ETV Bharat / state

খোৱাটো বাদেই, হাতেৰেও চোৱাৰ অনুপযোগী এইখন নগৰ পানী যোগান আঁচনিৰ পানী - drinking water Crisis

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 3:51 PM IST

Drinking water Crisis: প্ৰতিশ্ৰুতি আছিল বিশুদ্ধ খোৱাপানী যোগানৰ ৷ কিন্তু এতিয়া খোৱাটো বাদেই হাতেৰে চুই চোৱাৰো অনুপযোগী পানী যোগান ধৰা হৈছে এখন পানী যোগান আঁচনিৰ অধীনত ৷ ক্ষোভিত ৰাইজে শীঘ্ৰে দাবী কৰিছে বিশুদ্ধ খোৱাপানীৰ ৷

Water Supply Scheme
খোৱাটো বাদেই হাতেৰে চুই চোৱাৰো অনুপযোগী পানী প্ৰদান পানী যোগান আঁচনিৰ অধীনত (Etv bharat assam)

যোৰহাট, 2 জুন: খোৱাপানীৰ নামত ৰাজ্যৰ এখন পানী যোগান আঁচনিৰ অধীনত যোগান ধৰা হৈছে চুই চোৱাৰো অনুপযুক্ত পানী ৷ যোৰহাট নগৰ পানী যোগান আঁচনিৰ অধীনত যোগান ধৰা হৈছে এই বৰবিহ সদৃশ পানী । জানিব পৰা মতে, তিনি/চাৰিদিন ধৰি যোৰহাট নগৰ পানী যোগান আঁচনিয়ে যোগান ধৰা পানী হৈ পৰিছে খোৱা আৰু গা ধোঁৱাৰ বাবে অনুপযোগী । যাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোক ৷

যোৰহাট 15 নং ৱাৰ্ডৰ অন্তৰ্গত ৰূপালী নগৰৰ পৌৰকৰ দাতা ৰাইজক যোৰহাট পৌৰসভাৰ দ্বাৰা পৰিচালিত যোৰহাট নগৰ পানী যোগান আঁচনিয়ে যোগান ধৰা পানী সম্পূৰ্ণৰূপে অপৰিস্কাৰ বুলি অভিযোগ তুলিছে স্থানীয় লোকে ৷ ৰাইজে পানী টেপ খুলিলেই ৰঙচুৱা পানী ওলায় বুলি ক্ষোভ প্ৰকাশ কৰিছে । উক্ত পানী খোৱা, গা ধোঁৱাৰ বাবে অনুপযোগী হোৱাৰ লগতে চুই চোৱাৰো উপযোগী নহয় বুলি ৰাইজে জানিবলৈ দিয়ে ৷

কৰদাতা ৰাইজক যদি বিশুদ্ধ তথা পৰিস্কাৰ পানী যোগান নধৰে তেতিয়া হ’লে বৃহত্তৰ ৰূপালী নগৰবাসী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে । ৰাইজে পানীৰ বাবদ মাহেকীয়া বিল পৰিশোধ কৰি অহাৰ পাচতো বিশুদ্ধ পানীৰ অভাৱত ভুগিবলগীয়া হোৱাত দৈনন্দিক জীৱন যাত্ৰা নিয়াৰিকৈ চলাই লৈ যোৱাত বৃহৎ অসুবিধাৰ সন্মুখীন হৈছে ।

আনহাতে উক্ত বিষয়ে যোৰহাট পৌৰসভাৰ উপ-পৌৰপতি দিলীপ দত্তক অৱগত কৰা হয় আৰু বিভাগীয় দল উক্ত স্থানত উপস্থিত হৈ দায়সৰা মন্তব্যহে প্ৰদান কৰে বুলি ৰাইজে অভিযোগ উথাপন কৰে ।

উল্লেখ্য যে, যোৰহাট নগৰ পানী যোগান আঁচনিৰ বিৰুদ্ধে পূৰ্বেও এনে ধৰণৰ অভিযোগ উত্থাপিত হৈছিল । তাৎপৰ্যপূৰ্ণ যে অনিয়মীয়া বিদ্যুত যোগানৰ পিছত এইবাৰ অপৰিস্কাৰ পানীয়ে জলা কলা খুৱাইছে স্থানীয় লোকসকলক । আনহাতে, ভুক্তভোগী ৰাইজে এই বিষয়ে জিলা আয়ুক্তকো অৱগত কৰা বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক: অসহনীয় গৰম: ৰাজ্যৰ ডেৰ সহস্ৰাধিক বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা - Heat Wave In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.