ETV Bharat / state

পুনৰ বিকৃত ৰূপত প্ৰদৰ্শিত হ’ল বিহু; দুখ প্ৰকাশ কৰি দায় এৰিলে উদযাপন সমিতিয়ে - Bihu Dance Controversy - BIHU DANCE CONTROVERSY

Bihu Distortion in Golaghat: বসন্ত উৎসৱৰ মঞ্চত বিকৃত ৰূপত প্ৰদৰ্শিত হ’ল বিহু ৷ দুখ প্ৰকাশ কৰিলেও উক্ত বিকৃত অনুষ্ঠানৰ বাবে নিজকে দোষী বুলি নাভাবে স্পষ্ট কৰি দিয়ে উদযাপন সমিতিয়ে ৷

Bihu Distortion in Golaghat
গোলাঘাটত বিকৃত ৰূপত বিহু (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:12 PM IST

গোলাঘাটত বিকৃত ৰূপত বিহু (Etv bharat assam)

গোলাঘাট, 13 মে’: পুনৰ বিকৃত ৰূপত প্ৰদৰ্শিত হ’ল অসমীয়াৰ স্বাভিমান বিহু ৷ বিহু সন্মিলনৰ মঞ্চত প্ৰদৰ্শিত হ’ল বিকৃত ৰূপত বিহু ৷ গোলাঘাটত পুৰাবাংলা বসন্ত উৎসৱৰ মঞ্চত প্ৰদৰ্শিত হ’ল বিকৃত ৰূপত বিহু ৷

জানিব পৰা মতে, গোলাঘাট জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰঙী মৌজাৰ পুৰাবাংলা বসন্ত উৎসৱৰ মঞ্চত বিকৃত ৰূপত উপস্থাপন কৰা হ’ল অসমীয়াৰ হিয়াৰ আমঠু বিহু নৃত্যক । দেওবাৰৰ নিশা পুৰাবাংলা বসন্ত উৎসৱ উদযাপন সমিতিৰ আমন্ত্ৰণ ক্ৰমে এটা কৌতুক গোষ্ঠীয়ে কৌতুক প্ৰদৰ্শন কৰি থকাৰ মাজতে বিহুক বিকৃত ৰূপত উপস্থাপন কৰা পৰিলক্ষিত হয় ৷ এই দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে জিলাখনৰ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ উদযাপন সমিতিৰ সন্মুখতে এনেদৰে বিহুক বিকৃত ৰূপত উপস্থাপন কৰা কাৰ্যক সকলোৱে একেমুখে গৰিহণা দিছে ।

আনফালে, এই কাৰ্যৰ বাবে নিজকে দোষী বুলি নাভাবে বুলি স্পষ্ট কৰি দিছে বিহু উদযাপন সমিতিয়ে ৷ অৱশ্যে বিহুৰ মঞ্চত কৌতুক গোষ্ঠীটোৱে বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰাৰ বাবে দুখ প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে । এক সংবাদমেলৰ আয়োজন কৰি বিহুৰ সৈতে প্ৰতিজন অসমীয়াৰ আৱেগ জড়িত হৈ আছে বুলি উল্লেখ কৰি ভৱিষ্যতে এনে কাৰ্য কেতিয়াও সংঘটিত নহয় বুলি উল্লেখ কৰে উদযাপন সমিতিয়ে ৷

উদযাপন সমিতিৰ অজ্ঞাতেই কৌতুক গোষ্ঠীটোৱে উক্ত অনুষ্ঠান পৰিৱেশন কৰে বুলিও সংবাদমেলখনত উল্লেখ কৰে উদযাপন সমিতিয়ে । তদুপৰি কৌতুক গোষ্ঠীটোক উদযাপন সমিতিয়ে অনুষ্ঠান পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনোৱা নাছিল বুলি কয় ৷ অৱশ্য সেয়া কেনেকৈ সম্ভৱ তাকে লৈ বিভিন্ন মহলত সৰৱ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক: জুবিন গাৰ্গৰ গীতৰ মায়াজালত মোহাছন্ন হাজাৰ হাজাৰ অনুৰাগী - Zubeen Garg Bihu Program

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.