ETV Bharat / state

বাণাসুৰে পূজা কৰা ঐতিহাসিক গণেশ মন্দিৰটো ক'ত আছে আপুনি জানেনে ? - Ganesh Chaturthi 2024

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 10:48 AM IST

Ganesh Chaturthi : বিশ্বকৰ্মাই শিলত খোদিত কৰিছিল গণেশৰ মূৰ্তি । সেই স্থানতে নিতৌ পূজা অৰ্চনা কৰিছিল বাণাসুৰ বা বাণ ৰজাই । গণেশ চতুৰ্থী উপলক্ষে বিশেষ আয়োজন কৰা হৈছে ।

Ganesh Chaturthi 2024
বাণাসুৰে পূজা কৰা ঐতিহাসিক গণেশ মন্দিৰটো ক'ত আছে (ETV Bharat)

তেজপুৰ, ৭ ছেপ্টেম্বৰ : আজি গণেশ চতুৰ্থী । সমগ্ৰ দেশতে গণেশ চতুৰ্থীৰ ব্যাপক আয়োজন চলিছে । তাৰ মাজতে চৰ্চালৈ আহিছে এটা বিশেষ গণেশ মন্দিৰ । অসমৰ শোণিতপুৰ জিলাৰ ঐতিহাসিক তেজপুৰ চহৰত আছে পৌৰাণিক মন্দিৰটো । গণেশ চতুৰ্থী উপলক্ষে ব্ৰহ্মপুত্ৰৰ পাৰতে থকা এই ঐতিহাসিক মন্দিৰটোত চলিছে পূজাৰ আয়োজন । কিন্তু এই মন্দিৰটোৰ মাহাত্ম্যৰ বিষয়ে আপুনি জানিলে আচৰিত হ'ব ।

ঐতিহাসিক গণেশ মন্দিৰ

তেজপুৰৰ গণেশ ঘাটত থকা এই গণেশ মন্দিৰৰ বাণাসুৰৰ ৰাজত্বকালৰ এক চহকী ইতিহাস আছে । বিশ্বকৰ্মাই নিজেই শিলত খোদিত কৰিছিল বিশাল গণেশৰ মূৰ্তি । মাত্ৰ এটা শিলতে খোদিত ভগৱান গণেশৰ ৩ ফুট ওখ মূৰ্তিটো । লোকবিশ্বাস অনুসৰি, যদি কোনো কাৰণত বাৰিষাৰ বানে নৈৰ পাৰত থকা এই ভগৱান গণেশৰ মূৰ্তি স্পৰ্শ কৰে তেন্তে সমগ্ৰ তেজপুৰ চহৰখন মহাবাহু ব্ৰহ্মপুত্ৰ নদীত ডুব যাব ।

মন্দিৰটোৰ ইতিহাস

ইতিহাস প্ৰসিদ্ধ এই গণেশ মন্দিৰক লৈ বিভিন্ন ধৰণৰ বিশ্বাস আছে । মন্দিৰৰ পুৰোহিতৰ লগতে বিভিন্ন অধ্যয়নে দাবী কৰে যে শতিকা পূৰ্বে শোণিতপুৰৰ বাণ ৰজা বা বাণাসুৰে এই মন্দিৰত পূজা অৰ্চনা কৰিছিল । বাণাসুৰে সমীপৰ ব্ৰহ্মপুত্ৰ নৈত স্নান কৰি প্ৰথমে এই গণেশ মন্দিৰত পূজা অৰ্চনা কৰিছিল আৰু তাৰ পিচত ঐতিহাসিক মহাভৈৰৱ মন্দিৰত শিৱক আৰাধনা কৰিছিল । গণেশ মন্দিৰটোৰ পুৰোহিতৰ মতে তেওঁ বিগত ৪৭ বছৰে এই মন্দিৰতে সেৱা আগবঢ়াই আছে আৰু মন্দিৰ পৰিচালনাৰ সৈতে জড়িত হৈ আছে ।

বাণ ৰজা বা বাণাসুৰ কোন ?

হিন্দু শাস্ত্ৰৰ মতে বাণ (বা বাণাসুৰ) এজন অতি শক্তিশালী অসুৰ আছিল । এসময়ত শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ)ক ৰাজধানী কৰি বাণাসুৰে মধ্য অসমত ৰাজত্ব কৰিছিল বুলি বিশ্বাস কৰা হয় । তেওঁৰ প্ৰভাৱ ইমানেই প্ৰবল আৰু তীব্ৰ আছিল যে সকলো ৰজা তথা একাংশ দেৱতাও তেওঁৰ সন্মুখত কঁপি উঠিছিল ।

বিষ্ণুৰ কথা মতে বিশ্বকৰ্মাই প্ৰদান কৰা ৰাসলিংগক প্ৰতাপী অসুৰ ৰজা বাণাসুৰে পূজা কৰিছিল । শিৱ‌ই তাণ্ডৱ নৃত্য কৰাৰ সময়ত ভক্ত বাণে তেওঁৰ সহস্ৰ বাহুৰে মৃদংগ বজাইছিল । বাণৰ ভক্তিত সন্তুষ্ট হৈ শিৱ‌ই তেওঁক বৰদান দিছিল । তেতিয়া বাণাসুৰে শিৱক নিজৰ নগৰৰ ৰক্ষক হ'বলৈ অনুৰোধ জনাইছিল । যাৰ বাবে বাণাসুৰ অজেয় হৈ পৰিছিল ।

ইফালে তেজপুৰৰ ঐতিহাসিক গণেশ মন্দিৰটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত । মন্দিৰটোত প্ৰতিদিনে শ শ লোকে পূজা অৰ্চনা কৰা দেখা যায় । পৌৰাণিক ৰীতি নীতিৰে এইবাৰো মন্দিৰত গণেশ পূজাৰ আয়োজন কৰা হৈছে । আগন্তুক ৩ দিন পৰ্যন্ত মন্দিৰটোত লানি নিছিগা ভিৰ থাকিব বুলি দাবী কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ।

লগতে পঢ়ক :মহানগৰীৰ কোনটো গণেশ মন্দিৰত আদা-নিমখ দিলে হেৰুৱা বস্তু ঘূৰাই পায় ? - GANESH CHATURTHI 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.