ মুখৰ পৰা ওভতাই আনি এজন লোকক নতুন জীৱন দিব পাৰে তাৰেই প্ৰমাণ দিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে ৷ দুয়োখন ভৰি হেৰুৱাই মৃত্যুৰ পথলৈ আগবঢ়া এগৰাকী অসহায় যুৱকক চিকিৎসকে দিলে নতুন জীৱন ৷

এগৰাকী অসহায় যুৱকক চিকিৎসকে দিলে নতুন জীৱন (ETV BHARAT ASSAM)

আমগুৰিৰ বৃন্দাবন ধাবাৰ কৰ্মচাৰী মনোৰঞ্জন বৈশ্য নামৰ 29 বছৰীয়া যুৱকজনক নতুন জীৱন প্ৰদান কৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে ৷ চলিত বৰ্ষৰ মাৰ্চ মাহত দুৰ্ঘটনাবশতঃ ৰে’লৰ চেপাত যুৱকজনে হেৰুৱাব লগা হৈছিল দুয়োখন ভৰি ৷ দুৰ্ঘটনাৰ পাচতে কোনো অজ্ঞাত ব্যক্তিয়ে যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত থৈ পলায়ন কৰে আৰু ইয়াতে দায়িত্ব সামৰে ৷ নলবাৰীৰ যুৱকজনৰ আজি পৰ্যন্ত নোলাল কোনো অভিভৱকো ৷

লগতে পঢ়ক : কলেৰাত মৃত্যু হোৱা লোকৰ পৰিয়ালক এক লাখ টকাকৈ আৰ্থিক সাহাৰ্য মুখ্যমন্ত্রীৰ - Cholera cases in Assam

চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি হোৱাৰ দিনাৰে পৰাই চিকিৎসকেই তেওঁৰ বাবেই হৈ পৰে অভিভাৱক ৷ চিকিৎসা মহাবিদ্যালয়ৰ ফিজিঅ’ থেৰাপী বিভাগৰ চিকিৎসক অংকুৰ জ্যোতি বৰা, দীপজ্যোতি বৰ্মন, অস্থি বিভাগৰ চিকিৎসক নয়নমণি দত্তৰ প্ৰচেষ্টাত যুৱকজনে লাভ কৰিলে নতুন জীৱন ৷ চিকিৎসক কেইজনে তেওঁলোকৰ নিজৰ খৰচেৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক মানৱ জ্যোতি গোহাঁইৰ তত্বাৱধানত চিকিৎসালয়তেই পোন প্ৰথমবাৰৰ বাবে কৃত্ৰিম ভৰি নিৰ্মাণ কৰি, যুৱকজনৰ দেহত সংৰোপন কৰি নতুন জীৱন দিয়ে ৷

উল্লেখ্য যে, অভিভাৱকহীন যুৱকজনক মাৰ্চ মাহৰ পৰা আজিলৈকে চিকিৎসাৰ উপৰিও সকলো খৰচ বহন কৰি আহিছে চিকিৎসক কেইজনে ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত কৃত্ৰিম অংগ সংৰোপনৰ ব্যৱস্থা নাই যদিও অসম চৰকাৰে যদি এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে তেন্তে দুৰ্ঘটনাগ্ৰস্ত বা অন্য ৰোগীসকলে যথেষ্ঠ সকাহ পাব বুলি তেওঁলোকে উল্লেখ কৰে ৷

লগতে পঢ়ক : কলঙৰ পাৰত জাক জাক হাড়গিলা : দৃষ্টিনন্দন পৰিৱেশ পুৰণিগুদামত - Greater Adjutant

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.