ETV Bharat / state

কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন নকলেৰে অখিল গগৈৰ প্ৰতিবাদী বেনাৰ - Akhil Gogoi Cartoon row

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 10:46 PM IST

Updated : Aug 31, 2024, 9:37 AM IST

Cartoon controversy: কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুনৰ নকল বিতৰ্কত বিধায়ক অখিল গগৈ । বিধানসভাত অখিল গগৈয়ে প্ৰদৰ্শন কৰিবলগীয়া কাৰ্টুন নি আৰক্ষীৰ হাতত বন্দী জ্যেষ্ঠ সাংবাদিক জমশ্বেৰ আলী ।

Cartoon controversy
কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুনৰ নকল বিতৰ্ক (Akhil Gogogi FB page)

গুৱাহাটী, ৩০ মে’: 'মিয়া অ’’ মিয়া ২০২৬ৰ বৈতৰণীটো পাৰ কৰি দিয়া’ —শীৰ্ষক কাৰ্টুনৰ প্ৰতিবাদী বেনাৰ প্ৰস্তুত কৰি বিতৰ্কত অখিল গগৈ । আৰক্ষীৰ হাতত বন্দী জ্যেষ্ঠ সাংবাদিক ৷ বিধানসভাত প্ৰতিবাদ কৰিবলৈ কাৰ্টুনৰ বেনাৰ প্ৰস্তুত কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে বিধায়ক অখিল গগৈ ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে বিধানসভাৰ মিঞা বিতৰ্কক লৈ অঁকা কাৰ্টুনৰ নকল কৰাই বেনাৰ প্ৰস্তুত কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে বিধায়কগৰাকী ৷ সামাজিক মাধ্যমৰ যোগেদি অখিল গগৈৰ এই কাৰ্যত দুখ তথা তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নিতুপৰ্ণ ৰাজবংশীয়ে ।

নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুনৰ শব্দাৱলী অখিল গগৈৰ প্ৰতিবাদী বেনাৰত:

বুধবাৰৰ নিশাৰ পৰা অসুস্থতাৰ বাবে বিধায়ক অখিল গগৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থাকিবলগীয়া হয় ৷ সেয়ে অধিৱেশনৰ শেষৰ দিনা তেওঁ বিধানসভাত ভাগ লৈ মিয়া অ’’ মিয়া ২০২৬ৰ বৈতৰণীটো পাৰ কৰি দিয়া’ শীৰ্ষক এখন কাৰ্টুনৰ বেনাৰেৰে প্ৰতিবাদ কৰাৰ বাবে সাজু হৈছিল । চিকিৎসকৰ অনুমতি নোপোৱাৰ বাবে ফেচবুক যোগে অখিল গগৈয়ে কাৰ্টুন আৰু বেনাৰখন ৰাজহুৱা কৰে । তাৰ পিছতেই কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈক ধিক্কাৰ দিয়ে । কিয়নো নিতুপৰ্ণ ৰাজবংশীয়ে কেইদিনমান আগতে অঁকা এটা কাৰ্টুনৰ সৈতে একেই আছিল অখিল গগৈয়ে অমল মেধি নামৰ কাৰ্টুনিষ্টজনৰ দ্বাৰা অংকন কৰোৱা বেনাৰৰ কাৰ্টুনখন ।

অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ নিতুপৰ্ণ ৰাজবংশীৰ:

অসমৰ এগৰাকী প্ৰতিষ্ঠিত কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে অখিল গগৈয়ে প্ৰস্তুত কৰোৱা কাৰ্টুন আৰু নিজৰ কাৰ্টুন দুয়োখন সামাজিক মাধ্যমত আপলোড কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰে এইদৰে, "এই কাৰ্টুনখনৰ বিষয়বস্তু যোৱা ২৮ আগষ্টত প্ৰকাশিত আমাৰ সংশ্লিষ্ট কাৰ্টুনখনৰ পৰা নকল কৰা হৈছে । অখিল গগৈৰ দৰে এজন দায়বদ্ধ ৰাজনীতিকে এনে দুষ্কাৰ্যৰ পোষকতা কৰাটো অতি নিন্দনীয় আৰু আমাৰ শিল্পকৰ্মৰ প্ৰতি চূড়ান্ত অপমান । ধিক্কাৰ ।''

