ETV Bharat / state

মদ-ভাঙৰ ঘাটিলৈ পৰিণত ৭০ লাখ টকীয়া মাছৰ পোনা উৎপাদন কেন্দ্ৰ - Fish Seed Farm

Department of Fisheries : লাখ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা চৰকাৰী আঁচনি এতিয়া পৰিণত হৈছে ভালুকৰ সাঙীত ৷ অভিযোগ অনুসৰি নিশা হ'লেই এই কেন্দ্ৰৰ ভিতৰত চলে মদ, ভাং আৰু ড্ৰাগছৰ আড্ডা ৷ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই মাছৰ পোনা উৎপাদন কেন্দ্ৰৰ বহু মূল্যৱান সামগ্ৰী লৈ গ'ল চোৰে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:29 PM IST

BOKAKHAT FISH SEED FARM
চৰকাৰী আঁচনি এতিয়া পৰিণত হৈছে ভালুকৰ সাঙীত (ETV Bharat Assam)

গোলাঘাট, 20 জুলাই : বোকাখাতত চৰকাৰী ধনৰ শৰাধ ৷ লাখ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা চৰকাৰী আঁচনি এতিয়া পৰিণত হৈছে ভালুকৰ সাঙীত ৷ আঁচনিৰ আন্তঃগাথঁনি সম্পূৰ্ণ হোৱাৰ পাচতো এতিয়া মদ-ভাঙৰ ঘাটিলৈ পৰিণত হৈছে এই স্থান ৷ সত্তৰ লাখৰো অধিক ধন ব্যয়েৰে নিৰ্মাণ কৰা এই আঁচনিৰ বহু মূল্যৱান সামগ্ৰী নিলে চোৰে ৷ তথাপিও কাণসাৰ নাই চৰকাৰ তথা প্ৰশাসনৰ ৷

বোকাখাতত বগাহাতীত পৰিণত মাছৰ পোনা উৎপাদন কেন্দ্ৰ ৷ চৰকাৰী ধনৰ অপচয়ৰ এক জলন্ত নমুনা হ’ল এই মাছৰ পোনা উৎপাদন কেন্দ্ৰ ৷ 73 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই মাছৰ পোনা উৎপাদন কেন্দ্ৰৰ বহু মূল্যৱান সামগ্ৰী লৈ গ'ল চোৰে ৷ অসম চৰকাৰৰ মীন বিভাগে 73 লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা মাছৰ পোনা উৎপাদন কেন্দ্ৰত বৰ্তমান মাছৰ পোনাৰ পৰিৱৰ্তে পোৱা যায় মদৰ বটল, ভাং, ড্ৰাগছৰ অৱশিষ্ট ৷ অভিযোগ অনুসৰি নিশা হ'লেই এই কেন্দ্ৰৰ টেংকৰ ভিতৰত চলে মদ, ভাং আৰু ড্ৰাগছৰ আড্ডা ৷

লগতে পঢ়ক : আৰম্ভণিৰ পৰাই বিফল চৰকাৰ : দ্বিতীয় পৰ্যায়ত ধান ক্ৰয়ৰ লক্ষ্য 83,900 মেট্ৰিক টনলৈ হ্ৰাস - Paddy procurement scheme

2023 চনৰ 24 আগষ্টত মন্ত্ৰী অতুল বৰাই শুভ উদ্বোধন কৰা মাছৰ পোনা উৎপাদন কেন্দ্ৰটোৰ বহু মূল্যৱান সামগ্ৰী লৈ গ'ল চোৰে ৷ কেন্দ্ৰটোৰ পানী যোগানৰ বাবে স্থাপন কৰা মূল পানী মটৰসহ বহু সামগ্ৰী চোৰে লৈ যোৱা সংক্ৰান্তত গোলাঘাট জিলাৰ মীন পালন বিষয়াই বোকাখাত থানাত এজাহাৰ দাখিল কৰিয়েই দায়িত্ব সামৰিছে ৷ কেন্দ্ৰটো চোৱাচিতা কৰিবলৈ নাই কোনো চকীদাৰ অথবা কৰ্মচাৰী ৷

মন্ত্ৰী অতুল বৰাই কেন্দ্ৰটো উদ্বোধন কৰাৰ দিনাই মাছৰ পোনা উৎপাদনৰ নমুনা দেখুৱাইছিল যদিও তাৰ পাচৰে পৰা কোনোধৰণৰ পোনা উৎপাদনকাৰ্য সম্পাদন হোৱা নাই ৷ কোনো ৰখীয়া নথকাৰ সুযোগ লৈ কেন্দ্ৰটোত এতিয়া চলে মদ, ভাং, ড্ৰাগছৰ আড্ডা ৷ ইয়াকে লৈ বোকাখাতৰ বিভিন্ন দল-সংগঠনৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ স্বয়ং মন্ত্ৰী অতুল বৰাৰ উপস্থিতিকো আওকাণ কৰি, মীন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে সম্ভাৱনাপূৰ্ণ এই মীনক্ষেত্ৰ কেনেকৈ এলাগী কৰিছে সিও চিন্তনীয় বিষয় ৷

লগতে পঢ়ক : বন্য আইন উলংঘা কৰাৰ অভিযোগ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে - Wild Elephant Death In Golaghat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.