গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী : সোমবাৰে প্ৰতিবাদৰ ধ্বনিত কঁপি উঠিল দিছপুৰ লাষ্টগেট ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত চৰকাৰৰ বিৰুদ্ধে মহানগৰীৰ দিছপুৰ লাষ্টগেটৰ সমীপত দিব্যাংগসকলে সাব্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচী । দিব্যাংগসকলৰ উন্নতিৰ হকে দিব্যাংগ মঞ্চ অসমৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।
প্ৰতিবাদকাৰীৰ দাবী, দীনদয়াল দিব্যাংগ পেন্সন পূৰ্বৰ নিয়ম অনুসৰি নিয়মীয়া কৰা, অৰুণোদয় আঁচনিৰ পৰা পৃথক কৰি ১০০০ টকাৰ পৰিবৰ্তে ৫০০০ টকা কৰা, মহানগৰীৰ মাজমজিয়াত দিব্যাংগসকলৰ বাবে আশ্ৰয়গৃহ নিৰ্মাণ কৰা ৷ এইবোৰৰ উপৰিও দিব্যাংগ নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষিত পদসমূহত যাতে ভুৱা দিব্যাংগই নিযুক্তি লাভ নকৰে তাৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
প্ৰতিবাদী দিব্যাংগ মঞ্চ অসমৰ সম্পাদক চেমিম আহমেদে কয়, ‘‘অসম চৰকাৰে দিব্যাংগসকলক পদপথৰ ভিক্ষাৰী কৰি পেলাইছে । দিব্যাংগ মঞ্চ অসমে, আমাৰ প্ৰাপ্য বিচাৰি বাৰে বাৰে আন্দোলন কৰি আহিছো । কিন্তু তাৰ পাচতো অসম চৰকাৰে আমাৰ দাবীসমূহ পূৰণ নকৰিলে । চৰকাৰে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বন্ধ কৰি অৰুণোদয়লৈ সলনি কৰি দিছে । অৰুণোদয় আঁচনিৰ ধন মাত্ৰ ৩০ হাজাৰ দিব্যাংগই পাইছে । পূৰ্বে ১ লাখ ৬০ হাজাৰ দিব্যাংগই দীনদয়াল দিব্যাংগ পেন্সনৰ ধন পাইছিল’’ ।
লগতে তেওঁ আৰু কয়, ‘‘আমাক অৰুণোদয় নালাগে, তাৰ পৰিৱৰ্তে চৰকাৰে দীনদয়াল দিব্যাংগ পেন্সন আঁচনিখন বাহাল ৰাখিব লাগে । মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক লৈ কেৱল ভোট বেংকৰহে ৰাজনীতি কৰিছে । সেয়ে আমি আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে আজি ৰজপথত আহিছো’’ ।
লগতে পঢ়ক : নাৰী দেহ ব্যৱসায়ী চক্ৰক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল দিব্যাংগ মাধৱ দাসে