ETV Bharat / state

কেনে আছে স্বাধীনতাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই আত্মগোপন কৰা গাঁওখন ? - Rabha Divas 2024

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 4:24 PM IST

Rabha Divas observe : আপুনি বাৰু জানেনে স্বাধীনতাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই আত্মগোপন কৰা গাঁওখন ক’ত আছে ? কেনে আছে সেই গাঁওখনৰ মানুহবোৰ ?

Rabha Divas observe
কেনে আছে স্বাধীনতাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই আত্মগোপন কৰা গাঁওখন ? (ETV Bharat Assam)

বাক্সা, ২০ জুন : বিষ্ণুপ্ৰসাদ ৰাভা, নামেই যাৰ পৰিচয় ৷ যিয়ে প্ৰতিটো পল সমাজৰ হকে, কৃষক-বনুৱাৰ হকে কাম কৰি অসমীয়া জাতিটোক দি থৈ গৈছে অমূল্য অৱদান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও সজীৱ হৈ আছে আছে ৰাভাৰ আভা ৷

আহকচোন যাওঁ আমি ৰাভাৰ জ্যোতিৰে পোহৰ বিলোৱা এখন গাঁৱলৈ ৷ এই ঠাইখন হৈছে বৰমাৰ দীঘেলী গাঁও ৷ দীঘেলী গাঁৱত আজিও সজীৱ হৈ আছে ৰাভাৰ সেই চিনাকী সুৱাস ৷ সেই গাঁৱৰ বুঢ়া-মেথাসকলে কোৱা অনুসৰি, কৃষক-বনুৱাৰ মুক্তিৰ মন্ত্ৰ লৈ সমাজবাদী চিন্তাৰে প্ৰতিবাদী কন্ঠ হৈ বাক্সা জিলাৰ বৰমাৰ দীঘেলীত আত্মগোপন কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৷

আনকি স্বাধীনোত্তৰ অসমৰ অভিবক্ত কামৰূপ জিলাৰ দীঘেলী অঞ্চলৰ জমিদাৰী প্ৰথা তথা কৃষকৰ সমস্যা সমাধান আৰু মুক্তিৰ বাবে বিষ্ণু ৰাভাৰ নেতৃত্বত আন্দোলন গঢ় লৈ উঠিছিল । গীত, মাতৰ জৰিয়তে তেওঁ আন্দোলনৰ প্ৰতি ৰাইজক সজাগ কৰিছিল । ১৯৪৮ চনৰ পৰা চাৰি বছৰ আত্মগোপন কৰি থকাৰ সময়ছোৱাত বিষ্ণুপ্ৰসাদ ৰাভা বৰমাৰ দীঘেলী গাঁৱলৈ আহিছিল ।

লগতে পঢ়ক : আজি বিষ্ণু ৰাভা দিৱস, জানো আহক এইগৰাকী মহান ব্যক্তিৰ জীৱনৰ ইটো-সিটো - Rabha Divas 2024

দীঘেলী গাঁৱতে সেই সময়ত কেইবাজনো গণ্যমান্য ব্যক্তিয়ে তেওঁক সংগ দিছিল । আনকি মদন মেধি, চমিৰ উদ্দিন আহমেদ, ৰতি স্বৰ্গিয়াৰী আদিয়ে আগভাগ লৈছিল । বিষ্ণু প্ৰসাদ ৰাভাই দীঘেলী অঞ্চলৰ ৰাইজৰ হৈ প্ৰতিটো মুহূৰ্ততে যুঁজ দিছিল ।

এইবোৰৰ উপৰিও তেওঁ দীঘেলী অঞ্চলত এটা মিলিটেন্ট বাহিনী গঢ়ি তুলিছিল । সেই সময়ত টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ভূমি বাৰী সংক্ৰান্তীয় কাৰণতেই জ্বলাই দিয়া হৈছিল । বৃহত্তৰ দীঘেলী অঞ্চলত চলিছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ একনায়কত্ববাদ ।

তেওঁৰ কথা আছিল শিলৰ ৰেখা । কোনো ব্যক্তিয়ে তেওঁৰ কথা অৱজ্ঞা কৰা নাছিল । আত্মগোপন কৰা সময়ত গণ সংগীত আৰু ফুটবলৰ যোগেদি তেওঁ ডেকা-বুঢ়া সকলোকে একত্ৰিত কৰিবলৈ বিষ্ণুপ্ৰসাদ ৰাভাই চেষ্টা কৰিছিল আৰু সফলো হৈছিল ।

সেই অতীতৰ স্মৃতি আজিও সোঁৱৰে গাঁওবাসীয়ে । আজি ২০ জুন ৷ সমগ্ৰ অসমে পালন কৰিছে বিষ্ণু ৰাভা দিৱস । বিষ্ণু ৰাভা আছিল মুক্তিৰ পথৰ পথিক ৷ সাধাৰণ জনতাৰ বাবে আকৌ সেই পথিকগৰাকী অৰ্থাৎ বিষ্ণু ৰাভাৰ দৰে সত্তাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে গাঁওবাসীয়ে ।

উল্লেখ্য যে, প্ৰতিবছৰে দীঘেলীবাসী ৰাইজে বিষ্ণু ৰাভা দিৱস পালন কৰি আহিছে ৷ কিন্তু আজিও ৰাভাৰ স্মৃতি যুগমীয়া কৰাৰ ক্ষেত্ৰত বিভাগীয় ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ৷ এয়া গাঁওবাসীৰ মন্তব্য । তাকেই লৈ আজিও দুখ প্ৰকাশ কৰে গাঁওবাসীয়ে ।

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীৰ তেজপুৰ ভ্ৰমণ; কেইবাটাও অনুষ্ঠানত কৰিব অংশগ্ৰহণ - Assam CM Tezpur visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.