ETV Bharat / state

এয়াই নেকি উন্নয়ন ? বছৰ বছৰ ধৰি বাঁহৰ দলঙেই যাতায়তৰ সম্বল - Dilapidated bamboo bridge

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 1:35 PM IST

Dilapidated bamboo bridge : বাট-পথৰ উন্নয়নৰ নামত চৰকাৰে ঢাক-ঢোল বজোৱাৰ সময়ত এইবাৰ পোহৰলৈ আহিছে আন এখন ছবি । বছৰ বছৰ ধৰি বাঁহৰ দলঙেই সম্বল হৈ আহিছে এটা অঞ্চলৰ ৰাইজৰ । চৰকাৰক আবেদন নিবেদন কৰিও বিফল ৰঙিয়াৰ সমীপৰ বৃহত্তৰ এটা অঞ্চলৰ প্ৰায় চল্লিশখন গাঁৱৰ ৰাইজ ।

Dilapidated bamboo bridge
বছৰ বছৰ ধৰি বাঁহৰ দলঙেই যাতায়তৰ সম্বল (ETV Bharat Assam)

ৰঙিয়া, ২৮ জুলাই : স্বাধীনতাৰ ৭৭ পিচতো ৰঙিয়াৰ সমীপৰ বৰঘুলি সানেকুছি-২ নং চিকনিবাৰী দ্বাৰকুছি সংযোগী পথৰ বৰলীয়া নৈৰ ওপৰত নিৰ্মাণ নহ'ল দলং । গাঁঠিৰ ধন ভৰি এই দুৰ্বল দলঙেৰে বিপজ্জনকভাৱে যাতায়ত কৰি অতিষ্ঠ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় চল্লিশখন গাঁৱৰ ৰাইজ । অঞ্চলটোৰ এনে এক জ্বলন্ত সমস্যা সমাধানৰ বাবে চৰকাৰক আবেদন নিবেদন কৰিও বিফল হৈছে গাঁওবাসী ।

বিটিচি শাসনৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ :

এই বাঁহৰ দলংখনৰ ওপৰেৰে যাতায়ত কৰিলে মানুহজনে প্ৰতি ৫ টকা, চাইকেলৰ বাবে ২০ টকা আৰু বাইকৰ বাবদ ৫০ টকা পৰ্যন্ত আদায় দিব লগা হয় । এয়াই হৈছে বিটিচি শাসনৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । এই দলংখন কামৰূপ আৰু বাক্সা জিলাৰ সীমান্তৰ বৰঘুলি সানেকুছি-২ নং চিকনিবাৰী দ্বাৰকুছি সংযোগী পথৰ বৰলীয়া নৈৰ ওপৰত । দ্বাৰকুছি-তুলসীবাৰীৰ পৰা কাউৰবাহা হৈ গোৰেশ্বৰলৈ প্ৰায় ৪০ খন গাঁৱৰ ৰাইজে যাতায়ত কৰে এই বাঁহৰ দলংখনেৰে ।

চৰকাৰে প্ৰতিশ্ৰুতি পাহৰি যোৱাৰ অভিযোগ :

ৰাইজে উল্লেখ কৰা মতে, ইয়াত এখন পকী দলং নিৰ্মাণ কৰিবলৈ বিটিচি আৰু বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । উপায়বিহীন হৈ গঞা ৰাইজৰ সহযোগত কেইজনমান লোকে প্ৰত্যেক বছৰে এই বাঁহৰ দলংখন নিৰ্মাণ কৰি উলিয়ায় । নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিসকলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিচতে সকলো আশ্বাস-প্ৰতিশ্ৰুতি পাহৰি যায় ।

কি কংগ্ৰেছ, কি বিজেপি কোনো এটা দলৰ মন্ত্ৰী-বিধায়কে আজিলৈকে নিদিলে পকী দলং নিৰ্মাণত গুৰুত্ব । বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ লগতে শিশুৰ পৰা মহিলা-বৃদ্ধলৈকে মৰণত শৰণ কৰি যাতায়ত কৰি আহিছে বুলি গঞা ৰাইজে উল্লেখ কৰে ।

ৰাইজে সংবাদ মাধ্যমৰ আগত অৱগত কৰা মতে, বাৰিষাৰ সময়ত কোনো লোকৰ বেমাৰ-আজাৰ হ'লে দলঙৰ অভাৱত প্ৰায় ১৫ কিলোমিটাৰ ঘূৰি এম্বুলেঞ্চৰে ৰোগীক চিকিৎসালয়লৈ নিব লগা হয় । শীঘ্ৰে ইয়াত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী জনায় । অন্যথা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক: জৰাজীৰ্ণ বাঁহৰ দলঙেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা - Poor Transportation System

দলং নিৰ্মাণৰ দাবীৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ধৰ্ণা - Protest against BTR chief

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.