ডিব্ৰুগড় : জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং-পাটকায়ে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰাৰ পিছতে দেশী-বিদেশী পৰ্যটকে প্ৰতি বছৰে ভিৰ কৰেহি এই ৰাষ্ট্ৰীয় উদ্যানখনত । ২০০৪ চনতে ডিব্ৰুগড় জিলাৰ জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ ৯০০ বৰ্গ কিলোমিটাৰ সামৰি দিহিং পাটকায়ে এই স্বীকৃতি লাভ কৰিছিল ।
অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত এখন অন্যতম ৰাষ্ট্ৰীয় উদ্যান হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান । এই ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা সৰু-বৰ জলপ্ৰপাতসমূহে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
স্তন্যপায়ী জীৱ, ৩০০ প্ৰজাতিৰ পক্ষী, ৩৫ টা প্ৰজাতিৰ মাছ, ৪০ তকৈ অধিক সৰীসৃপ প্ৰজাতি, ভালুক, উৰণীয়া কেৰ্কেটুৱা, বন গাহৰি, বিলুপ্তপ্ৰায় হলৌ বান্দৰ আৰু ১০৮ টা প্ৰজাতিৰ অৰ্কিডেৰে ভৰপূৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিছে ।
ইয়াৰ মাজতে ৰং-বিৰঙৰ পখিলাৰে জিলিকি উঠিছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান । ৰং-বিৰঙী পখিলাৰ সমাহাৰে অধিক প্ৰাণৱন্ত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনক । পাখি লাহি পখিলাৰ নান্দনিক দৃশ্য চাবলৈ ৰাষ্ট্ৰীয় উদ্যানখনত ভিৰ কৰেহি দেশী-বিদেশী পৰ্যটকে । প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় ৯৬২ বিধ প্ৰজাতিৰ পখিলাৰ আৱাসস্থল হিচাপে অসম চিহ্নিত হৈছে ৷ তাৰ ভিতৰত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় তিনি শতাধিক পখিলা সহজে দেখা পোৱা যায় ।
বিভিন্ন সময়ত এইসমূহ পখিলা ওচৰৰ পৰা এবাৰ চাবলৈ ভিৰ কৰেহি চীন, জাপান, চৌদি আৰব, আফগানিস্তান, শ্ৰীলংকা, অষ্ট্ৰেলিয়া আদিকে কৰি বহুকেইখন দেশৰ পৰ্যটকে ।
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত জিলিকি উঠা ৰং-বিৰঙৰ পখিলা সন্দৰ্ভত কি কয় প্ৰকৃতিপ্ৰেমীয়ে
এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে কয়, "প্ৰকৃতিৰ ৰম্যভূমি হিচাপে পৰিচিত হৈ উঠা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান নানা ৰঙৰ ভিন্ন প্ৰজাতিৰ পখিলাৰ সমাহাৰ ঘটিছে । ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন সময়ত বিভিন্ন প্ৰজাতিৰ পখিলাসমূহ দেখিবলৈ পোৱা যায় । এককথাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পখিলাৰ ভূ-স্বৰ্গ বুলি ক'ব পাৰি । এই ৰং-বিৰঙৰ পখিলা চাবলৈ দেশী-বিদেশী পৰ্যটকে ভিৰ কৰেহি ।"