ETV Bharat / state

আৰক্ষীৰ জালত বিতৰ্কিত বিশাল ফুকন : পলাতক তেওঁৰে ঘনিষ্ঠ এগৰাকী অভিনেত্ৰী ! - Stock Market Investment Scam

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 1:21 PM IST

Investment In Stock Market : ৰাজ্যত এতিয়া চৰ্চা চলিছে ষ্টক মাৰ্কেটত কৰা বিনিয়োগক কেন্দ্ৰ কৰি হোৱা প্ৰৱঞ্চনাক লৈ । শেহতীয়াকৈ একাংশই ষ্টক মাৰ্কেটত অধিক লাভবান হোৱাৰ আশাৰে ধন বিনিয়োগ কৰিছিল যদিও প্ৰৱঞ্চনাৰ জাল ফাদিল হোৱাত মূৰত ভাগি পৰিছে সৰগ । ইতিমধ্যে মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ ২২ বছৰীয়া বিশাল ফুকন ৷ আনহাতে এই সমগ্ৰ ঘটনাত নাম সাঙোৰ খাইছে এগৰাকী অসমীয়া অভিনেত্ৰীৰো ৷ জানিব পৰা মতে বিশালক গ্ৰেপ্তাৰ কৰাৰে পৰা সন্ধান নাই তেওঁৰে ঘনিষ্ঠ অভিনেত্ৰীগৰাকীৰ ৷

Investment In Stock Market
গ্ৰেপ্তাৰ ডিব্ৰুগড়ৰ ২২ বছৰীয়া অভিযুক্ত (ETV Bharat Assam)

মৰাণ, ৩ ছেপ্টেম্বৰ : চৰ্চাৰ মাজতেই গ্ৰেপ্তাৰ হ'ল ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগত অভিযুক্ত বিশাল ফুকন ৷ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ বিশাল ফুকনৰ ফ্লেটত সোমবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলোৱাৰ পিচত সোধ-পোছৰ অন্তত বিশাল ফুকনৰ লগতে আন এজনক গ্ৰেপ্তাৰ কৰে । প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ বিশাল ফুকনৰ ফ্লেটত আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হৈছে বহু নথি পত্ৰ । আৰক্ষীয়ে জব্দ কৰিছে লেপটপ ।

  • চৰ্চাত প্ৰৱাঞ্জলী এপাৰ্টমেন্ট :

অনলাইন ট্ৰেডিঙৰ জৰিয়তে অবৈধ বিশাল সম্পত্তি গঢ়ি গ্ৰেপ্তাৰ ডিব্ৰুগড়ৰ ২২ বছৰীয়া অভিযুক্তজন । এই ঘটনা সংক্রান্তত আৰু এজন যুৱকক ডিব্ৰুগড় আৰক্ষীয়ে পুৱতি নিশা গ্ৰেপ্তাৰ কৰে । বিশাল ফুকনক ডিব্ৰুগড়ৰ বিষ্ণু নগৰৰ প্ৰৱাঞ্জলী এপাৰ্টমেন্টৰ পৰা আটক কৰি নিশা লৈ যোৱা হৈছিল ডিব্ৰুগড়ৰ সদৰ থানালৈ ।

বিশালৰ এপাৰ্টমেন্টত আৰক্ষীয়ে ৪ ঘন্টা ধৰি চলাইছিল তালাচী । প্ৰৱাঞ্জলী এপাৰ্টমেন্টত বিশাল থকা ৫০৩ নম্বৰ ফ্লেটত আৰক্ষীয়ে অভিযান চলাই বহুৰ আপত্তিজনক নথি-পত্ৰ জব্দ কৰা লগতে লেপেটকটাত কম্পিউটাৰ জব্দ কৰিছে ।

  • বিশাল ফুকনৰ গ্ৰুপৰ আন এজন গ্ৰেপ্তাৰ :

আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত বিশাল ফুকনৰ গ্ৰুপৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে । আনহাতে, বিশালৰ বহু কেইজন সহযোগীক বিচাৰি ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই আছে । অসমৰ এগৰাকী অভিনেত্ৰীক বিচাৰি অভিযান আৰম্ভ কৰা বুলি সদৰী কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । বিশাল ফুকনৰ এই কোটি টকাৰ প্ৰৱঞ্চনাৰ নাটকখনত জড়িত আছে অভিনেত্ৰীগৰাকী ।

