ETV Bharat / state

বকোত ১২০০ হিতাধিকাৰীক অনুদান বিতৰণ - Grants to beneficiaries

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Rabha Hasong Autonomous Council: শনিবাৰে কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চুকুণীয়াপাৰাত হিতাধিকাৰীক বিতৰণ কৰা হয় অনুদান । বিভিন্ন জাতি-জনগোষ্ঠীৰ হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ. মাৰাকে ।

Distribution of grants to beneficiaries of Rabha Hasong Autonomous Council in Kamrup district
বকোত ১২০০ হিতাধিকাৰীক অনুদান বিতৰণ (ETV Bharat Assam)

বকো,২৯ ছেপ্টেম্বৰ: কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ২৪নং পৰিষদীয় সমষ্টিৰ চুকুণীয়াপাৰাত শনিবাৰে ১২০০ হিতাধিকাৰীক অনুদান বিতৰণ কৰে । পৰিষদীয় সমষ্টিটোৰ ৪৮খন গাঁৱৰ গাৰো, বড়ো, ৰাভা, কোচ ৰাজবংশীকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ. মাৰাকে ।

পৰিষদৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ পুঁজিৰে দৰিদ্ৰ হিতাধিকাৰীৰ মাজত সুতা, কম্বল, দমকল, বন্যহস্তী খেদিবলৈ সৌৰ শক্তি চালিত টৰ্চ, টিনপাত, বিভিন্ন ক্লাৱত ফুটবল, ভলীবলসহ নেট আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে । বিতৰণ অনুষ্ঠানটোত কাৰ্যবাহী সদস্যগৰাকীক সংগ দিয়ে ৰাভা হাছং যৌথ মঞ্চৰ বন্দাপাৰা মণ্ডলৰ উপ-সভাপতি ভাস্কৰ ৰাভা, পৰিষদীয় সমষ্টিৰ সভাপতি গোবৰ্ধন ৰাভাসহ বিষয়ববীয়াসকলে ।

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ. মাৰাকে (ETV Bharat Assam)

বিতৰণ অনুষ্ঠানত কাৰ্যবাহী সদস্যগৰাকীয়ে হাছঙবাসীক উদ্দেশ্যি কয়,"যদিহে হাছংবাসীক বিজেপিমুখী হ'বলৈ হেঁচা প্ৰয়োগ কৰে তেন্তে হাছংবাসীয়ে পৰিষদখন প্ৰথমে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তি কৰাৰ দাবী তুলিব লাগিব । ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদখনত বিভিন্নজনে বিভিন্ন সময়ত ৰাজনীতি কৰি আহিছে ।"

এইবোৰ ৰাজনীতিত মনোনিবেশ নকৰিবলৈ হাছংবাসীক আহ্বান জনায় । আনহাতে বিতৰণ অনুষ্ঠানত উপস্থিত বন্দাপাৰা মণ্ডলৰ উপ-সভাপতি ভাস্কৰ ৰাভাই ভাষণ প্ৰসংগত উল্লেখ কৰে । যোৱা ৯ ফেব্ৰুৱাৰীত পৰিষদখন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্তিৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰখনলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে । ষষ্ঠ অনুসূচী প্ৰদান কৰিলে পৰিষদখনলৈ কেন্দ্ৰীয় চৰকাৰে অধিক পুঁজি প্ৰেৰণ কৰিব । ফলত ৰাভা হাছঙত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন হ'ব ।

লগতে পঢ়ক: অসমৰ ৩৯ টা বিধানসভা সমষ্টিত ৪-৫ অক্টোবৰত গঠিত হ'ব সমজিলা : মুখ্যমন্ত্রী - Equal District in Assam

মিচিং বানে কৌবাঙৰ সভাত মূলসুঁতিলৈ ওভতাৰ সংকল্প সশস্ত্ৰ সংগঠনৰ - LDCML Militant to Cease Fire

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.