ETV Bharat / state

বিধায়ক অতুল বৰাৰ ফটো এলবাম 'চাই লওঁ তোমাৰ মুখনি এবাৰ' উন্মোচন

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 4:41 PM IST

Atul Bora Photo Album Released : বিধায়ক অতুল বৰাৰ ফটো এলবাম উন্মোচন । ছাত্ৰ নেতাৰ পৰা বিধায়কলৈ, পিতৃ-মাতৃৰ পৰা পত্নী-পুত্ৰলৈ ফটো সন্নিৱিষ্ট আছে এলবামটোত ।

বিধায়ক অতুল বৰাৰ ফটো এলবাম উন্মোচন
বিধায়ক অতুল বৰাৰ ফটো এলবাম উন্মোচন
বিধায়ক অতুল বৰাৰ ফটো এলবাম উন্মোচন

গুৱাহাটী, 21 ফেব্ৰুৱাৰী : দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাৰ জীৱনৰ বিভিন্ন অধ্যায়ৰ বিভিন্ন ফটো সন্নিৱিষ্ট এখন ফটো এলবাম বুধবাৰে উন্মোচন কৰা হয় । গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় 'চাই লওঁ এবাৰ মুখনি তোমাৰ' নামৰ এই ফটো এলবামখন ।

এলবাম উন্মোচন কৰি বিধায়ক অতুল বৰাই কয় যে ছাত্ৰ নেতাৰ পৰা আৰম্ভ কৰি বিধায়ক জীৱন তথা পিতৃ-মাতৃ, আত্মীয় আৰু শুভাকাংক্ষী বিভিন্নজনৰ সৈতে পাৰ কৰা দিনবোৰৰ সজল স্মৃতি ধৰি ৰখাৰ প্ৰয়াস হৈছে এই এলবামত । নিজৰ ৰাজহুৱা আৰু ব্যক্তিগত জীৱনৰ বিভিন্ন মুহূৰ্তৰ ফটো সন্নিৱিষ্ট এলবামখনৰ কলেৱৰ হৈছে ৩০৪ পৃষ্ঠাৰ ।

আনহাতে, এলবামখন উন্মোচন কৰি সংবাদ মাধ্যমৰ আগত তেওঁ কয়, নিজৰ জীৱনৰ বিভিন্ন পৰ্যায়ত ভালেখিনি মানুহৰ সৈতে তেওঁৰ সংস্পৰ্শ লাভৰ সৌভাগ্য ঘটিছিল । তাৰে বহু ফটো তেওঁ সযতনে ৰাখি থৈছিল । আনহাতে, তাৰে মাজৰ বহু ফটো ইতিমধ্যে নোহোৱা হৈ গৈছে । কিন্তু ভৱিষ্যতৰ দিনত এইবোৰ এক স্মৃতি হিচাপে সংৰক্ষণ কৰাৰ কথা চিন্তা কৰিয়েই এই এলবামটি প্ৰকাশৰ কথা চিন্তা কৰে, যাতে তেওঁলোকৰ সংস্পৰ্শৰ সময়বোৰ সজীৱ হৈ থাকে ।

লগতে যিসকল লোক এই সংসাৰত জীয়াই থকা নাই সেইসকল লোকৰ প্ৰতি শ্ৰদ্ধা জনোৱাটোও এই এলবামটিৰ উদ্দেশ্য বুলি তেওঁ কয় । ইয়াৰ উপৰি নৱপ্ৰজন্মই যাতে সেইসকল লোকক এই এলবামৰ জৰিয়তে বিচাৰি পায় আৰু চিনি পায় তাৰ বাবেই এই ফটো এলবামখন প্ৰকাশ কৰা বুলি প্ৰকাশ কৰে । এলবামখনত তেওঁৰ পিতৃ-মাতৃৰ প্ৰতি থকা ভক্তি, পুত্ৰ-পত্নীৰ প্ৰতি থকা মৰম-চেনেহৰ কথা উল্লেখ কৰাৰ কথাও তেওঁ উনুকিয়ায় ।

লগতে পঢ়ক :বৰ্তমান বিধান সভাত বিৰোধীয়েই নাই: বিধায়ক অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.