তদন্তৰ খাতিৰত নিশা গ্ৰেপ্তাৰ কৰা বিশাল ফুকনৰ সহযোগী যুৱকজনৰ নাম ৰাজহুৱা কৰা নাই আৰক্ষীয়ে। আজি আদালতত হাজিৰ কৰাই বিশাল ফুকন আৰু আন সহযোগীক পুনৰ নিজৰ জিম্মাত ল'ব আৰক্ষীয়ে ।

  • অভিযুক্তৰ স্পষ্টীকৰণ :

উল্লেখ্য যে ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতেই নিজৰ সামাজিক মাধ্যমত স্পষ্টীকৰণ দিছিল অভিযুক্ত বিশাল ফুকনে । কিন্তু সোমবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ পৰা ধনকুবেৰ বিশাল ফুকনক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে । কাৰ অভিযোগৰ ভিত্তিত বিশালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সেই কথা জনাবলৈ দিয়া নাই যদিও নিশা এটা গোচৰ বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰুজু হৈ থকাৰ কথা জনাইছে ডিব্ৰুগড় আৰক্ষীয়ে ।

ৰাজ্যত যিহেতু ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত বহু লোক প্ৰৱঞ্চনাৰ বলি হৈছে এই ক্ষেত্ৰত অসম আৰক্ষী কঠোৰ হোৱাৰ ইংগিত দিছিল DB stockৰ নামত দীপাংকৰ বৰ্মনে কোটি টকা লুটি নিয়াৰ কাহিনী পোহৰলৈ অহাৰ পাচতে । তেনেস্থলত ব্যাপক চৰ্চাত থকা ডিব্ৰুগড়ৰ বিশাল ফুকনৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰাৰ সম্ভাৱনা আছে ।

আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সমগ্ৰ ঘটনাক লৈ মুখ খুলিলে সকলো কথা পোহৰলৈ আহিব । আৰক্ষী সুত্ৰই এটা কথা নিশ্চিত কৰিছে বিশাল ফুকনক জেৰা চলোৱাৰ পাছতে তেওঁৰ সহযোগীক বিচাৰি ডিব্ৰুগড়ৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।

  • ধন লোৱাৰ প্ৰমাণ থকা নথি-পত্ৰ উদ্ধাৰ :

অতি কম সময়ত আন সহযোগীসকল গ্ৰেপ্তাৰ হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে । ৰাজ্যৰ বহু অভিনেতা-অভিনেত্ৰী, ৰাজনৈতিক নেতা, চিকিৎসক আৰু ব্যবসায়ী ২২ বছৰীয়া বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ বলি হৈছে । প্ৰৱঞ্চকজনে বহু লোকৰ পৰা ৩ৰ পৰা ১৫ লাখ পৰ্যন্ত নগদ ধন লৈছিল । বহুতকে নটাৰী কৰি দিছিল বিশালে । বিশালৰ ফ্লেটত বহু ধন লোৱাৰ প্ৰমাণ থকা নথি-পত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । নিশাই বিশাল ফুকন আৰু সহযোগীক স্বাস্থ্য পৰীক্ষা কৰাই আৰক্ষীয়ে ।

  • অভিনেত্ৰীক বিচাৰি আৰক্ষীৰ অভিযান :

ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত কোটি কোটি টকা লুন্ঠন কৰাৰ অভিযোগ উত্থাপিত বিশাল ফুকনৰ অতি ঘনিষ্ঠ এগৰাকী অভিনেত্ৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে । অভিনেত্ৰীগৰাকীৰ ডিব্ৰুগড়ৰ বানীপুৰস্থিত বাসগৃহত নিশা আৰক্ষীয়ে অভিযান চলাই যদিও তেওঁৰ কোনো সন্ধান নাপালে । ইপিনে, এইগৰাকী অভিনেত্ৰীৰ গুৱাহাটীৰ বাসগৃহত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা আই ফোন ।

লগতে পঢ়ক:আৰক্ষীৰ জালত প্ৰৱঞ্চক বিশাল ফুকন - Bishal Phukan Detain

মহানগৰীৰ ডি বি ষ্টক কনছালটেন্সীয়ে গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ - investment in stock market

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.