তিনিচুকীয়া : দেওবাৰৰ পৰা তৈলনগৰী ডিগবৈ মুলীয়াবাৰী খেলপথাৰত আৰম্ভ ডিগবৈ গ্ৰন্থমেলা । স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াসৰ উদ্যোগত ১ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় এই গ্ৰন্থমেলা ৷ এই গ্ৰন্থমেলাত আয়োজক সমিতিৰ সম্পাদক মনোৰঞ্জন দাসে আঁতধৰা শুভ উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে গ্ৰন্থমেলাৰ দ্বাৰা ফিটা কাটি শুভাৰম্ভ কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ।
আয়োজক সমিতিৰ সভাপতি কমল বসুমতাৰীয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ পাছতেই ডিগবৈ আই অ চিৰ কাৰ্যবাহী সঞ্চালক অজয় কাইলা আৰু মন্ত্ৰী সঞ্জয় কিষাণে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি উপস্থিত সকলোকে উৎসাহিত কৰে । ইয়াৰ পিছতেই তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকৰ অন্তৰংগ আলাপ অনুষ্ঠিত কৰা হয় ।
![Digboi hosts 8 days long book fair 2024](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-12-2024/a-801to809-digboi-bookfair-as10052_01122024182950_0112f_1733057990_919.jpg)
সু-সমাজ সংগঠক তথা সাংবাদিক ৰাণাজ্যোতি নেওগে পৰিচালনা কৰা অন্তৰংগ আলাপ অনুষ্ঠানত সাংবাদিকসকলে ভাওনাৰ বচন, শ্বায়েৰী, কবিতা আবৃত্তি, মনৰ অনুভৱ প্ৰকাশ কৰি গ্ৰন্থমেলাৰ বাকৰি জীপাল কৰি তোলে। সমান্তৰাল কৈ গ্ৰন্থমেলাৰ বাকৰিত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত স্থানীয় বিদ্যালয়সমূহৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
সমাজকৰ্মী, যুৱনেতা অশোক শৰ্মাই চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰি প্ৰতিযোগীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । দেওবাৰে সন্ধিয়ালৈ স্থানীয় শিল্পীৰ দ্বাৰা ৰাসনৃত্য, গজল, বৰগীত আদি পৰিৱেশনৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে ।
উল্লেখযোগ্য যে, প্ৰায় ১৪ বছৰৰ মূৰত অনুষ্ঠিত ডিগবৈ গ্ৰন্থমেলাত অসমৰ বিভিন্ন অঞ্চলৰ শতাধিক কিতাপৰ বিপনী, থলুৱা খাদ্য বিপনী, থলুৱা বস্ত্ৰ বিপনী আদিয়ে অংশগ্ৰহণ কৰিছে । গ্ৰন্থমেলাস্থলীৰ পৰাই আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ৰমনি বুঢ়াগোঁহায়ে আঠোটা দিনৰ বৰ্নাঢ্য কাৰ্যসূচীত সকলোৰে সহযোগিতা কামনা কৰিছে ৷
দেওবাৰে আৰম্ভণিৰ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে আই অ চি (এ অ ডি)ৰ কাৰ্যবাহী সঞ্চালক তথা ৰিফাইনেৰী মুৰব্বী অজয় কাইলা, মহাপ্ৰৱন্ধক তথা আয়োজক সমিতিৰ সভাপতি কমল বসুমতাৰী, শিক্ষাবিদ অনিল চন্দ্ৰ শইকীয়া, সমাজকৰ্মী জিতেন দত্ত, যুৱনেতা অশোক শৰ্মা, ছাত্ৰ নেতা উৎপল গগৈ, বিশিষ্ট কবি লেখিকা নিৰুপমা গোস্বামী, তিনিচুকীয়া জিলা বিজেপি মহিলা মৰ্চাৰ সম্পাদক পাৰুল গগৈ, সাহিত্যিক দ্বীপেন কুমাৰ বড়াকে আদিকৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।