কাৰ্টুনৰ মূল শিল্পী নিতুপৰ্ণ ৰাজবংশীৰ বিৰোধিতাৰ পিছতো পৰৱৰ্তী সময়ত অখিল গগৈয়ে এই বেনাৰখন লৈয়ে হাস্পতালৰ পৰাই প্ৰতিবাদ কৰে । এই কাৰ্যত অধিক ক্ষুণ্ণ হৈ পৰে কাৰ্টুনিষ্টগৰাকী ৷ তেওঁ সামাজিক মাধ্যমযোগে কয়, “কাৰ্টুন নকল কৰাৰ পাছত এইবাৰ এইখন । আমি ইতিমধ্যে কষ্ট পোৱা বুলি, অপমানিত হোৱা বুলি উল্লেখ কৰাৰ পাছতো আৰু তেওঁলোকৰ প্ৰতিনিধিয়ে ভুল হোৱা বুলি স্বীকাৰ কৰাৰ পাছতো পুনৰ একেটা ভুলৰে পুনৰাবৃত্তি কৰি আমাৰ কাৰ্টুনৰ বিষয়বস্তু নকল কৰি অখিল গগৈ ডাঙৰীয়াৰ এই প্ৰতিবাদ । আচলতে অখিল গগৈ ডাঙৰীয়াৰ দৰে বিজ্ঞ ৰাজনীতিকৰ মানত আমাৰ দৰে কাৰ্টুনিষ্টৰ কোনো মূল্যই নাই । আমি পদে-পদে অপমানিত হ'লেও, কষ্ট পালেও অখিল গগৈ বা আন কাৰোবাৰ কি আহে যায় । আমাৰ শিল্পকৰ্মক আজিৰ দিনটোৰ বাৰম্বাৰ কৰা এই অপমানৰ তীব্ৰ নিন্দা কৰিলো । আৰু ধিক্কাৰ দিলো ।”

সামাজিক মাধ্যমত নিতুপৰ্ণ ৰাজবংশীয়ে এইদৰে পোষ্ট কৰাৰ মাজতে অখিল গগৈৰ এগৰাকীৰ সতীৰ্থই ভুল স্বীকাৰ কৰি কয় যে অখিল গগৈয়ে এইবোৰ নিজে কৰা নাই ৷ তেওঁৰ দলীয় সতীৰ্থইহে কৰিছে ৷ কাৰ্টুনখন আন এজন কাৰ্টুনিষ্ট অমল মেধিৰ দ্বাৰা প্ৰস্তুত কৰা বুলি কৈ অমল মেধিৰ গালৈ দোষ ঠেলিব খোজে যদিও নিতুপৰ্ণ ৰাজবংশীৰ পোষ্টতে অমল মেধিয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷ মেধিয়ে পোষ্টত লিখে যে, তেওঁক খৰখেদাকৈ দুখন কাৰ্টুন প্ৰস্তুত কৰিবলৈ কোৱা হৈছিল এটা বিষয় দি ৷ তেওঁ সাধাৰণতে আনৰ বিষয় লৈ কাৰ্টুন প্ৰস্তুত নকৰে যদিও খৰখেদা কৰাত কাৰ্টুন প্ৰস্তুত কৰি দিছিল ৷ কিন্তু কাৰ্টুনত থকা বাক্য কেইশাৰী তেওঁ লিখা নাছিল ৷ সেয়া প্ৰস্তুত কৰোতাই পিছত লিখা হ’ব বুলি কৈছিল ৷

নিজৰ শিল্প চুৰিৰ এই কাৰ্যত অতিকৈ মৰ্মাহত হোৱা নিতুপৰ্ণ ৰাজবংশীয়ে নিজৰ ফেচবুকৰ প্ৰফাইল ফটো ক’লা কৰি আজিৰ পৰা কোনো কাৰ্টুন অংকন নকৰো বুলি পোষ্ট কৰাও দেখা গৈছে ৷

আজি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ শেষৰ দিনটোত বিধানসভা চৌহদত আৰক্ষীৰ হাতত আটক হ’বলগীয়া হয় এগৰাকী সাংবাদিক । জ্যেষ্ঠ সাংবাদিক জমশ্বেৰ আলীয়ে আজি বিধানসভা চৌহদৰ প্ৰৱেশদ্বাৰৰ সন্মুখত তেওঁৰ লগত লৈ যোৱা ''মিয়া অ’ মিয়া ২০২৬ ৰ বৈতৰণীটো পাৰ কৰি দিয়া’’— কাৰ্টুনখন নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে । লগে লগে আৰক্ষীয়ে তেওঁক আটক কৰি নিজৰ জিম্মালৈ নিয়ে ৷

এই সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সংবাদ মাধ্যমক জনায় যে শুকুৰবাৰে পুৱা মহানগৰ আৰক্ষীয়ে কৰ্তব্য পালন কৰি থাকোতে বিধানসভা চৌহদৰ সমীপত এগৰাকী সন্দেহজনক ব্যক্তিক সোধপোছ কৰে আৰু তেওঁৰ পৰা এখন বেনাৰ জব্দ কৰে । ব্যক্তিজনৰ নাম জমশ্বেৰ আলী । বেনাৰত লিখি থোৱা কথাখিনি যথেষ্ট আপত্তিজনক। অধিক সোধা-পোছাৰ কাৰণে ব্যক্তিজনক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে । পৰৱৰ্তী তদন্তত সকলো কথা পোহৰলৈ আহিব । পৰৱৰ্তী সময়ত আলীক সোধপোছৰ অন্তত মুকলি কৰি দিয়া হয় ৷

লগতে পঢ়ক: বিধানসভালৈ বনোৱা বেনাৰ লৈ হাস্পতালৰ পৰাই অখিল গগৈৰ প্ৰতিবাদ - Miya row

মিঞাৰ পিঠিত উঠি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বুলি ভাবিছে কংগ্ৰেছে: ভুবন পেগু - Miya Row

Last Updated : Aug 31, 2024, 9:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.